তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চিবিএফচি-ৰ আঞ্চলিক কাৰ্য্যালয়, গুৱাহাটীয়ে চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ সন্দৰ্ভত নাগৰিক আৰু অংশীদাৰসকললৈ পৰামৰ্শ জাৰি কৰিছে

অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত কঠোৰ শাস্তি বিহা হ’ব

পোষ্ট কৰা হৈছে: 02 JUL 2025 4:53PM by PIB Guwahati

চেন্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন (CBFC)-ৰ আঞ্চলিক কাৰ্য্যালয়, গুৱাহাটীয়ে দ্য চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ আৰু ইয়াৰে সম্পৰ্কীয় নিয়মাৱলীৰ অধীনত মূল বিধান আৰু অপৰাধ সম্পৰ্কে জনসাধাৰণক সজাগ কৰিবলৈ এলানি গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিছে। এই পৰামৰ্শৱলীয়ে এটি দায়বদ্ধ চিনেমেটিক বাতাবৰণ নিশ্চিতকৰণ, চলচ্চিত্ৰ উদ্যোগৰ অখণ্ডতা অক্ষুণ্ণ ৰখা আৰু জনশৃংখলা তথা নৈতিকতা ৰক্ষাৰ ক্ষেত্ৰত এই আইনসমূহ মানি চলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে।

ভাৰতৰ ৰাজহুৱা প্ৰদৰ্শনৰ বাবে চলচ্চিত্ৰৰ প্ৰমাণীকৰণৰ বিধিগত কৰ্তৃপক্ষ হিচাপে চিবিএফচি-এ নিৰ্দেশ প্ৰদান কৰিছে যে ৰাজহুৱা দৰ্শনৰ বাবে উদ্দেশ্য কৰা সকলো চলচ্চিত্ৰ মুক্তিৰ পূৰ্বে প্ৰমাণিত হ’ব লাগিব। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে গুৱাহাটীস্থিত আঞ্চলিক কাৰ্য্যালয়ক ইয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

ইয়াত চিনেমেট’গ্ৰাফ আইনৰ উলংঘন কাৰ্য্যক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয় বুলি উল্লেখ কৰা হৈছে। এইসমূহ হৈছে অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন, প্ৰমাণিত শিতানক উলংঘনেৰে বিষয়বস্তু প্ৰদৰ্শন, অকৰ্তৃত্বশীল ৰেকৰ্ডিং বা ট্ৰেন্সমিচনৰ জৰিয়তে পাইৰেচি আৰু বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলচ্চিত্ৰৰ প্ৰদৰ্শন কাৰ্য্য। এনে অপৰাধসমূহ বহুলাংশে চিনাক্তকৰণযোগ্য আৰু জামিন-বিহীন, অৰ্থাৎ এনে উলংঘাকাৰীক ৱাৰেন্ট অবিহনে গ্ৰেপ্তাৰ কৰিব পাৰি আৰু আদালতৰ বিবেচনা অনুসৰি জামিন প্ৰদান কৰা হয়।

আইনখনৰ অধীনত কঠোৰ শাস্তিৰ ব্যৱস্থা আছে, যথাঃ তিনি বছৰ পৰ্য্যন্ত কাৰাদণ্ড, পাইৰেচিৰ ক্ষেত্ৰত ১ লাখ টকা পৰ্য্যন্ত বা নিৰ্দিষ্ট চলচ্চিত্ৰৰ অডিট কৰা মুঠ প্ৰডাকচন ব্যয়ৰ ​​৫% জৰিমনা ​​আৰু উলংঘন কাৰ্য্য অব্যাহত থকাৰ বেলিকা দৈনিক অতিৰিক্ত জৰিমনা আদি। তদুপৰি ব্যৱহৃত আহিলাৰ লগতে আপত্তিজনক চলচ্চিত্ৰ চৰকাৰীভাৱে জব্দ হ’ব পাৰে।

চিবিএফচি-এ জনসাধাৰণক চলচ্চিত্ৰৰ প্ৰমাণীকৰণ— যেনেঃ ইউ, ইউ/এ, এ আৰু এছ— আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নাগৰিকসকলক এনে কোনো উলংঘন কাৰ্য্য সম্পৰ্কে স্থানীয় কৰ্তৃপক্ষক অৱগতকৰণৰ লগতে আইনীভাৱে প্ৰমাণিত বিষয়বস্তুৰ প্ৰদৰ্শনীলৈ সক্ৰিয়ভাৱে সমৰ্থন জনাবলৈ উৎসাহিত কৰা হৈছে।

২ জুলাই, ২০২৫-ৰ বিশদ পৰামৰ্শৱলীৰ বাবে ইয়াত (here) ক্লিক কৰক।

***

Pavni Gupta/Sucharita Sahoo/SB
 


(ৰিলিজ আই ডি : 2141600) অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক: English