সাংস্কৃতিক মন্ত্ৰালয়
পৰম্পৰা আৰু বিজ্ঞানৰ একত্ৰীকৰণঃ গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত নতুন সুবিধা মুকলি
পোষ্ট কৰা হৈছে:
20 JUN 2025 7:04PM by PIB Guwahati
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ অন্যতম গোট গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰই ইয়াৰ খানাপাৰা চৌহদত বৈজ্ঞানিক উদ্ভাৱন আৰু ডিজিটেল প্ৰসাৰণৰ সৈতে পৰম্পৰাগত জ্ঞান ব্যৱস্থাক একত্ৰিত কৰাৰ লক্ষ্যৰে তিনিটা নতুন সুবিধা মুকলি কৰে।
নতুনকৈ মুকলি কৰা সুবিধাসমূহৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত ঔষধৰ সন্দৰ্ভত এক গেলেৰীও আছে, যিটো অঞ্চলটোৰ ভিতৰতে প্ৰথম আৰু ই খিলঞ্জীয়া জনগোষ্ঠীৰ নৃতাত্ত্বিক উদ্ভিদবিজ্ঞানৰ পদ্ধতিসমূহৰ প্ৰতি উৎসৰ্গিত; দ্বিতীয়তে, জৈৱ বৈচিত্ৰ্য আৰু বহনক্ষম স্বাস্থ্যসেৱাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে থলুৱা ঔষধি উদ্ভিদ প্ৰদৰ্শন কৰা এখন ঔষধি বাগিচা; আৰু তৃতীয়তে, ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি চেটবট ভিত্তিক, নগদবিহীন অনলাইন টিকটিং ব্যৱস্থা উদ্বোধন কৰা হয়, যাৰ লক্ষ্য হৈছে দৰ্শকৰ সুবিধা বৃদ্ধি কৰা।
উদ্বোধনী অনুষ্ঠানত সুবিধাসমূহ আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্য অতিথি তথা অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।
ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই পৰম্পৰাগত বনৌষধি পদ্ধতি আৰু স্থানীয় জনগোষ্ঠীৰ মাজত থকা শক্তিশালী সংযোগক উজ্জ্বল কৰি তোলাৰ বাবে এই পদক্ষেপক প্ৰশংসা কৰে। বিশেষকৈ প্ৰাথমিক স্বাস্থ্যসেৱা আৰু দীৰ্ঘদিনীয়া ৰোগৰ ব্যৱস্থাপনাৰ প্ৰেক্ষাপটত ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ৰমৱৰ্ধমান বৈশ্বিক স্বীকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে পৰম্পৰাগত চিকিৎসাক বিশ্ব স্বাস্থ্য সংস্থাই এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে স্বীকৃতি দিয়াৰ কথাও উল্লেখ কৰে।
কেন্দ্ৰটোৰ সঞ্চালক সুজয় মজুমদাৰে আদৰণি ভাষণ প্ৰদান কৰাৰ পাছত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা উদ্ভিদ প্ৰজাতিৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ চিকিৎসা পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে ব্যৱস্থা কৰা নতুন গেলেৰীৰ প্ৰশংসা কৰে। কিউৰেটৰ ‘চি’ ড০ ঝুমা ঘোষে কাৰ্যসূচী পৰিচালনা কৰাৰ লগতে উপস্থিত লোকসকলক ধন্যবাদেৰে অনুষ্ঠানৰ সামৰণি মাৰে।
****
PG/ SM/DB



(ৰিলিজ আই ডি : 2138108)
অতিথি কক্ষ : 8