জল শক্তি মন্ত্ৰালয়
ভূ-স্থানীয় তথ্য আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু ভাৰতীয় জৰীপ সংস্থাৰ বুজাবুজি চুক্তি স্বাক্ষৰ
Posted On:
19 JUN 2025 6:36PM by PIB Guwahati
আজি ২০২৫ চনৰ ১৯ জুন তাৰিখে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকাৰ জৰীপ কাৰ্যকলাপ আৰু ভূ-স্থানীয় সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু ভাৰতীয় জৰীপ সংস্থাই আনুষ্ঠানিকভাৱে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। পাঁচ বছৰৰ বাবে বলবৎ থাকিবলগীয়া এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে উন্নত জৰীপ প্ৰযুক্তি আৰু শক্তিশালী তথ্য-বিনিময় ব্যৱস্থাৰ প্ৰয়োগৰ জৰিয়তে সংহত বান আৰু খহনীয়া ব্যৱস্থাপনা, নিষ্কাশন ব্যৱস্থাৰ উন্নয়ন, আৰু আন্তঃগাঁথনি পৰিকল্পনাৰ সুবিধা প্ৰদান কৰা।
এই সহযোগিতামূলক পদক্ষেপৰ প্ৰতি উচ্চ পৰ্যায়ৰ দায়বদ্ধতাক আলোকপাত কৰি ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ড০ ৰণবীৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত এক যুটীয়া বৈঠকত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ মহাপ্ৰবন্ধক শ্ৰী অভয় কুমাৰ আৰু ভাৰতীয় জৰীপ সংস্থাৰ পূৱ মণ্ডলৰ অতিৰিক্ত জৰীপকাৰী জেনেৰেল ড০ মোহন কুমাৰ ষ্টেলিনে আনুষ্ঠানিকভাৱে এই চুক্তিত স্বাক্ষৰ কৰে।
এই বুজাবুজি চুক্তিৰ অধীনত ভাৰতীয় জৰীপ সংস্থাই ব্ৰহ্মপুত্ৰ ব’ৰ্ডক আকাশমাৰ্গ আৰু ভূ-প্ৰকৃতিৰ জৰীপ, জিটিএছ/বেঞ্চমাৰ্ক স্থাপন, আৰু ইউএভি, জিএনএছএছ, আৰু লাইডাৰৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি উচ্চ ৰিজ’লিউচনযুক্ত মেপিংকে ধৰি একাধিক জৰীপ কাৰ্য্যকলাপত সহায় কৰিব। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকাত প্ৰামাণিক আৰু উচ্চমানৰ নিখুততাৰে ভূ-স্থানীয় তথ্য নিশ্চিত কৰিবলৈ দুয়োটা সংস্থাই স্থানীয় তথ্যৰ সমষ্টিসমূহ বিনিময় কৰাৰ লগতে সহযোগিতামূলকভাৱে অবিৰতভাৱে চলি থকা ৰেফাৰেন্স ষ্টেচন (CORS) নেটৱৰ্ক ব্যৱহাৰ কৰিবলৈ সন্মত হৈছে।
এই বুজাবুজি চুক্তিখনত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কৰ্মীসকলৰ বাবে হায়দৰাবাদৰ নেশ্যনেল ইনষ্টিটিউট ফৰ জিঅ’-ইনফৰ্মেটিক্স ছায়েন্স এণ্ড টেকন’লজি (এনআইজিএছটি)ৰ সহায়ত কাৰিকৰী প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ বাবে যৌথ প্ৰচেষ্টাৰ ৰূপৰেখাও দাঙি ধৰা হৈছে।
দুয়োটা সংস্থাৰ বিষয়াসকলক লৈ গঠিত এটা যুটীয়া কৰ্মীগোটে বা জইণ্ট ৱৰ্কিং গ্ৰুপে বুজাবুজি চুক্তিখন ৰূপায়ণৰ দিশবোৰ পৰিচালনা কৰাৰ উপৰি বাৰ্ষিক কৰ্মসূচী বা কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰিব আৰু সেইবোৰৰ অগ্ৰগতিও নিৰীক্ষণ কৰিব।
মন কৰিবলগীয়া যে ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু ভাৰতীয় জৰীপ সংস্থাৰ এই অংশীদাৰিত্বই পৰিৱেশ সংবেদনশীল উত্তৰ-পূৰ্বাঞ্চলত জলসম্পদ ব্যৱস্থাপনা আৰু বান প্ৰশমনৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ভেটিটো যথেষ্ট শক্তিশালী কৰিবলৈ সাজু হৈছে। এই সহযোগিতাৰ এটা মূল বৈশিষ্ট্য হৈছে দুয়োটা সংস্থাৰ মাজত নিৰৱচ্ছিন্ন, তাৎক্ষণিক বা বাস্তৱ সময়ৰ (Realtime) তথ্য বিনিময়, যিয়ে ইয়াৰ কৰ্ম পৰিকল্পনাক অনুকূল কৰি তোলাৰ উপৰি ফলপ্ৰসূভাৱে নদী অৱবাহিকা ব্যৱস্থাপনাক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
PG/ SM/ RD



(Release ID: 2137826)
Visitor Counter : 2