গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা শ্ৰী যতীন গোস্বামীক পদ্ম ভূষণ আৰু শ্ৰী ৰেৱকান্ত মহন্ত আৰু শ্ৰীমতী গীতা উপাধ্যায়ক পদ্মশ্ৰী প্ৰদান

Posted On: 27 MAY 2025 8:15PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি অসামৰিক অলংকৰণ অনুষ্ঠানত অসমৰ শ্ৰী যতীন গোস্বামীক কলা ক্ষেত্ৰত পদ্মভূষণ আৰু শ্ৰী ৰেৱকান্ত মহন্ত আৰু শ্ৰীমতী গীতা উপাধ্যায়ক ক্ৰমে কলা আৰু সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত পদ্মশ্ৰী প্ৰদান কৰে।

বঁটা বিজয়ীসকলৰ জীৱন আৰু কৰ্মৰ বিষয়ে চমু উদ্ধৃতি তলত দিয়া হৈছেঃ

শ্ৰী যতীন গোস্বামী

গুৱাহাটীৰ সত্ৰীয়া নৃত্যৰ অগ্ৰণী প্ৰতিষ্ঠান সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সঞ্চালক শ্ৰী যতীন গোস্বামী এগৰাকী প্ৰবীণ সত্ৰীয়া নৃত্য প্ৰচাৰক, যি সত্ৰীয়া নৃত্যৰ বিকাশ আৰু প্ৰগতিত তেওঁৰ ভূমিকাৰ বাবে বহুলভাৱে স্বীকৃত। তেওঁ অসমৰ ভিতৰত আৰু বাহিৰত এই নৃত্যক জনপ্ৰিয় কৰি তুলিছে।

১৯৩৩ চনৰ ২ আগষ্টত জন্মগ্ৰহণ কৰা শ্ৰী গোস্বামীয়ে সেই সময়ৰ অন্যতম মহান সত্ৰীয়া শিল্পী তেওঁৰ পিতৃৰ নিৰ্দেশনাত সত্ৰীয়া সংস্কৃতিৰ মৌলিক শিক্ষা লাভ কৰিবলৈ আৰম্ভ কৰিছিল। সংগীত নাটক একাডেমী বঁটা বিজয়ী স্বৰ্গীয় মণিৰাম দত্ত মুক্তিয়াৰ আৰু শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ পৰা অহা স্বৰ্গীয় ৰোষেশ্বৰ শইকীয়া বৰবায়নৰ নিৰ্দেশনাত তেওঁ সত্ৰীয়া নৃত্য শিকিছিল। তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্বাৱধানত বহুৰঙী অসমীয়া লোকসংগীত, নৃত্য আৰু অংকীয়া নাট (ভাওনা)ৰ ভালদৰে প্ৰশিক্ষণ লাভ কৰিছিল। তেওঁ প্ৰথমে আধুনিক পৰ্যায়ত অংকীয়া নাট উপস্থাপন কৰিছিল। সত্ৰীয়া নৃত্য তথা অংকীয়া নাট ভাওনা পৰিবেশনৰ বাবে ভ্ৰাম্যমাণ সাংস্কৃতিক গোট গঠন কৰা তেওঁ প্ৰথম আৰু একমাত্ৰ ব্যক্তি। তেওঁ অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীকো সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিছিল।

শ্ৰী গোস্বামীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নিৰ্দেশনাত প্ৰাগজ্যোতি কলা পৰিষদ নামৰ এক সাংস্কৃতিক সংগঠন প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনৰ জৰিয়তে তেওঁ অসমৰ প্ৰতিখন সত্ৰ (মঠ) আৰু নামঘৰ ভ্ৰমণ কৰিছিল তথা সত্ৰীয়া নৃত্য আৰু নাটকৰ বিষয়ে বিভিন্ন ব্যৱহাৰিক জ্ঞান সংগ্ৰহ কৰিছিল। তেওঁ দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি সত্ৰীয়া নৃত্য পৰিবেশন কৰিছিল। তেওঁ সৰ্বাধিক সন্মানীয় জ্যেষ্ঠ সত্ৰীয়া নৃত্যগুৰু হৈ উঠিছিল। তেওঁ সত্ৰীয়া নৃত্যৰ পৰীক্ষা-নিৰীক্ষা আৰু সৃষ্টিৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তি।  

শ্ৰী গোস্বামীয়ে কেইবাটাও সৃষ্টিশীল সত্ৰীয়া নৃত্য প্ৰস্তুত কৰাৰ ফলত এই নৃত্যই অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে। তেওঁ নৃত্যশৈলীৰ প্ৰচাৰৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপৰ নেতৃত্ব দিছে। তেওঁ নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আইচিচিআৰ, উত্তৰ-পূব আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ আদিৰো বিশেষজ্ঞ সমিতিৰ সদস্য আছিল।

শ্ৰী গোস্বামীয়ে অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে। ভাৰত চৰকাৰে ২০০৮ চনত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। মধ্যপ্ৰদেশ চৰকাৰে ২০১৭ চনত তেওঁক কালিদাস সন্মান প্ৰদান কৰিছিল। ২০১৯ চনত নতুন দিল্লীৰ সংগীত নাটক একাডেমীয়ে তেওঁক একাডেমী ৰত্ন (ফেল') প্ৰদান কৰিছিল। ২০০২ চনত তেওঁক ভাৰত চৰকাৰৰ পৰ্যটন আৰু সংস্কৃতি বিভাগৰ ইজেডচিচিৰ দ্বাৰা ভাৰতিয়ম সন্মানৰে সন্মানিত কৰা হৈছিল। ১৯৯৭-৯৮ৰ বাবে অসম চৰকাৰে তেওঁক শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বঁটা প্ৰদান কৰিছিল।

শ্ৰী ৰেৱকান্ত মহন্ত

অসমৰ শিৱসাগৰৰ খাটপাৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ৰেৱকান্ত মহন্ত সত্ৰ আৰু সত্ৰীয়া সংস্কৃতিৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰাৰ বাবে পৰিচিত আৰু তেওঁ সত্ৰীয়া মুখা নিৰ্মাণ তথা মুখা ভাওনা প্ৰচাৰৰ ক্ষেত্ৰত এক বিশিষ্ট স্থান দখল কৰিছে।

১৯৩৫ চনৰ ১৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা শ্ৰী মহন্তই তেওঁৰ সত্ৰাধিকাৰ পিতৃৰ পৰা মুখা তৈয়াৰ কৰা আৰু মুখাভাওনা পৰিবেশন কৰাৰ কলা শিকিছিল। তেওঁ হাঁহচৰা গাৰ্লছ হাইস্কুল প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ লৈছিল আৰু ১৯৯৬ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ২৭ বছৰ ধৰি জিলা সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক আৰু দুবছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম সাহিত্য সভা আৰু সত্ৰ মহাসভাৰ আজীৱন সদস্য। তেওঁ বিভিন্ন বাতৰি কাকত, আলোচনী আৰু স্মাৰকত ধৰ্ম, সংস্কৃতি আৰু মুখা নিৰ্মাণৰ ওপৰত বহুতো প্ৰৱন্ধ লিখিছে।

শ্ৰী মহন্তই তেওঁৰ নিজৰ সত্ৰ শিবিৰত এটা অনন্য সংগ্ৰহালয় স্থাপন কৰিছে, যিয়ে সত্ৰীয়া সংস্কৃতিৰ সৈতে সম্পৰ্কিত শিল্পকলা, বাদ্যযন্ত্র আৰু মুখা আদি প্ৰদৰ্শিত কৰে আৰু এই সংগ্ৰহালয়টোৱে ৰাজ্য আৰু দেশৰ বিভিন্ন স্থানৰ পৰা আৰু আনকি বিদেশৰ পৰাও বিভিন্ন দৰ্শনাৰ্থী আৰু পৰ্যটকক আকৰ্ষণ কৰে। তেওঁৰ শৈল্পিক সৃষ্টিবোৰ বিভিন্ন প্ৰতিষ্ঠান, সংগ্ৰহালয় আৰু বিশ্ববিদ্যালয় আদিত প্ৰদৰ্শন কৰা হৈছে। ১৯৮৯ চনত ক্ৰাফ্ট কাউন্সিল অব ইণ্ডিয়াৰ আমন্ত্ৰণত তেওঁ কলকাতাৰ ইডেন গাৰ্ডেনত মুখা নিৰ্মাণ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে প্ৰদৰ্শনী কৰ্মশালাত অংশগ্ৰহণ কৰিছিল আৰু প্ৰদৰ্শনীৰ পৰা ৫টা মুখা সুদূৰ ৰাছিয়া আৰু জাপানলৈ তেওঁলোকৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰিবলৈ লৈ যোৱা হৈছিল। তেওঁৰ মুখাসমূহ কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত সংগ্ৰহ কৰা হৈছিল। ৰাষ্ট্ৰীয় সংগ্ৰহালয়, ৱাশ্বিংটন আৰু আইজিএনচিএ, নতুন দিল্লীৰ নিজ নিজ সংগ্ৰহালয়ত সংৰক্ষণ কৰা হৈছে। ২০১৬ চনত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ইয়াৰ সংগ্ৰহালয়ত প্ৰদৰ্শন আৰু সংৰক্ষণৰ বাবে নৰসিংহ (বৰমুখা)ৰ এটা বিশাল মুখা ক্ৰয় কৰিছিল। ২০১৭ চনত বিভিন্নধৰণৰ মুখা ব্যৱহাৰ কৰি তেওঁ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন আদৰণি তোৰণ নিৰ্মাণ কৰিছিল, যি সেই সময়ত বিশ্ব মানদণ্ড বজাই ৰাখিছিল। ২০১৮ চনত অষ্ট্ৰেলিয়াই তেওঁলোকৰ সংগ্ৰহালয়সমূহত প্ৰদৰ্শন আৰু সংৰক্ষণৰ বাবে দুটা মুখা ক্ৰয় কৰিছিল।

এগৰাকী দক্ষ শিল্পী আৰু প্ৰশিক্ষক হিচাপে শ্ৰী মহন্তই দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল তথা দিল্লী আৰু বৃন্দাবনত ‘ৰাম বিজয়’ ভাওনা (১৯৭৫); উত্তৰ-পূব ভাৰত সাংস্কৃতিক অনুষ্ঠান (১৯৭৬); অল ইণ্ডিয়া ৰেডিঅ', ডিব্ৰুগড়ত খোল-বাদন আৰু চোৰধৰা ভাওনা (১৯৯৮); শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ (এছ এছ কে এছ), পাঞ্জাবাৰী, গুৱাহাটী, অসম (১৯৯৯) কে ধৰি বহু প্ৰান্তত বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰিছিল। ২০০৪ চনত তেওঁক আন্তঃৰাষ্ট্ৰীয় ৰামায়ণ উৎসৱ, ত্ৰিবান্দ্ৰমলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু তাত তেওঁ দুখন অংকীয়া ভাওনা অৰ্থাৎ কিষ্কিন্ধা কাণ্ড আৰু সুন্দৰী কাণ্ড প্ৰদৰ্শন কৰিছিল। ২০১০ চনত তেওঁ নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছ মহোৎসৱত শ্যামন্ত হৰণ ভাওনা পৰিবেশন কৰিছিল আৰু মুখা প্ৰদৰ্শন কৰিছিল। ২০১৩ চনত অসমৰ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণত গুৱাহাটীৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত তেওঁ বিভিন্ন মুখা প্ৰদৰ্শন কৰিছিল। ২০০৩ চনত তেওঁ গণৰাজ্য দিৱসৰ কুচকাৱাজত মুখা প্ৰস্তুত কৰা প্ৰতীকপট আৰু সাংস্কৃতিক প্ৰদৰ্শনৰ জৰিয়তে অসমক প্ৰতিনিধিত্ব কৰিছিল আৰু অসম ৰাজ্যৰ বাবে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল।

শ্ৰী মহন্তক অসম চৰকাৰ আৰু ভাৰত চৰকাৰে বিভিন্ন বঁটাৰে সন্মানিত কৰিছে। ২০০৩ চনত অসম চৰকাৰে হস্তশিল্পৰ উৎকৃষ্টতাৰ বাবে ৰাজ্যিক বঁটা প্ৰদান কৰিছিল। ২০০৪ চনত তেওঁ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ পৰা শিল্প গুৰু বঁটা লাভ কৰিছিল। ২০১৫ চনত ভাৰত চৰকাৰে তেওঁৰ উৎকৃষ্টতা আৰু অগ্ৰণী কামৰ বাবে সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছিল। অসম চৰকাৰে মুখা নিৰ্মাণত উৎকৃষ্টতাৰ বাবে তেওঁক ২০১৯ চনত বিষ্ণু ৰাভা ৰাজ্যিক বঁটা প্ৰদান কৰিছিল। তেওঁৰ জীৱনৰ দীঘলীয়া সময়ছোৱাত ৯০ বছৰ বয়সত তেওঁ ১০০ৰো অধিক সংস্থাৰ পৰা সন্মান আৰু উৎসাহ লাভ কৰিছে।

শ্ৰীমতী গীতা উপাধ্যায়

শ্ৰীমতী গীতা উপাধ্যায় অসমৰ এগৰাকী বিশিষ্ট লেখিকা, অনুবাদক, শিক্ষাবিদ আৰু সমাজকৰ্মী। অসমীয়া আৰু নেপালী উভয় ভাষাত কৰা সাহিত্যৰ বাবে পৰিচিত শ্ৰীমতী উপাধ্যায় বৃত্তিত এগৰাকী শিক্ষক।

১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা শ্ৰীমতী উপাধ্যায় বিহালী হাইস্কুলৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ যায়। তেওঁ সন্দিকৈ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ শাখাত শিক্ষা গ্ৰহণ কৰে।  উল্লেখযোগ্য যে অসমৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা এই শৈক্ষিক মাইলৰ খুঁটি অতিক্ৰম কৰা তেওঁ প্ৰথমগৰাকী মহিলা। তাৰ পাছত তেওঁ শিৱসাগৰ কলেজত শিক্ষক হিচাপে নিযুক্তি লাভ কৰে আৰু ৩০ বছৰৰ সেৱাৰ পাছত বিভাগৰ মুৰব্বী (ৰাজনীতি বিজ্ঞান) হিচাপে অৱসৰ গ্ৰহণ কৰে।

শ্ৰীমতী উপাধ্যায়ৰ সাহিত্য কৰ্মৰ ভিতৰত তেওঁৰ সাহিত্য একাডেমী বঁটাবিজয়ী সাহিত্য কৰ্ম যেনে- জন্মভূমি মেৰো স্বদেশ, গোৰ্খা স্বাধীনতা সংগ্ৰামী চবিলাল উপাধ্যায়ৰ জীৱনী আৰু বিখ্যাত কবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া নাটকৰ নেপালী অনুবাদ  দৰবাৰ কি চুচাৰ্ট অন্যতম। তেওঁৰ প্ৰাৰম্ভিক প্ৰকাশত ১৯৭২ চনত এন ফ্ৰেংকৰ ডায়েৰী অব এ ইয়ং গাৰ্লৰ নেপালী আৰু অসমীয়া অনুবাদ অন্তৰ্ভুক্ত হৈ আছে। তাৰ পাছত তেওঁ নেপালী কবি ভানুভক্ত আচাৰ্য্যৰ ৰামায়ণ অসমীয়া ভাষাত (১৯৮৭) অনুবাদ কৰিবলৈ আগবাঢ়িছিল। তেওঁৰ অন্যান্য অনুবাদসমূহৰ ভিতৰত আছে- মুনা মদন (নেপালীৰ পৰা অসমীয়া, ১৯৯৮), কাটা সুৰুজ (নেপালীৰ পৰা অসমীয়া, ২০০৮), ভূমিপুত্র (ইংৰাজীৰ পৰা অসমীয়া, ২০০৮), কৰমবীৰ ধন বাহাদুৰ নিজ অভিব্যক্তিৰ দাপোণত (নেপালীৰ পৰা অসমীয়া, ২০০৮) আৰু নিৰুপমা বৰগোঁহাইৰ অভিযাত্ৰী (অসমীয়াৰ পৰা নেপালী, ২০১০)। তেওঁৰ উল্লেখযোগ্য মৌলিক ৰচনাসমূহৰ ভিতৰত আছে-মা মই প্ৰথম হ’লো (অসমীয়া, ১৯৯৭), আম্মা মা প্ৰথম ভায়ৰ্ত (নেপালী, ১৯৯৮), নেপাল দেশৰ সাধু (অসমীয়া, ২০০১), মন্দাকিনী ৰা অলকানন্দা কা তিৰেতিৰ কেদাৰ বদ্ৰিসাম্মা (নেপালী, ২০০২), মহাপুৰুষ শংকৰদেৱ-জীৱন ৰা কৰ্মা (নেপালী, ২০০৩), সুৱাসিত বাটাহ (অসমীয়া, ২০০৪) আৰু কথাঞ্জলি (নেপালী, ২০০৮)।

সাহিত্য কৰ্মৰ জৰিয়তে শ্ৰীমতী উপাধ্যায়ে অসমৰ অসমীয়া আৰু নেপালীভাষী লোকসকলৰ মাজত থকা সাংস্কৃতিক আৰু ভাষিক বিভাজন দূৰ কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত দুয়োটা সম্প্ৰদায়ৰ মাজত একত্ৰীকৰণ আৰু সমন্বয়ৰ বাট সূচল হৈছে।

সাহিত্যৰ উপৰি শ্ৰীমতী উপাধ্যায় সমাজসেৱাৰ ক্ষেত্ৰত সক্ৰিয় হৈ আহিছে আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ব’ৰ্ডৰ সদস্য হোৱাৰ লগতে তেজপুৰ জিলা আদালতৰ কিশোৰ আদালতৰ সদস্য হিচাপে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।

 

PG/BM/DD

***


(Release ID: 2131793)
Read this release in: English