স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিএনএ দিৱস , আন্তঃৰাষ্ট্ৰীয় ইমিউন’লজী দিৱস আৰু বিভাগীয় সাফল্যৰ স্বীকৃতি স্বৰূপে এইমছ গুৱাহাটীত “ডিএনএ টু ইমিউনিটি” শীৰ্ষক কাৰ্যসূচীৰ আয়োজন

পোষ্ট কৰা হৈছে: 24 MAY 2025 6:45PM by PIB Guwahati

 

এইমছ গুৱাহাটীৰ জৈৱ ৰসায়ন বিভাগৰ উদ্যোগত  ২৪ মে'ৰ দিনা  "ডি এন এ টু ইমিউনিটি: টু পিলাৰছ  অব হেল্থ এণ্ড ডিজিজ " শীৰ্ষক এক কন্টিনিউয়িং মেডিকেল এডুকেচন (চি এম ই) কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানটো  ডিএনএ দিৱস ,  আন্তঃৰাষ্ট্ৰীয় ইমিউন’লজী দিৱস  আৰু বায়োকেমিষ্ট্ৰী বিভাগৰ চাৰিটা সফল বৰ্ষ পূৰ্তি উপলক্ষ্যে  আয়োজন কৰা হয়।

অনুষ্ঠানটো উদ্বোধন কৰে এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণকে।  ভাষণ প্ৰসংগত পুৰাণিকে  স্বাস্থ্য আৰু ৰোগৰ বিষয়ে  বুজি  উঠাৰ বাবে  ডি এন এ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মৌলিক ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ জিনমিক্স আৰু ইমিউন’লজীয়ে  কিদৰে  চিকিৎসা গৱেষণা আৰু ক্লিনিকেল উদ্ভাৱনৰ জড়িয়তে   আধুনিক স্বাস্থ্যসেৱাৰ ভৱিষ্যত গঢ় দিছে  সেই বিষয়ে আলোকপাত কৰে।

অনুষ্ঠানত  অধ্যাপক ৰুণমণি ডেকা ডিন (গৱেষণা)ই ৰোগ প্ৰতিৰোধ, নিদান, চিকিৎসাৰ ক্ষেত্ৰত এই ক্ষেত্ৰসমূহৰ ক্ৰমবৰ্ধমান প্ৰাসংগিকতাৰ বিষয়ত বক্তব্য আগবঢ়ায়। চিএমইৰ এনে  কাৰ্যসূচীয়ে  গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰি ক্লিনিকেল প্ৰেকটিছৰ ক্ষেত্ৰত  কাৰ্য্যকৰী উন্নতি সাধনৰ দিশত  অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

 

জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক সুবাস গুপ্তাই আদৰণি ভাষণেৰে অনুষ্ঠানৰ  আৰম্ভনি  কৰে।

 

অনুষ্ঠানৰ বৈজ্ঞানিক অধিৱেশনত অধ্যাপক ৰাহুল পুৰৱাৰ, ডাঃ বিনোদ স্কাৰিয়া, আৰু অধ্যাপক আশীষ  মুখাৰ্জীকে ধৰি বিশিষ্ট বিশেষজ্ঞসকলে ভাৰতৰ প্ৰথম থলুৱা চিএআৰ-টি চেল  থেৰাপি NexCAR19), নিখুঁত চিকিৎসাৰ বাবে ব্যক্তিগতকৃত জিনমিক্স, আৰু  সৰ্প দংশনৰ  এন্টিভেনম বিকাশ আদিৰ দৰে  পৰিৱৰ্তনশীল বিষয়সমূহৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

ভাৰতৰ চিএআৰ-টি থেৰাপীৰ মাইলৰ খুঁট স্বৰূপ NexCAR19—এ কেন্সাৰ ইমিউন’থেৰাপীৰ ক্ষেত্ৰত এক উল্লেখযোগ্য  ভফূমিকা পালন কৰাৰ বিষয়েও  বিশদভাবে  আলোচনা কৰা  হয়।  এই পদ্ধতিটো আই আই টি বম্বে, টাটা মেম’ৰিয়েল চেণ্টাৰ  আৰু ইমিউন’এচিটিৰ সহযোগিতাৰ জৰিয়তে সম্ভৱ  হৈ উঠিছে ।  চি এছ আই আৰ-আই জি আই বিৰ ডাঃ বিনোদ স্কাৰিয়াই সুলভ মূল্যৰ জিনীয় পৰীক্ষাৰ সম্ভাৱনা আৰু ৰোগ সম্পৰ্কীয় নতুন জিনৰ ভিন্নতাৰ দিশসমূহ  আৱিষ্কাৰৰ বিষয়ে বিশদভাৱে কয়। ভৌগোলিকভাৱে সুকীয়া সুকীয়া সাপৰ বিষ নিষ্ক্ৰিয় কৰাত বৰ্তমানৰ এন্টিভেনমৰ সীমাবদ্ধতাৰ  কথা উল্লেখ কৰি অধ্যাপক আশীষ মুখাৰ্জীয়ে অঞ্চল নিৰ্দিষ্ট এন্টিভেনমৰ বিকাশৰ আহ্বান জনায়।

আজিৰ এই চিএমই কাৰ্যসূচীত  বিভিন্ন শাখাৰ অধ্যাপক, আৱাসী, গৱেষক  আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি ১০০ৰো অধিক প্ৰতিনিধিয়ে  সক্ৰিয়ভাবে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।  অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা চিত্ৰকলা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণেৰে  অনুষ্ঠানৰ সামৰণি  মৰা হয়।

চিএমই -এ  এইমছ গুৱাহাটীৰ আন্তঃশাখা সম্পৰ্কীয়  জ্ঞান  প্ৰসাৰিত কৰাৰ লগতে লগতে চিকিৎসা শিক্ষা তথা গৱেষণাৰ ক্ষেত্ৰত উদ্ভাৱনক উদগনি যোগোৱাৰ দায়বদ্ধতাৰ কথাকেই  আলোকপাত কৰিছে।

 

 KSY/ SM/DM


(ৰিলিজ আই ডি : 2130978) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: English