আয়ুষ
azadi ka amrit mahotsav

গুৱাহাটীত আৰম্ভ হ’ল ‘চিচিআৰএএছ জাৰ্নেলৰ সম্পাদক তথা পৰ্যালোচকমণ্ডলীৰ সন্মিলন ২০২৫’

পোষ্ট কৰা হৈছে: 23 MAY 2025 4:18PM by PIB Guwahati

 

আজি গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত ‘অসম জল কেন্দ্ৰ’ত ‘চিচিআৰএছ জাৰ্নেলৰ সম্পাদক তথা পৰ্যালোচকমণ্ডলীৰ সন্মিলন ২০২৫’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ ‘কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদ’ (চিচিআৰএএছ) নতুন দিল্লীৰ তত্বাৱধানত ‘কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান’ (চিএআৰআই) গুৱাহাটীৰ উদ্যোগত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2025-05-23at11.09.09AM0OSM.jpeg

এই সন্মিলনত আয়ুষ পদ্ধতিত গৱেষণাপত্ৰ প্ৰকাশৰ লগত জড়িত সমগ্ৰ ভাৰতৰ মুখ্য সম্পাদক, সম্পাদক, সম্পাদনা সমিতিৰ সদস্য তথা পৰ্যালোচকসকল সমবেত হৈছে। এই দুদিনীয়া সন্মিলনখনত পৰ্যালোচনা প্ৰক্ৰিয়া উন্নত কৰা, গৱেষণাৰ মান বৃদ্ধি কৰা, নৈতিক প্ৰকাশনক উদগণি জনোৱা, আৰু বৌদ্ধিক প্ৰকাশনৰ নতুন ধাৰা অন্বেষণত গুৰুত্ব আৰোপ কৰা হ’ব।

উদ্বোধনী অনুষ্ঠানত ‘চিচিআৰএছ’ৰ সঞ্চালক প্ৰধান, অধ্যাপক (ভিডি) ৰবিনৰায়ণ আচাৰ্য, ‘এনচিআইএছএম’-ৰ ‘আয়ুৰ্বেদ পৰিষদ’ৰ সভাপতি ড০ বি এছ প্ৰসাদ, আয়ুষ-ৰ ‘ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক’, তথা সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ অধ্যাপক ভূষণ পট্টৱৰ্ধন, জয়পুৰৰ ‘ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান’(এন আই এ)ৰ উপাচাৰ্য অধ্যাপক সঞ্জীৱ শৰ্মা, আয়ুষ মন্ত্ৰালয়ৰ উপ সঞ্চালক প্ৰধান শ্ৰী সত্যজিৎ পাল, আৰু ‘এনচিআইএছএম’ৰ অধ্যক্ষ (ভিডি) জয়ন্ত দেওপূজাৰী প্ৰমুখ্যে আয়ুৰ্বেদ আৰু চিকিৎসা গৱেষণা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2025-05-23at11.09.09AM(1)R5M3.jpeg

 

উদ্বোধনী ভাষণ প্ৰদান কৰি অধ্যাপক (ভিডি) ৰবিনাৰায়ণ আচাৰ্যই আয়ুৰ্বেদৰ বৈজ্ঞানিক ভেটি শক্তিশালী কৰাৰ লগতে নৈতিক আৰু প্ৰভাৱশালী গৱেষণাৰ প্ৰসাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত উচ্চমানৰ বিদ্বান-সমীক্ষিত প্ৰকাশনৰ জটিল ভূমিকাত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশ্ব শৈক্ষিক মানৰ সৈতে মিল থকাকৈ সম্পাদকীয় পদ্ধতিৰ নিৰন্তৰ বিৱৰ্তনৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2025-05-23at11.09.08AM09EM.jpeg

সন্মিলনৰ এক উল্লেখনীয় দিশ হৈছে আয়ুৰ্বেদত অত্যাধুনিক গৱেষণা আৰু চিন্তাশীল নেতৃত্বক সামৰি লোৱা ‘চিচিআৰএছ’-ৰ অগ্ৰণী নতুন প্ৰকাশন ‘অভিনৱ চিন্তামণি’ৰ আনুষ্ঠানিক উন্মোচন। এই প্ৰকাশনে আয়ুষ খণ্ডৰ ভৱিষ্যতৰ বৌদ্ধিক কৰ্মৰ এক মাপকাঠী হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।

 

***

 

PG/SS/PM/KB


(ৰিলিজ আই ডি : 2130790) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English