গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসামৰিক অভিষেক অনুষ্ঠানত অসমৰ শ্ৰী জয়নাচৰণ বাথাৰী আৰু অধ্যাপক অনিল কুমাৰ বড়োক কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে

পোষ্ট কৰা হৈছে: 28 APR 2025 7:58PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে আজি নতুন দিল্লীত অনুষ্ঠিত অসামৰিক অভিষেক অনুষ্ঠানত অসমৰ শ্ৰী জয়নাচৰণ বাথাৰী আৰু অধ্যাপক অনিল কুমাৰ বড়োক কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

তলত প্ৰাপকদ্বয়ৰ জীৱন-পৰিক্ৰমা আৰু কৰ্মৰাজিৰ চমু উদ্ধৃতি দাঙি ধৰা হ'লঃ

 

শ্ৰী জয়নাচৰণ বাথাৰী

হাফলং মহকুমা কাৰ্য্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী শ্ৰী জয়নাচৰণ বাথাৰীয়ে ডিমা হাছাওৰ পৰম্পৰাগত লোকসংগীতৰ সাধনাৰে খ্যাতি লাভ কৰিছে। ডিমাছা সমাজৰ লোকসংগীত আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহক দেশজুৰি প্ৰচাৰৰ বাবে ব্ৰতী হৈ তেওঁ নিষ্ঠা সহকাৰে অতিশয় কঠোৰ পৰিশ্ৰম কৰিছিল।

 

১৯৪০ৰ ১ জুলাইত অসমৰ ডিমা হাছাও জিলাৰ (পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য) যোৰাই বাথাৰী গাঁৱত জন্মগ্ৰহণ কৰা শ্ৰী বাথাৰীয়ে শৈশৱৰ পৰাই নিজকে ডিমাছা লোকসংগীতৰ প্ৰতি উৎসৰ্গা কৰিছিল। কঠোৰ পৰিশ্ৰম আৰু আন্তৰিকতাৰ ফলশ্ৰুতিত তেওঁ এদিন এজন গায়ক হৈছিল আৰু আকাশবাণী-শিলচৰ, আকাশবাণী-হাফলং, আকাশবাণী-ডিব্ৰুগড় আৰু আকাশবাণী-শ্বিলঙত একাধিক অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছিল। তেওঁ হাফলং, মাইবং, শিলচৰ, আগৰতলা, উমৰাংছু, ডিফু, গুৱাহাটী তথা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰো ভিন্ন স্থানত মঞ্চ অনুষ্ঠান পৰিৱেশন কৰিছে। গান গোৱাৰ উপৰিও তেওঁ ডিমাছা পৰম্পৰাগত বাদ্যযন্ত্ৰ বাদনতো পাৰ্গত। তেওঁ “খ্ৰাম”(ঢোল) আৰু “মুৰি”(বাঁহী) বাদনত নিপুণ। উত্তৰ-পূৰ্বাঞ্চলৰ আন-আন ৰাজ্যসমূহত অনুষ্ঠিত ভিন্ন সাংস্কৃতিক সন্মিলনত তেওঁ জিলাখনক প্ৰতিনিধিত্ব কৰি আহিছে। সাংস্কৃতিক ক্ষেত্ৰখনত কৰা কাম-কাজৰ বাবে ডিমা হাছাও জিলাৰ ভিন্ন বেচৰকাৰী সংস্থাসমূহে তেওঁক বঁটা প্ৰদান কৰিছে।

 

শ্ৰী বাথাৰীয়ে ৩১/০৭/১৯৯৮-ত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতো তেওঁ এক সক্ৰিয় সামাজিক জীৱন যাপন কৰি আহিছে। তেওঁ ২০০১ৰ পৰা ২০০৭লৈ হাফলং মৌজাৰ মৌজাদাৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৮৭ৰ পৰা ২০০১লৈ আৰু ২০১২ৰ পৰা ২০২০লৈ ছাইঞ্জা ৰাজীৰ খুনাং (গাওঁ প্ৰধান) হিচাপে আৰু ১৯৭৯ৰ পৰা ১৯৮৭লৈ সহকাৰী খুনাং হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। অৱসৰ গ্ৰহণৰ পিছতো তেওঁ ডিমাছা সমাজৰ এগৰাকী পুৰোহিত হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ “জাদিখে নাইশ্বো হোছম” (ডিমাছা সৰ্বোচ্চ সংস্থা) নামৰ এনজিঅ’টোৰ সৈতে জড়িত। তেওঁ ডিমাছা প্ৰথা আৰু ৰীতি-নীতিৰে সু-পৰিচিত। ৮৪ বছৰ বয়সতো তেওঁ গীত গাই শ্ৰোতাক মনোৰঞ্জনৰ খোৰাক যোগাই আহিছে।

 

ডিমাছা পৰম্পৰাগত আৰু লোক সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে শ্ৰী বাথাৰীক সদৌ অসম ছাত্ৰ সন্থাই (AASU) ২০১৩ বৰ্ষৰ সন্মানীয় প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে। শ্ৰী বাথাৰীক অখিল ভাৰত হিন্দু সন্মিলন, অসমে ২০১৮-ত জীৱনজোৰা সাধনা বঁটাও প্ৰদান কৰিছিল। তেওঁ একে বছৰতে বাথাৰী চেংফং মেলে আগবঢ়োৱা জোহায়া বাথাৰী বঁটাও লাভ কৰে।

 

 

অধ্যাপক অনিল কুমাৰ বড়ো

অধ্যাপক অনিল কুমাৰ বড়ো এগৰাকী বিশিষ্ট কবি, লোকসাহিত্যিক, অনুবাদক, শিক্ষাবিদ আৰু সাহিত্য সমালোচক। তেওঁ বড়ো সাহিত্য, লোককথা আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু বিকাশ সাধনৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা গৱেষণা বিভাগৰ মুৰব্বী হিচাপে কাৰ্য্যনিৰ্বাহেৰে এই ক্ষেত্ৰৰ বিদ্বানসকলক অনুপ্ৰাণিত আৰু পৰামৰ্শ প্ৰদান কৰি আহিছে।

 

১৯৬১ৰ ৯ ডিচেম্বৰত অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কহিতামা গাঁৱত জন্মগ্ৰহণ কৰা অধ্যাপক বড়োৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰপৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি পিছলৈ লোককথা গৱেষণা বিভাগৰ পৰা পিএইচডি লাভ কৰে। ১৯৮৮-ত ডিমৰীয়া কলেজত ইংৰাজীৰ এগৰাকী প্ৰবক্তা হিচাপে কেৰিয়াৰ আৰম্ভৰ পিছত ২০০০-ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা গৱেষণা বিভাগত যোগদান কৰিছিল।

 

অধ্যাপক বড়োৱে কবিতা, সাহিত্য সমালোচনা, উপন্যাস, শিশু সাহিত্য, ভ্ৰমণ কাহিনী আৰু লোককথা অধ্যয়নকে প্ৰমুখ্য কৰি একাধিক সাহিত্য ধাৰাক সামৰি ৩০ খনৰো অধিক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। তেওঁৰ গুৰুত্বপূৰ্ণ গ্ৰন্থৰাজি হৈছে ফক লিটাৰেচাৰ অৱ দ্য বড়োছঃ এন ইনট্ৰডাকচন, এ হিষ্ট্ৰী অৱ বড়ো লিটাৰেচাৰ, দ্য ফ্লুট এণ্ড দ্য হাৰ্প, ডেলফিনি অনথাই ম্ৱদাই আৰৱ গুহুন ক্ৰুবুন খোন্থাই । তেওঁ আধুনিক বড়ো সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ অন্য ভাষাৰ পৰা অনুবাদ কৰা কৰ্মৰাজিয়ে বড়ো পাঠকসকলক বিশ্ব সাহিত্যৰ সোৱাদ প্ৰদানেৰে সাংস্কৃতিক আৰু সাহিত্য ব্যৱধান দূৰ কৰিছে। এগৰাকী সম্পাদক হিচাপে তেওঁ দ্য বড়ো কোৱাৰ্টাৰলি, জাৰ্নেল অৱ ফ’ক’ৰিষ্টছ আৰু অনলাইন অনুবাদ আলোচনী থুনছলাইকে প্ৰমুখ্য কৰি উল্লেখযোগ্য সাহিত্য সংকলন আৰু আলোচনীসমূহৰ পৰামৰ্শদাতাৰ দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

 

সাহিত্য অৱদানৰ বাহিৰেও অধ্যাপক বড়োৱে মাতৃভাষা শিক্ষাৰ প্ৰসাৰ আৰু বড়োলেণ্ডত ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP), ২০২০ ৰূপায়ণৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেওঁ বড়ো সাহিত্য সভাকে প্ৰমুখ্য কৰি সাহিত্য সংগঠনসমূহলৈ সক্ৰিয়ভাৱে বৰঙণি আগবঢ়োৱাৰ লগতে ২০২১ৰ পৰা কোকৰাঝাৰ সাহিত্য মহোৎসৱ আয়োজনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনসমূহত তেওঁৰ অংশগ্ৰহণে সমগ্ৰ গ্ৰীচ, ইটালী, লিথুৱেনিয়া, ডেনমাৰ্ক আৰু চীনৰ শৈক্ষিক আৰু সাহিত্য মঞ্চসমূহত ভাৰতক প্ৰতিনিধিত্বকৰণেৰে বড়ো সাহিত্য আৰু লোককথাক বিশ্ব মঞ্চলৈ নিয়াত সহায় কৰিছে। তেওঁ একাধিক ৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যসূচী আৰু সন্মিলনত অংশগ্ৰহণ কৰিছে।

 

বড়ো সাহিত্য আৰু লোককথালৈ আগবঢ়োৱা অৱদানৰ বাবে অধ্যাপক বড়োক সন্মানীয় সাহিত্য অকাডেমী বঁটা (২০১২), ৰংছাৰ সাহিত্য বঁটা আৰু সাহিত্য সাধনা বঁটা (২০২৪)-ৰে সন্মানিত কৰা হৈছে।

****


(ৰিলিজ আই ডি : 2124974) অতিথি কক্ষ : 99
ত এই ৰিলিজটো পঢ়ক: English