তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় যোগাযোগ ব্যুৰো গুৱাহাটীৰ উদ্যোগত আয়োজিত ৫ দিনীয়া বিহু কৰ্মশালাৰ সামৰণি

কৰ্মশালাৰ অন্তিম দিনটোত অসমৰ সাংস্কৃতিক ঐতিহ্য উদযাপন কৰি ৮০ জনতকৈ অধিক অংশগ্ৰহণকাৰীৰ বিহু প্ৰদৰ্শন

পোষ্ট কৰা হৈছে: 11 APR 2025 8:48PM by PIB Guwahati

অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰিবলৈ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ উদ্যোগত আয়োজিত বিহু কৰ্মশালাৰ আজি এক বৰ্ণাঢ্য  অনুষ্ঠানেৰে সামৰণি মৰা হয়। ৫ দিনীয়া কৰ্মশালাত পৰম্পৰাগত নৃত্য, সংগীত আৰু ঐতিহ্যমণ্ডিত বাদ্যৰ শিক্ষাৰ জৰিয়তে অসমৰ অন্যতম আদৰৰ উৎসৱ বিহুৰ সাৰমৰ্মৰ বিষয়ে আলোকপাত কৰা হয়।

 

অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱৰ লগতে অন্যান্য বিশিষ্ট  ব্যক্তিসকল উপস্থিত থাকে। শ্ৰী কৃপা শংকৰ যাদৱে অংশগ্ৰহণকাৰীসকলক কৃজ্ঞতা জনাই কয়, “এই কৰ্মশালাখন বিহুৰ চিৰস্থায়ী উত্তৰাধিকাৰ আৰু সংস্কৃতিৰ জৰিয়তে প্ৰজন্মক একত্ৰিত কৰাৰ ক্ষমতাৰ প্ৰমাণ হিচাবে পৰিগণিত হৈছে।”

বিহুৰ পৰম্পৰাৰ সৈতে  নিমজ্জিত কৰি যুৱক-যুৱতীসকলৰ মাজত সাংস্কৃতিক সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই কৰ্মশালাখন আয়োজন কৰা হৈছিল।গুৱাহাটীৰ চিবিচিৰ গীত আৰু নাট সংমণ্ডলৰ জ্যেষ্ঠ ষ্টাফ আৰ্টিষ্ট শ্ৰী পলাশ তামুলীয়ে কৰ্মশালাৰ নেতৃত্ব দি অংশগ্ৰহণকাৰীসকলক বিহু নৃত্যৰ বিষয়ে  প্ৰশিক্ষণ প্ৰদান কৰে। এই পদক্ষেপ সন্দৰ্ভত উল্লেখ কৰি শ্ৰী তামুলীয়ে কয়, “মনৰ গভীৰৰ পৰা অহা আবেগেৰে বিহুক আঁকোৱালি লোৱা অংশগ্ৰহণকাৰীসকলৰ উৎসাহ সঁচাকৈয়ে হৃদয়স্পৰ্শী।”

 

কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে ঢোল, পেপা, গগনাৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰতো হাতে কামে অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয়। এনেদৰে তেওঁলোকে অসমৰ ঐতিহ্যৰ সৈতে তেওঁলোকৰ সংযোগ আৰু অধিক সমৃদ্ধ কৰি তোলে। কৰ্মশালাৰ সামৰণি পৰে অংশগ্ৰহণকাৰীসকলে নিজৰ দক্ষতা আৰু নিষ্ঠা প্ৰদৰ্শন কৰি অনুষ্ঠিত কৰা এক মনোমোহা বিহু প্ৰদৰ্শনেৰে। এই অনুষ্ঠানতে সকলো অংশগ্ৰহণকাৰীকে অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। শ্ৰেষ্ঠ নৃত্যশিল্পী আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীক বিশেষ পুৰস্কাৰো প্ৰদান কৰা হয়।

এই অনুষ্ঠানত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কৰ্মী তথা বিষয়াসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অসমৰ পৰম্পৰা সংৰক্ষণ আৰু উদযাপনৰ প্ৰতি যুৱক-যুৱতীসকলৰ ক্ৰমবৰ্ধমান আগ্ৰহক প্ৰতিফলিত কৰি ওচৰৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলেও ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

 

PG/HD/DM


(ৰিলিজ আই ডি : 2121107) অতিথি কক্ষ : 30
ত এই ৰিলিজটো পঢ়ক: English