তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অসমৰ সাংস্কৃতিক ঐতিহ্য উদযাপনৰ অৰ্থে বিহু কৰ্মশালাৰ আয়োজন কৰিব চিবিচি গুৱাহাটীয়ে
অসমীয়া লোকসংস্কৃতিৰ প্ৰসাৰৰ বাবে পৰম্পৰাগত নৃত্য-সংগীত প্ৰশিক্ষণৰ দিহা
পোষ্ট কৰা হৈছে:
04 APR 2025 5:45PM by PIB Guwahati
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ উদ্যোগত অহা ৭ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ, গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ সূচনা ভৱনত বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই বিনামূলীয়া কৰ্মশালাখন প্ৰতিদিনে পুৱা ১০:৩০ বজাৰ পৰা দুপৰীয়া ১:০০ বজালৈ অনুষ্ঠিত হ’ব, য’ত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি্ফলন ঘটিব।অসমীয়া সাংস্কৃতিক পৰিচয়ৰ প্ৰাণকেন্দ্ৰ বিহু হৈছে সম্প্ৰদায়, পৰম্পৰা আৰু কলাত্মক প্ৰকাশৰ এক অনন্য উদযাপন। এই সুপ্ৰাচীন ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ তাৎপৰ্যৰ কথা উপলব্ধি কৰি চিবিচি গুৱাহাটীয়ে বিহুৰ পৰম্পৰাগত নৃত্য আৰু বাদ্যযন্ত্ৰৰ জৰিয়তে কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক বিহুৰ সাৰমৰ্মৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰিব।
কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে চিবিচি গুৱাহাটীৰ গীত আৰু নাট বিভাগৰ প্ৰতিভাৱান বিভাগীয় শিল্পীৰ জড়িয়তে বিহু নৃত্যৰ লগতে ঢোলৰ ছন্দময় স্পন্দন আৰু গগনাৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰ বজাবলৈ শিকাৰ সুযোগ পাব। কৰ্মশালাত নৃত্য তথা বাদ্য হাতে কামে শিকোৱাৰ উদ্দেশ্য হৈছে অসমীয়া লোক পৰম্পৰাৰ সৈতে গভীৰ সংযোগ গঢ়ি তোলা আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ইয়াৰ ধাৰাবাহিকতাক অক্ষুণ্ণ ৰাখিবলৈ উৎসাহিত কৰা। অহা ৭ এপ্ৰিলৰ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে কৰ্মশালাখন আৰম্ভ হ’ব। এই পদক্ষেপৰ জৰিয়তে চিবিচি গুৱাহাটীয়ে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিছে, যাতে ভৱিষ্যত প্ৰজন্মৰ হৃদয়ত বিহুৰ স্বকীয়তা তথা সজীৱতা অব্যাহত থাকে।
PG/HD/DM
(ৰিলিজ আই ডি : 2119016)
অতিথি কক্ষ : 58