স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
এইমছ, গুৱাহাটীত অভিজ্ঞতাভিত্তিক শিক্ষণ আৰু অনুকৰণ কেন্দ্ৰ (CELS) উদ্বোধন
পোষ্ট কৰা হৈছে:
27 MAR 2025 4:58PM by PIB Guwahati
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ মাজত চিকিৎসা শিক্ষাৰ অগ্ৰগতি সাধন আৰু ক্লিনিকেল দক্ষতা বৃদ্ধিৰ বাবে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS), গুৱাহাটীত অভিজ্ঞতাভিত্তিক শিক্ষণ আৰু অনুকৰণ কেন্দ্ৰ (CELS) নামেৰে এটি অত্যাধুনিক দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
এইমছ, গুৱাহাটীৰ কাৰ্য্যবাহী সঞ্চালক অধ্যাপক (কৰ্ণেল) অশোক পুৰাণিকে ফেকাল্টী সদস্য, স্বাস্থ্যসেৱা পেছাদাৰী আৰু আন-আন বিশিষ্ট অতিথিসকলৰ উপস্থিতিত এই কেন্দ্ৰটো উদ্বোধন কৰে। চিইএলএছে হাই-ফিডেলিটি চিমুলেচন-ভিত্তিক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সাজু হৈছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰী, মেডিকেল প্ৰেক্টিচনাৰ আৰু সংযুক্ত স্বাস্থ্যসেৱা পেছাদাৰীসকলে এটি নিয়ন্ত্ৰিত, বিপদ-মুক্ত পৰিবেশত ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব পাৰিব।
ইয়াত এইমছ, গুৱাহাটীৰ কমিউনিটি আৰু ফেমিলী মেডিচিন বিভাগৰ অধ্যাপিকা তথা মুৰব্বী আৰু চিমুলেচন লেবৰেটৰী কমিটিৰ অধ্যক্ষ প্ৰফেছৰ ডাঃ পূৰবী ফুকনে এই কেন্দ্ৰই তত্ত্ব আৰু ব্যৱহাৰৰ মাজৰ ব্যৱধান দূৰ কৰিব বুলি কয়। ইয়াত এমবিবিএছৰ ছাত্ৰ-ছাত্ৰী, নাৰ্চিং প্ৰশিক্ষাৰ্থী, পেৰামেডিকেল আৰু ক্লিনিচিয়ানসকলক ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব, যাৰ ফলত অঞ্চলটোৰ স্বাস্থ্যসেৱা ব্যৱস্থা সুদৃঢ় হৈ উঠিব। পেচেন্ট মেনেকিন, চাৰ্জিকেল চিমুলেটৰ আৰু ভাৰ্চুৱেল ৰিয়েলিটি-ভিত্তিক শিক্ষণ সঁজুলিকে প্ৰমুখ্য কৰি উন্নত চিমুলেচন প্ৰযুক্তিৰে এই কেন্দ্ৰটো সজ্জিত, যাৰ লক্ষ্য হৈছে ক্লিনিকেল দক্ষতা, সিদ্ধান্ত-গ্ৰহণ আৰু দলীয় সহযোগিতাৰ অগ্ৰগতি সাধন কৰা।
ইয়াত ভাষণ প্ৰদানেৰে অধ্যাপক (কৰ্ণেল) অশোক পুৰাণিকে আধুনিক চিকিৎসা শিক্ষাত চিমুলেচন-ভিত্তিক প্ৰশিক্ষণৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। তেওঁ কয়, "এইমছ, গুৱাহাটীৰ চিইএলএছে স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে দক্ষতা-ভিত্তিক শিক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কাৰ্য্যক সূচিত কৰে। এই ব্যৱস্থাই উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱা কৰ্মশক্তিক ৰোগীক উচ্চ-মানৰ যত্ন লোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দক্ষতাৰে সমৃদ্ধকৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।"
KSY/ SM/SB
(ৰিলিজ আই ডি : 2115902)
অতিথি কক্ষ : 43