জল শক্তি মন্ত্ৰালয়
ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ উদ্যোগত সমভূমি মণ্ডলৰ বান নিয়ন্ত্ৰণ বিষয়ক কৰ্মশালাৰ সফল সামৰণি
পোষ্ট কৰা হৈছে:
18 MAR 2025 6:41PM by PIB Guwahati
ব্ৰহ্মপুত্ৰ ব’ৰ্ডে কেন্দ্ৰীয় জল আয়োগৰ সহযোগত গুৱাহাটীৰ অসম জল কেন্দ্ৰত বান সমভূমি মণ্ডলৰ কৰ্মশালা সফলতাৰে অনুষ্ঠিত কৰে। আজি অনুষ্ঠিত এই কৰ্মশালাত বান প্ৰশমনৰ কৌশল আৰু জল শক্তি মন্ত্ৰালয়ৰ কাৰিকৰী নিৰ্দেশনাৱলীৰ খচৰা বান সমভূমি মণ্ডলৰ কাৰ্যকৰীকৰণৰ বিষয়ত বিস্তৃত আলোচনা কৰা হয়।
উক্ত অনুষ্ঠানত জল শক্তি মন্ত্ৰালয়, চি ডব্লিউ চি, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উচ্চপদস্থ বিষয়া, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতিনিধি, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু আগশাৰীৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ড০ ৰণবীৰ সিং, আই এ এছ (আৰ), ভাৰত চৰকাৰৰ ডি অ’ ডব্লিউ আৰ, আৰ ডি এণ্ড জি আৰৰ অতিৰিক্ত সচিব ৰাকেশ কুমাৰ ভাৰ্মা আৰু চি ডব্লিউ চিৰ সদস্য (আৰ এম) শ্ৰী অনুপম প্ৰসাদে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ২০২৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা স্প্ৰিংশ্বেড ব্যৱস্থাপনা কৰ্মশালাৰ বিষয়ত অন্তৰ্দৃষ্টি প্ৰদান কৰা এখন ই-বুকো মুকলি কৰা হয়, যিয়ে বহনক্ষম জলসম্পদ ব্যৱস্থাপনাৰ প্ৰতি ব’ৰ্ডৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
কৰ্মশালাখনে সামৰি লোৱা মূল বিষয়সমূহৰ ভিতৰত আছিল উত্তৰ-পূব অঞ্চলৰ বানৰ পৰিসংখ্যা, ৰাজ্য নিৰ্দিষ্ট বান সন্দৰ্ভত সমভূমি মণ্ডলৰ পদক্ষেপ আৰু বানৰ পূৰ্বাভাসৰ বাবে উন্নত পদ্ধতিৰ প্ৰয়োগ আদি। আই আই টি গুৱাহাটীৰ বিশেষজ্ঞসকলে পলস অধ্যয়ন আৰু উত্তৰ-পূৰ্বাঞ্চল মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ দ্বাৰা বান মণ্ডলত মহাকাশ প্ৰযুক্তিয়ে আগবঢ়াব পৰা অৱদান তথা ভূমিকা সম্পৰ্কে বিভিন্ন দিহা-পৰামৰ্শ আগাবঢ়ায়। কৰ্মশালাখনত বানপানীয়ে প্ৰভাৱান্বিত কৰিব পৰা সমভূমি অঞ্চল নিৰ্ধাৰণৰ পদ্ধতি উন্নত কৰাৰ বাবে কাৰ্য্যকৰী কৌশলৰ ৰূপৰেখা দাঙি ধৰা হয়। এনে পদক্ষেপসমূহৰ ভিতৰত আন্তঃৰাজ্যিক সহযোগিতা বৃদ্ধি কৰা, বানপানীৰ সমভূমিৰ চিত্ৰণৰ বাবে বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰা আৰু উত্তৰ-পূব অঞ্চলত উন্নত বানপানীৰ সমভূমি ব্যৱস্থাপনাৰ বাবে উন্নত প্ৰযুক্তিৰ সংহত প্ৰয়োগক উৎসাহিত কৰাৰ বিষয়ত আলোকপাত কৰা হয়।
সামৰণি ভাষণত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ড০ ৰণবীৰ সিঙে বানপানীৰ আশংকা ফলপ্ৰসূভাৱে হ্ৰাস কৰিবলৈ ৰাজ্য আৰু সংশ্লিষ্ট সংস্থাসমূহৰ মাজত নিৰন্তৰ আলোচনা আৰু সহযোগিতাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু কেন্দ্ৰীয় জল আয়োগে বানপানীৰ সমভূমি অঞ্চল ৰূপায়ণৰ ক্ষেত্ৰত এন ই আৰৰ ৰাজ্যসমূহক শক্তিশালী আৰু বহনক্ষম বান ব্যৱস্থাপনা সমাধান আৰু কাৰিকৰী সহায় আগবঢ়োৱাৰ কথাও তেওঁ পুনৰ দৃঢ়তাৰে উল্লেখ কৰে।
PG/BM/DM


(ৰিলিজ আই ডি : 2112503)
অতিথি কক্ষ : 30