উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনত অসমে ভাৰতৰ ডিজিটেল বিপ্লৱৰ নেতৃত্ব দিব বুলি ঘোষণা মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত ৫জি পৰীক্ষাগাৰ স্থাপনৰ কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

Posted On: 25 FEB 2025 7:44PM by PIB Guwahati

গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ত “আই-ৱে টু বিকশিত অসম” শীৰ্ষক এক গুৰুত্বপূৰ্ণ সত্ৰত অসমৰ ডিজিটেল সৱলীকৰণ আৰু সংযুক্ত অঞ্চল হিচাপে পৰিগণিত হোৱাৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰাৰ লগতে তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি) আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ প্ৰসাৰৰ বাবে অসমৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ “অৰ্থনৈতিক ইঞ্জিন” হিচাপে অসমৰ উত্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন(ডনাৰ) মন্ত্ৰী শ্ৰী এম জ্যোতিৰাদিত্য সিন্ধিয়াই মুল ভাষণ প্ৰদান কৰে। ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ "বিকশিত ভাৰত"ৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ গুৰুত্বপূৰ্ণ ভূমিকাক তেওঁ পুনৰ উল্লেখ কৰে। তেওঁ কয় যে অসমে এতিয়া কেৱল নতুন প্ৰযুক্তি গ্ৰহণ কৰাই নহয়, অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। জাগীৰোডত নতুন অৰ্ধপৰিবাহী উদ্যোগৰ ওপৰত আলোকপাত কৰি তেওঁ ভাৰতৰ প্ৰযুক্তিগত স্বাৱলম্বীতা আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান প্ৰাধান্যৰ ওপৰত আলোকপাত কৰে।

অসমক “অসীম সম্ভাৱনাৰ দেশ” বুলি অভিহিত কৰি সিন্ধিয়াই ৰাজ্যখনক দক্ষিণ-পূব এছিয়া, আছিয়ান অঞ্চল আৰু গ্লবেল ছাউথৰ প্ৰৱেশদ্বাৰ হিচাপে আখ্যা দিয়ে। তেওঁ ভৱিষ্যতৰ উৎপাদন আৰু লজিষ্টিক কেন্দ্ৰ হিচাপে অসমৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতৰ অৰ্থনৈতিক সম্প্ৰসাৰণত ৰাজ্যখনে এক মূল অৰিহণা যোগায় বুলি উল্লেখ কৰে।

এই পৰিৱৰ্তন ত্বৰান্বিত কৰিবলৈ যোগাযোগ মন্ত্ৰালয়ে অসমৰ টেলিকম আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৪০০০ কোটি টকা বিনিয়োগ কৰিছে। ভাৰতনেট প্ৰকল্পৰ অধীনত ইতিমধ্যে ২,২৮৫ খন গাওঁ পঞ্চায়ত ব্ৰডবেণ্ডৰ সৈতে সংযোগ কৰা হৈছে। ব্ৰডবেণ্ডৰ জৰিয়তে ২৫,০০০ গাঁও সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। বিএছএনএলৰ জৰিয়তে ১৮০০ কোটি টকাৰ বিনিয়োগে উত্তৰ-পূব ভাৰতৰ নেটৱৰ্ক আন্তঃগাঁথনি আৰু অধিক উন্নত কৰিব। ডিজিটেল সংযোগৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি মন্ত্ৰী সিন্দিয়াই দৃঢ়তাৰে কয়, "বিএছএনএলে অসমৰ প্ৰান্তীয় গাঁওখনকো ৪জি আৰু ৫জি নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰিব।"

তদুপৰি সমৃদ্ধি গ্ৰাম যোজনাৰ অধীনত চৰকাৰে অসমৰ প্ৰতিটো ব্লকত ৫জি ব্যৱহাৰৰ এপ্লিকেচন সেৱা স্থাপন কৰিব। এই সেৱাসমূহে টেলিমেডিচিন আৰু টেলি-শিক্ষাৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত অতি দূৰৱৰ্তী লোকসকলেও উন্নত ডিজিটেল সমাধানৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিব। তেওঁ কয়, “এই ৫জি এপ্লিকেচনৰ জৰিয়তে আমি ডিজিটেল ব্যৱধান দূৰ কৰাৰ লগতে অসমৰ গ্ৰামাঞ্চলৰ প্ৰতিটো শিশুৰ বাবে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ সুলভ কৰি তোলাৰ লক্ষ্য ৰাখিছো।”

৫জিকে ধৰি পৰৱৰ্তী প্ৰজন্মৰ টেলিকম প্ৰযুক্তিৰ গৱেষণা আৰু দক্ষতা বিকাশৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ৫জি পৰীক্ষাগাৰ মুকলি কৰাৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। ব্যয় অনুকূল ৫জি পৰীক্ষণ পৰীক্ষাগাৰ স্থাপন কৰি এই পদক্ষেপে উদ্ভাৱনীমূলক গৱেষণা, নতুন ব্যৱহাৰৰ ক্ষেত্ৰৰ বিকাশ আৰু আইপিআৰ প্ৰজন্মত সহায় কৰিব, যিয়ে ৬জি প্ৰযুক্তিৰ ভৱিষ্যতৰ উন্নতিৰ ভেটি স্থাপন কৰিব।

সংযোগৰ উপৰি অসমে কৃত্ৰিম বুদ্ধিমত্তা (এআই), মেচিন লাৰ্নিং আৰু অৰ্ধপৰিবাহী নিৰ্মাণকে ধৰি সম্ভাৱনাপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰী সিন্ধিয়াই অসমৰ ডিজিটেল বিপ্লৱত অংশগ্ৰহণ কৰিবলৈ বিনিয়োগকাৰীক আমন্ত্ৰণ জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে, "অসমৰ উন্নয়ন ভাৰতৰ প্ৰগতিৰ অবিচ্ছেদ্য অংগ। আমি একেলগে অঞ্চলটো আৰু দেশৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব পাৰো।"

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও বিশেষ সত্ৰত ভাষণ প্ৰদান কৰি তথ্য-প্ৰযুক্তি আৰু ডিজিটেল সেৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নেতা হ’বলৈ ৰাজ্যখনৰ ৰোডমেপ উল্লেখ কৰে। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড শৰ্মাই অসমৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। সত্ৰত উদ্যোগৰ মূল নেতাসকলৰ দৃষ্টিভংগীও অন্তৰ্ভুক্ত কৰা হয়, য’ত ন’কিয়া ইণ্ডিয়াৰ জ্যেষ্ঠ উপ-সভাপতি তথা দেশৰ মুৰব্বী শ্ৰী তৰুণ ছাব্ৰা; ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেডৰ মোবাইল বিজনেছ এণ্ড ডিভাইচৰ সভাপতি শ্ৰী সুনীল দত্ত; আৰু বিএছএনএলৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰী এ. ৰবাৰ্ট জে ৰবি উপস্থিত থাকে।

তেওঁলোকে অসমৰ আইচিটি আন্তঃগাঁথনি বিকাশ আৰু ব্যাপক ডিজিটেল গ্ৰহণক আগুৱাই নিয়াৰ লক্ষ্যৰে পদক্ষেপ আৰু সহযোগিতাৰ ৰূপৰেখা দাঙি ধৰে।

PG/SM/DB


(Release ID: 2106263) Visitor Counter : 81
Read this release in: English