স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ড্ৰোন ভিত্তিক স্বাস্থ্য সেৱাৰে কামৰূপত চিকিৎসা শিবিৰ আয়োজন এইমছ গুৱাহাটীৰ

পোষ্ট কৰা হৈছে: 11 DEC 2024 4:29PM by PIB Guwahati

দুৰ্গম আৰু সুবিধা বঞ্চিত অঞ্চলত স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি এইমছ গুৱাহাটীয়ে জিলা স্বাস্থ্য সমিতি, কামৰূপৰ সহযোগত বটাহিদিয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিশেষ স্বাস্থ্য শিবিৰ আয়োজন কৰে। কামৰূপ জিলাৰ ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এটা দ্বীপত বসবাস কৰা স্থানীয় জনসাধাৰণক অত্যাৱশ্যকীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে ১০ ডিচেম্বৰত এই শিবিৰ আয়োজন কৰা হয়।

শিবিৰত ভেষজ, স্ত্ৰীৰোগ, অস্থি, দন্ত চিকিৎসা, শিশু চিকিৎসা, চৰ্ম, ইএনটি, ফাৰ্মাক’লজী, নেত্ৰৰ লগতে বিভিন্ন বিভাগৰ বিশেষজ্ঞ আৰু চিকিৎসা বৃত্তিৰ লগতে ড্ৰোন আৰু দূৰৱৰ্তী চিকিৎসাৰ দলকে ধৰি এটা দলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। শিবিৰত দুই শতাধিক ৰোগীৰ চিকিৎসা কৰা হৈছিল, যিসকলে বিভিন্ন ধৰণৰ চিকিৎসাজনিত সমস্যাত ভুগিছিল

তদুপৰি, এইমছ গুৱাহাটীৰ উদ্ভাৱনীমূলক ড্ৰোনভিত্তিক স্বাস্থ্যসেৱা সেৱাৰ দ্বাৰা ৰোগীসকল লাভান্বিত হৈছে। বটাহিদিয়া চৰ পিএইচচিত ৰোগীৰ পৰা সংগ্ৰহ কৰা নিদানমূলক নমুনাসমূহ ড্ৰোন যোগে এইমছ গুৱাহাটীলৈ অধিক পৰীক্ষাৰ বাবে লৈ যোৱা হয়, যাৰ ফলত সময়মতে ৰোগ নিৰ্ণয় আৰু পৰৱৰ্তী চিকিৎসা নিশ্চিত হয়। এইমছ গুৱাহাটী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম) অসম আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক কামৰূপৰ সহযোগিতাত প্ৰদান কৰা এই সেৱাৰ লক্ষ্য হৈছে অঞ্চলটোৰ নদীৰ পাৰ আৰু দুৰ্গম অঞ্চলত স্বাস্থ্যসেৱা প্ৰদানৰ দিশত উন্নতি সাধন কৰা।

এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণকে স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধিৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি কয়, “এই অঞ্চলসমূহৰ স্বাস্থ্যসেৱাৰ ব্যৱধান দূৰ কৰিবলৈ দূৰ দূৰণিত থকা সমূদায়ৰ ওচৰলৈ গৈ প্ৰযুক্তি আৰু বিশেষজ্ঞ চিকিৎসা সেৱাৰ আগবঢ়াবলৈ সদায়েই সাজু এইমছ গুৱাহাটী।”

 

PG/ SM/DB


(ৰিলিজ আই ডি : 2083291) অতিথি কক্ষ : 24
ত এই ৰিলিজটো পঢ়ক: English