গৃহ মন্ত্ৰালয়
৭ নৱেম্বৰত ভূমি বন্দৰ দৰঙাত উদ্বোধন কৰা হ'ব ইমিগ্ৰেচন তালাচী চকী
ইমিগ্ৰেচন তালাচী চকীয়ে ভাৰত আৰু ভূটানৰ মাজত সীমান্তৰ ইপাৰে-সিপাৰে সংযোগ শক্তিশালী কৰিব
পোষ্ট কৰা হৈছে:
05 NOV 2024 6:46PM by PIB Guwahati
ভাৰত-ভূটানৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ অৰ্থে এক গুৰুত্বপূৰ্ণ হিচাবে ২০২৪ চনৰ ৭ নৱেম্বৰত অসমৰ ভূমি বন্দৰ হিচাবে পৰিচিত দৰঙাত ইমিগ্ৰেচন তালাচী চকী (আইচিপি) উদ্বোধন কৰা হ'ব। ভূটান সীমান্তৰ পৰা মাত্ৰ ৭০০ মিটাৰ দূৰৈত অৱস্থিত এই ভূমি বন্দৰটো আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে।

উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ প্ৰধানমন্ত্ৰী এইচ.ই. শ্ৰী দাছো শ্বেৰিং টবগে উপস্থিত থাকিব। ১৪.৫ একৰ ভূমি আৱৰি থকা আইচিপি দৰঙাত সীমান্ত পাৰহৈ কৰা ভ্ৰমণ আৰু বাণিজ্য সুশৃংখলিত কৰাৰ অৰ্থে অত্যাধুনিক ব্যৱস্থা থাকিব।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আগবঢ়োৱা উন্নত সংযোগ আৰু ভূটানত শক্তিশালী শুল্ক আন্তঃগাঁথনিৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আইচিপি দৰঙাই দক্ষ কাৰ্যকলাপ নিশ্চিত কৰাত সহায় কৰিব । আইচিপি দৰঙাৰ উদ্বোধন আঞ্চলিক আন্তঃসংযোগ আৰু সমৃদ্ধি ত্বৰান্বিত কৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ'ব।
ভাৰতৰ উন্নয়নমূলক পদক্ষেপ আৰু ভূটানৰ বৰ্ধিত ঔদ্যোগিক উৎপাদন , বিশেষকৈ মট্টাঙ্গাৰ ঔদ্যোগিক উৎপাদনৰ সৈতে সংগতি ৰাখি আইচিপিয়ে বাণিজ্য সম্প্ৰসাৰণক অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে। "চমজং" ব্ৰেণ্ড আৰু চামদ্ৰুপ-জংখাৰৰ বজাৰসমূহে দুয়োখন ৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক আৰু সাংস্কৃতিক সমন্বয়ৰ সেতু গঢ়ি তুলিছে।
আইচিপি দৰঙা কেৱল এক বাণিজ্যিক কেন্দ্ৰই নহয়, লগতে ই এক অভিবাসন তালাচী চকী। আইচিপিয়ে স্থানীয় অৰ্থনীতি বৃদ্ধি কৰিব আৰু আন্তৰ্জাতিক সম্পৰ্ক সুদৃঢ় কৰিব । আইচিপিৰ শক্তিশালী উন্নয়নে ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব তুলিব বুলি অনুমান কৰা হৈছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু সূচল যাতায়াতৰ এক আধাৰশিলাও স্থাপন হ'ব।
আইচিপি দৰঙাৰ উদ্বোধন হ'ব এক গুৰুত্বপূৰ্ণ অনুষ্ঠান, যি বন্ধুত্বৰ সেতু আৰু ভাৰত তথা ভূটানৰ বাবে অংশীদাৰী সমৃদ্ধিৰ প্ৰতীক হিচাবে পৰিগণিত হ'ব। আইচিপিয়ে অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক সংযোগ বৃদ্ধিৰ বাবে এক কৌশলগত পদক্ষেপক প্ৰতিনিধিত্ব কৰিব, যিয়ে সহযোগিতা আৰু পাৰস্পৰিক বিকাশৰ মনোভাৱক মূৰ্ত কৰি তুলিব।
***********
BM
(ৰিলিজ আই ডি : 2071026)
অতিথি কক্ষ : 39