মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ উপলক্ষে বিভিন্ন মন্ত্ৰালয়ে ৭৩.৩১ লাখৰ অধিক কাৰ্যসূচীৰ আয়োজন কৰে
Posted On:
26 SEP 2024 7:30PM by PIB Guwahati
এই বছৰৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ দেশতে সপ্তম পোষণ মাহ পালন কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে "পোষণ মাহ ২০২৪" সফল কৰিবলৈ ২১ টা অন্যান্য মন্ত্ৰালয়ৰ সৈতে একেলগে কাম কৰে।

এই প্ৰয়াসত ৩৬ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৬৩ খন জিলাত মুঠ ৭৩.৩১ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াত শিক্ষা মন্ত্ৰালয়ৰ সহযোগ আটাইতকৈ বেছি। মন্ত্ৰালয়ে এতিয়ালৈকে ১৯.৯৭ লাখ কাৰ্যসূচী কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ত ১৮.১৩ লাখ, গ্ৰামীণ বিকাশ মন্ত্ৰালয়ত ১৩.৮০ লাখ, আয়ুস মন্ত্ৰালয়ত ১১.২৪ লাখ তথা পঞ্চায়ত মন্ত্ৰালয়ত ১০.১৭ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
৩১ আগষ্টত গুজৰাটৰ গান্ধীনগৰৰ পৰা আৰম্ভ হোৱা ‘ৰাষ্ট্ৰীয় পোষণ মাহ’ ভাৰতীয় বিশেষকৈ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰা মাতৃ, কিশোৰী, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত স্বাস্থ্যসন্মত পুষ্টিৰ অভ্যাস সংবেদনশীল আৰু তাক আঁকোৱালি ল'বলৈ এক মাহ ধৰি চলা এক প্ৰচেষ্টা।
পোষণ মাহ চৰকাৰৰ বহু সফল অভিযানৰ ভিতৰত এটা হিচাপে বিবেচিত হৈছে। ২০১৪ চনত আৰম্ভ কৰা পোষণ মাহৰ এইবাৰৰ সপ্তম সংস্কৰণ অভিলেখ গঢ়িবলৈ আৰু ভাৰতৰ যুৱ সমাজৰ মাজত সুস্থ জীৱন শৈলী তথা পোষণ সম্বন্ধীয় অভ্যাস গঢ়াৰ বাবে সাজু কৰা হৈছে।
***
SS/MS/DS
(Release ID: 2062283)
Visitor Counter : 27