মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪-এ সন্তুলিত আহাৰ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে

পোষণ মাহৰ সাধাৰণ বিষয়বস্তু: সামগ্ৰিক পুষ্টি

পোষ্ট কৰা হৈছে: 18 SEP 2024 7:37PM by PIB Guwahati

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ তত্বাৱধানত ভাৰত চৰকাৰে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত সপ্তম ‘ৰাষ্ট্ৰীয় পোষণ মাহ’ উদযাপন কৰিছে।

এই সময়ছোৱাত উত্তম আহাৰ পদ্ধতিৰ তথ্য প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য’ত সুষম আহাৰ গ্ৰহণ কৰাটোও অন্তৰ্ভুক্ত থাকে।

এক সন্তুলিত আহাৰত ১৫০ গ্ৰাম ফল থাকিব লাগিব; ৯০ গ্ৰাম মাহজাতীয় শস্য, কণী, মাংসৰ খাদ্য; ৩- গ্ৰাম বাদাম আৰু বীজ; ২৭ গ্ৰাম চৰ্বি আৰু তেল; ৩০০ মিলিলিটাৰ গাখীৰ বা দৈ; আৰু ৩৫০ গ্ৰাম শাক-পাচলি।


সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহত স্বাস্থ্যসন্মত পুষ্টি সেৱনৰ বাবে সকলো সাধাৰণ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ আৰু আলোকপাত কৰা হৈছে। ইয়াত পোষণৰ কিছুমান গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে যিবোৰৰ ভিতৰত আছে-

স্তনপান কৰোৱা; পৰিপূৰক খাদ্য প্ৰদান ইত্যাদি।

ইয়াৰ উপৰিও পোষণ কে পাঞ্চ সূত্ৰ অন্তৰ্ভুক্ত আছে(প্ৰথম ১০০০ দিন, হাত ধোৱা, অনাময়, ডায়েৰিয়া, ৰক্তহীনতা)

এমঅডব্লিউচিডি-এ ভাল পুষ্টিৰ কাৰণটোক বিশেষকৈ যুৱ আৰু মাতৃসকলৰ মাজত অধিক গুৰুত্বপূৰ্ণ কৰাৰ বাবে অন্যান্য মন্ত্ৰালয়ৰ সৈতেও সহযোগিতা আগবঢ়াইছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়েও 'এক পেড় মা কে নাম' অভিযানৰ জৰিয়তে সজাগতা সৃষ্টিৰ বাবে পোষণ অভিযানৰ অধীনত কাম কৰি আছে।

অন্যান্য কাৰ্যসূচীসমূহৰ ভিতৰত আছে সভা, লোক অনুষ্ঠান, পোষণ কৰ্মশালা/ আলোচনা চক্ৰ আৰু যুৱ গোটৰ সভা।

https://treeplantation.poshantracker.in/

 

***

 

SS/MS/DS


(ৰিলিজ আই ডি : 2062101) অতিথি কক্ষ : 78
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी