পৰ্যটন মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশ্ব পৰ্যটন দিৱসত অসমৰ চহকী ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সন্ধানত গুজৰাটৰ সাংবাদিকৰ দল

Posted On: 27 SEP 2024 6:46PM by PIB Guwahati

পৰ্যটন হৈছে এনে এক  অন্যতম গুৰুত্বপূৰ্ণ বিষয়  যিয়ে মানুহক শিকিবলৈ, তথ্য বিনিময় কৰিবলৈ, সংস্কৃতি আৰু পৰম্পৰাৰ মাজেৰে ব্যৱধান দূৰ কৰিবলৈ সক্ষম কৰি তোলে। গুজৰাটী ভাষাত "আদৰণি"ৰ অর্থ "আৱো পধাৰো"ৰ আজি অসমত  প্রকৃত অৰ্থ বিচাৰি পালে  গুজৰাটৰ সাংবাদিকৰ এটা দলে । আজি বিশ্ব পৰ্যটন দিৱস উপলক্ষে অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন ঐতিহাসিক, স্থাপত্য, আৰু প্ৰত্নতাত্ত্বিক স্থান পৰিদৰ্শন কৰে গুজৰাটৰ সাংবাদিকৰ দলটোৱে। উল্লেখ্য প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্বজুৰি পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস।

২০২৪ চনৰ ২৩ ছেপ্টেম্বৰৰ পৰা  সাতদিনীয়াকৈ অসম ভ্ৰমণ কৰা  গুজৰাটৰ  সাংবাদিকৰ প্ৰতিনিধি দলটোৱে ২৯ ছেপ্টেম্বৰত তেওঁলোকৰ ভ্ৰমণৰ সামৰণি মাৰিব।  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে গুজৰাটৰ সাংবাদিকৰ এই ভ্ৰমণৰ আয়োজন কৰিছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে  যাতে গুজৰাটৰ সাংবাদিকসকলে অসমৰ সাংস্কৃতিক, প্ৰাকৃতিক, ঔদ্যোগিক আৰু আন্তঃগাঁথনিগত উন্নয়নৰ বিষয়ে বুজিব পাৰে।

 আজি সাংবাদিকৰ দলটোৱে অসমৰ যোৰহাট জিলাৰ হোলোঙাপাৰত নিৰ্মাণৰত লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল  "Statue of Valour" নামেৰে পৰিচিত এই প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিটো   লাচিত মৈদাম স্মৃতিসৌধ আৰু সাংস্কৃতিক প্ৰকল্পৰ  অন্তৰ্গত , যি প্ৰকল্প ০২৫ চনৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা।এই কমপ্লেক্সত অন্তৰ্ভুক্ত থাকিব লাচিতৰ মূৰ্তি,  টাই আহোম সংগ্ৰহালয়, লাচিত সংগ্ৰহালয়, এটা প্ৰেক্ষাগৃহ আৰু অন্যান্য। এই ২০২৩ চনৰ জানুৱাৰীাহত এই প্ৰকল্পৰ  কাম আৰম্ভ হৈছিল।

সম্পূৰ্ণ হৈ উঠাৰ পিছত এই প্ৰতিমূৰ্তিটো এক ঐতিহ্যমণ্ডিত সম্পদত পৰিণত হ’ব, যাৰ ফলত অসমৰ, বিশেষকৈ যোৰহাট জিলাৰ পৰ্যটনৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাব। শৰাইঘাটৰ যুদ্ধত মোগলৰ আক্ৰমণ প্ৰতিহত কৰা আহোমৰ সেনাপতি লাচিত বৰফুকনৰ সাহস আৰু বীৰত্বৰ স্মৃতিত এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে । প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি থকাৰ লগতে অতি সোনকালে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

আহোম ৰাজ্যৰ অসংখ্য স্থাপত্য, প্ৰত্নতাত্ত্বিক, অভিযান্ত্ৰিক আশ্চৰ্য্যৰ বাবে পৰিচিত শিৱসাগৰো সাংবাদিকৰ  দলটোৱে পৰিদৰ্শন কৰে। সাংবাদিকৰ প্ৰতিনিধিৰ দলটোৱে ১৭৪৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মিত এছিয়াৰ প্ৰথম এম্ফিথিয়েটাৰ বা পেভিলিয়ন ৰংঘৰো পৰিদৰ্শন কৰে। এই দুমহলীয়া ভৱন শিৱসাগৰৰ এক উল্লেখযোগ্য স্মৃতিসৌধ আৰু ই সমগ্ৰ অসম তথা  ভাৰতৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ চমুকৈ এ এছ আই আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগে বৰ্তমান এই কীৰ্তিচিহ্নটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বহন  কৰি আহিছে। ৰাজ্যৰ পৰ্যটন বিভাগৰ বিষয়াসকলে গুজৰাটৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক  ৰংঘৰৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে অৱগত কৰে।

ছপা আৰু ইলেক্ট্ৰনিক উভয় মাধ্যমেৰে  সংবাদ মাধ্যমৰ সাংবাদিকসকল  গুজৰাটৰ এই  প্ৰতিনিধি দলটোত অন্তৰ্ভূক্ত হৈ আছে। দলটোৱে আহোম ৰাজত্বকালত নিৰ্মিত আন এক উল্লেখযোগ্য কীৰ্তিচিহ্ন তলাতল ঘৰো পৰিদৰ্শন কৰে।

পিছত  সাংবাদিকৰ দলটোৱে ২০২৪ চনৰ জুলাই মাহত ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱা চৰাইদেউ মৈদামো পৰিদৰ্শন কৰে।মৈদাম হ’ল আহোম ৰজা, ৰাণী, সম্ভ্ৰান্ত লোকসকলৰ সমাধিস্থল। "মৈদাম" শব্দটো টাই শব্দ "ফ্ৰাং-মাই-ডাম" বা "মাই-তাম"ৰ পৰা উদ্ভৱ হৈছে। "ফ্ৰাং-মাই"ৰ অৰ্থ হৈছে "কবৰত ৰখা" বা "কবৰ দিয়া" আৰু "ডাম"ৰ অৰ্থ হৈছে "মৃতকৰ আত্মা।"

এই ঐতিহাসিক  স্থানক  বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা ২০২১ চনৰ পৰা আৰম্ভ হৈছিল, য’ত আন্তঃগাঁথনি সম্পৰ্কীয়  উন্নয়ন, মৈদামসমূহৰ সংৰক্ষণ, ইউনেস্ক’ৰ বাবে ড’ছিয়াৰ প্ৰস্তুত কৰা আদি কাম নিহিত হৈ  আছিল। ২০২৩ চনৰ অক্টোবৰ মাহত এই ড’ছিয়াৰ দাখিল কৰা হৈছিল আৰু ২০২৪ চনৰ জুলাই মাহত এই স্থানক আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।

পৰ্যটন বিভাগৰ বিষয়াসকলে সাংবাদিকৰ প্ৰতিনিধি দলটোক জনোৱা মতে সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ হোৱাৰ সময়ত বহু মৈদাম জৰাজীৰ্ণ অৱস্থাত পোৱা আছিল। আহোম ৰাজ্যৰ শাসন দুৰ্বল হোৱাৰ লগে লগে বহু মৈদাম ভাঙি পেলোৱা হৈছিল। বৰ্তমান এই স্থান ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (এএছআই ) আৰু অসমৰ ৰাজ্যিক প্ৰত্নতাত্ত্বিক বিভাগৰ দ্বাৰা ৰক্ষণাবেক্ষণ দি থকা হৈছে। এটা সংগ্ৰহালয়ো নিৰ্মাণৰ কাম চলি আছে আৰু অতি সোনকালে জনসাধাৰণৰ বাবে সেয়া মুকলি কৰা হ’ব। ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ দ্বাৰা পৰিচালিত এই সংগ্ৰহালয়ত আহোম ৰজা চ্যু-কা-ফাৰ জীৱন আৰু মৈদাম খননৰ সময়ত আৱিষ্কাৰ হোৱা শিল্পকৰ্মসমূহ প্ৰদৰ্শন কৰা হ’ব।

এই স্থান বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছত পৰ্যটকৰ আগমনৰ  সন্দৰ্ভত বিষয়াসকলে উল্লেখ কৰে যে দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু পিছলৈ অধিক  বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বিষয়াসকলে অঞ্চলটোৰ জলবায়ু আৰু ভৌগলিক কাৰকক  আটাইতকৈ ডাঙৰ বাধা হিচাপে উল্লেখ কৰি মৈদামৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ত  আলোকপাত কৰে। পাটকাই পাহাৰৰ পাদদেশত অৱস্থিত এই স্থানত গছ-গছনি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে অহৰহ ঘাঁহ-বন আৰু অপতৃণ পৰিষ্কাৰ কৰাৰ প্ৰয়োজন হয় বুলিও তেওঁলোকে কয়।

এই প্ৰত্যাহ্বানসমূহৰ মাজতো এই ঐতিহাসিক স্থানে দৰ্শনাৰ্থীসকলক এক অনন্য স্থাপত্যৰ অভিজ্ঞতা প্ৰদান কৰি আহিছে। সেউজীয়া পাটকাই পাহাৰৰ মাজত ইয়াৰ অৱস্থানে পৰ্যটকৰ  ইয়াৰ প্ৰতি  আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰিছে। গুজৰাটৰ সাংবাদিকসকলে এই স্থানৰ  অনন্য স্থাপত্য দৰ্শন কৰি তথা  আৰু ইতিহাসৰ বিষয়ে জানিব পাৰি  মোহিত  হৈ পৰে।

 

PG/NPK/DM



(Release ID: 2059675) Visitor Counter : 33


Read this release in: English , Gujarati