পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

গুজৰাটৰ সাংবাদিকৰ প্ৰতিনিধি দলক নুমলীগড় শোধনাগাৰৰ বিকাশ, উদ্ভাৱনৰ দৃশ্যপট প্ৰদৰ্শন

Posted On: 26 SEP 2024 8:39PM by PIB Guwahati

গুজৰাটৰ সাংবাদিকৰ এটা সাতজনীয়া দলে শেহতীয়াকৈ ‘অইল ইণ্ডিয়া লিমিটেড’ৰ সহায়ক সংস্থা ‘নুমলীগড় শোধনাগাৰ’ পৰিদৰ্শন কৰি অসমৰ তেল আৰু গেছ খণ্ডৰ উন্নয়নৰ বিষয়ে বুজ লয়। ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ৰ দ্বাৰা আয়োজিত ৭ দিনীয়া অসম ভ্ৰমণৰ সময়ছোৱাত দলটোৱে খাৰুৱা তেলৰ শোধন আৰু পেট্ৰ'লিয়াম সামগ্ৰী বিপণনত শোধনাগাৰৰ মূল দক্ষতা সম্পৰ্কীয় বিভিন্ন দিশৰ তথ্য আহৰণ কৰে।


সম্প্ৰসাৰণ প্ৰকল্প

সাংবাদিকসকলক ২৮,০০০ কোটি টকাৰ ‘সম্প্ৰসাৰণ প্ৰকল্প’ৰ বিষয়ে অৱগত কৰা হয়, যিটো প্ৰকল্প ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। ই শোধনাগাৰটোৰ সামৰ্থ্য বছৰি ৩ নিযুত টনৰ পৰা ৯ নিযুত টনলৈ বৃদ্ধি কৰিব। এই প্ৰকল্পৰ অধীনত আমদানিকৃত অপৰিশোধিত খাৰুৱাতেল পৰিবহনৰ বাবে উৰিষ্যাৰ পাৰাদীপ বন্দৰৰ পৰা ১,৬৪০ কিলোমিটাৰ ‘ক্ৰছ-কাণ্ট্ৰী পাইপলাইন’ স্থাপন কৰা হ'ব।

বহনক্ষম শক্তি প্ৰচেষ্টা

‘নুমলীগড় শোধনাগাৰ’ৰ অধীনত ‘অসম বায়ো ইথানল প্ৰাইভেট লিমিটেড’ (এবিইপিএল)য়ে স্থানীয়ভাৱে প্ৰচুৰ বাঁহ ব্যৱহাৰ কৰি ইথানল উৎপাদনৰ কাম কৰি আছে। কৃষক, ‘কৃষক উৎপাদক সংগঠন’ আৰু কৃষক সম্প্ৰদায়ৰ পৰা বাঁহ আহৰণ কৰা হৈছে।

সুৰক্ষা উদ্ভাৱন

এক অনন্য পদক্ষেপত ‘নুমলীগড় শোধনাগাৰে’ দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ ‘কৃত্ৰিম বুদ্ধিমত্তা’ ব্যৱহাৰ কৰে। ২০০ ৰো অধিক কেমেৰাই শোধনাগাৰ প্ৰকল্পটো অহৰ্নিশে নিৰীক্ষণ কৰি থাকে, সুৰক্ষা মানক সম্পৰ্কীয় উলংঘন ধৰা পেলায়, যেনে ‘হেলমেট’ বা ‘সুৰক্ষা জোতা’ পৰিধান নকৰা, আৰু এনে দৃশ্য প্ৰত্যক্ষ কৰিলেই তৎক্ষণাৎ পদক্ষেপ লোৱা হয়।

সাংবাদিকসকলে শোধনাগাৰৰ আন্তঃগাঁথনি ভ্ৰমণ কৰাৰ লগতে চলিত প্ৰকল্পসমূহ পৰিদৰ্শন কৰে আৰু অসমৰ ঔদ্যোগিক আৰু কাৰিকৰী উন্নতিৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰে।


PG/NPK/KB



(Release ID: 2059352) Visitor Counter : 7


Read this release in: English