পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
অসমত বিস্তৃত গঁড় সংৰক্ষণৰ কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস ২০২৪ উদযাপন
কাজিৰঙাত গঁড় সংৰক্ষণৰ উদ্দেশ্যে ৭০০ ছাফাৰী চালক আৰু মাউতক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা
Posted On:
22 SEP 2024 5:30PM by PIB Guwahati
আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিশ্ব গঁড় দিৱস উদযাপন কৰা হয়। আজিৰ দিনটোত গঁড় সংৰক্ষণ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এলানি প্ৰচাৰ কাৰ্য্যসূচীও অনুষ্ঠিত কৰা হয়। গঁড় সংৰক্ষণৰ পদক্ষেপসমূহৰ সৈতে সমাজখনক জড়িত কৰিবলৈ আৰু কাজিৰঙা তথা অসমৰ জৈৱ বৈচিত্ৰ্যৰ বিৰল প্ৰজাতি এক শিংযুক্ত গঁড়ক সুৰক্ষা দিয়াৰ বিষয়ত গুৰুত্বৰ আৰোপ কৰা হয়।
আজি বিশ্ব গঁড় দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা পোষ্টত আমাৰ এই গ্ৰহটোৰ অন্যতম চিনাকি প্ৰজাতি গঁড়ক সুৰক্ষা প্ৰদানৰ বিষয়টোৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে। তেওঁ বছৰ বছৰ ধৰি গঁড় সংৰক্ষণৰ প্ৰচেষ্টাত জড়িত হৈ অহাসকলক প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰীয়ে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বৃহৎ জনসংখ্যাৰ বাসস্থান হোৱাৰ কথাটো ভাৰতৰ গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ নিজৰ কাজিৰঙা ভ্ৰমণৰ কথা আন্তৰিকতাৰে স্মৰণ কৰি আনকো উদ্যানখন ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰে।
এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে গঁড়ক ৰাজ্যৰ জৈৱ বৈচিত্ৰ্যৰ “গৌৰৱ আৰু মুকুটমণি” বুলি অভিহিত কৰে। ড০ শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁৰ চৰকাৰে এশিঙীয়া গঁড়ক সুৰক্ষা প্ৰদান কৰা , গঁড়ৰ বাসস্থান সম্প্ৰসাৰণ কৰা আৰু ইয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ অৰ্থেহাতত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে।
এই উপলক্ষে কাজিৰঙাৰ কহৰা কনভেনচন চেণ্টাৰত এলানি অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত গঁড়ৰ সংৰক্ষণ সদন্ৰ্ভত সজাগতা ৰেলী, জংগল ছাফাৰী, দক্ষতা উন্নীতকৰণৰ প্ৰশিক্ষণ আৰু বনৰ সুৰক্ষাত সন্মুখৰ পৰাই নিয়োজিত কৰ্মীসকলৰ বাবে এক্সিছ বেংকৰ আঁচনি একক দৰমহা একাউণ্ট ‘প্ৰকল্প ভান ৰক্ষক’ মুকলি কৰা হয়।
আজিৰ এই অনুষ্ঠানত অসমৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা দপ্তৰৰ মন্ত্ৰী শ্ৰী অতুল বৰা, অসম চৰকাৰৰ পৰিবহণ, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত কেশব মহন্ত আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সংসদ সদস্য শ্ৰী কামাখ্যা প্ৰসাদ তাছা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

গঁড় সংৰক্ষণৰ গুৰুত্ব প্ৰচাৰৰ লক্ষ্য আগত ৰাখি গঁড় টেবল’ ৰেলীৰে দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। স্থানীয় জনগোষ্ঠী, জীপ ছাফাৰী সংস্থা, বনকৰ্মী, এন জি অ’ আৰু বন্যপ্ৰাণীপ্ৰেমীসকলৰ অংশগ্ৰহণে আজিৰ এই অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলে। এইবেলি অসম দক্ষতা বিকাশ অভিযানৰ পুঁজিৰ সহায়ত প্ৰায় ৭০০ জিপছী ছাফাৰী চালক আৰু মাউতক দৰ্শনাৰ্থীৰ সুৰক্ষা তথা দৰ্শনাৰ্থীৰ অভিজ্ঞতাক অধিক সতেজ কৰি তোলাৰ অৰ্থে প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে এক অনন্য কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰশিক্ষণে বন্যপ্ৰাণীৰ আচৰণ ব্যাখ্যা আৰু উদ্যান ভ্ৰমণ কৰা দৰ্শনাৰ্থীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ উন্নত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। যাতে পৰ্যটকসকলে গঁড় সংৰক্ষণ প্ৰচেষ্টাৰ বিষয়ে ভালদৰে বুজিব পাৰে। প্ৰথম দুটা বেটচে ইতিমধ্যে সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। আজিৰ অনুষ্ঠানত সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰাসকলক প্ৰমাণ পত্ৰ, বেজ, ইউনিফৰ্ম আৰু পৰিচয় পত্ৰ প্ৰদান কৰে অনুষ্ঠানত উপস্থিত থকা মুখ্য অতিথিসকলে।
আজিৰ এই অনুষ্ঠানতে লেখিকা তথা প্ৰকৃতিবিদ শ্ৰীমতী শান্তা শৰ্মাৰ অসমৰ চহকী জৈৱ বৈচিত্ৰ্যক প্ৰদৰ্শন কৰা দুখন গ্ৰন্থ - "বাৰ্ডছ অব আছাম " আৰু "এ হেণ্ডবুক অন কমন ফ্ৰেছৱাটাৰ ফিছেচ অব আছাম" উন্মোচন কৰা হয়। অসম ৰাজ্যিক জলাশয় প্ৰাধিকৰণৰ আৰু ভাৰত-জাৰ্মান দ্বিপাক্ষিক সহযোগিতা প্ৰকল্পই যৌথভাবে গ্ৰন্থ দুখন প্ৰকাশ কৰি উলিয়াইছে।
ইয়াৰ উপৰিও এটা স্বেচ্ছামূলক দৰমহা একাউণ্টৰ সৈতে জড়িত - সন্মুখৰ পৰা সেৱা আগবঢ়োৱা বনকৰ্মীসকলৰ বাবে এক্সিছ বেংকৰ স্বাস্থ্য বীমা আঁচনিও মুকলি কৰা হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আগৰণুৱা বনকৰ্মীসকলক স্বাস্থ্য সম্পৰ্ককীয় সহায় আৰু আৰু সুৰক্ষা প্ৰদান কৰা।
ভাৰতত গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰ বিষয়ে অধিক জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক:
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2024/sep/doc2024922399401.pdf
PG/SS/DM
(Release ID: 2057667)
Visitor Counter : 65