তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৫২টা খণ্ডৰ টিভি ছিৰিজ প্ৰস্তুতৰ অৰ্থে প্ৰসাৰ ভাৰতী আৰু অসম চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ
পোষ্ট কৰা হৈছে:
12 AUG 2024 6:57PM by PIB Guwahati
প্ৰসাৰ ভাৰতীয়ে অসম চৰকাৰৰ সহযোগত আহোম ৰাজবংশৰ কিংবদন্তি যোদ্ধা লাচিত বৰফুকনক লৈ ৫২টা খণ্ডৰ এখন টিভি ধাৰাবাহিক নিৰ্মাণ আৰু টেলিকাষ্ট কৰিব। এই ধাৰাবাহিকখন আকাশবাণী, দূৰদৰ্শন আৰু ইয়াৰ ডিজিটেল সেৱা প্ৰসাৰ ভাৰতী নিউজ চাৰ্ভিচেছ (পিবিএনএছ)কে ধৰি প্ৰসাৰ ভাৰতীৰ প্লেটফৰ্মত সম্প্ৰচাৰিত হ’ব ।
এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দূৰদৰ্শনৰ সঞ্চালক প্ৰধান শ্ৰীমতী কাঞ্চন প্ৰসাদৰ উপস্থিতিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষী দাস নাথ, এচিএছ আৰু প্ৰসাৰ ভাৰতীৰ উপ-সঞ্চালক প্ৰধান (কন্টেন্ট ছ’ৰ্চিং) শ্ৰী অমিত কুমাৰ ডাঙৰীয়াই এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই উপলক্ষ্যে উপস্থিত থকা আন ব্যক্তিসকলৰ ভিতৰত আছিল অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী বিমল বৰা, অসমৰ মুখ্য সচিব শ্ৰীযুত ৰবি কোটা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব শ্ৰীযুত বি কল্যাণ চক্ৰৱৰ্তী, আই এ এছ আৰু শ্ৰী অংকুৰ লাহোতী, উপ- সঞ্চালক, ডিডিকে, গুৱাহাটী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন আৰু ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কাৰণ অসম চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰসাৰ ভাৰতীৰ সহযোগত কিংবদন্তি লাচিত বৰফুকনকলৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ উদ্যোগ লৈছে । এই তথ্যচিত্ৰখন দেশজুৰি সম্প্ৰচাৰিত হ’ব, য’ত লাচিত বৰফুকনৰ বীৰত্বৰ কথা বিশাল সংখ্যক দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব।
তেওঁ লগতে প্ৰসাৰ ভাৰতীৰ দলটোক লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ধাৰাবাহিক নিৰ্মাণ কৰাৰ সময়ত অধিক সংবেদনশীল হ’বলৈ অনুৰোধ জনায়। অসমৰ ইতিহাস আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত নিৰ্ভুল তথ্যৰ চিত্ৰায়নৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ এই বিষয়ত জোৰ দি কয় যে তথ্যচিত্ৰখন এনেদৰে নিৰ্মাণ কৰিব লাগে যাতে অসমবাসীৰ আৱেগ-অনুভূতিত কোনো আঘাত নলগাকৈ লাচিত বৰফুকনৰ বীৰত্বক প্ৰকৃত ৰূপত উপস্থাপন কৰা হয় আৰু বীৰগৰাকীক সন্মান জনোৱা হয়।

এই ধাৰাবাহিকখনৰ উদ্দেশ্য হৈছে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ মাজলৈ গভীৰভাৱে সোমাই গৈ তেওঁৰ কৌশলগত মেধা, অদম্য সাহস আৰু চিৰস্থায়ী বীৰত্বতৰ বিষয়টোক পোহৰলৈ অনা। তেওঁৰ অসাধাৰণ অভিযানক চিত্ৰিত কৰি ধাৰাবাহিকখনে লাচিত বৰফুকনৰ অমূল্য অৱদানক স্মৰণ কৰাৰ লগতে অসমৰ চহকী ঐতিহাসিক ঐতিহ্যক উজলাই তোলাৰ প্ৰয়াস কৰিব। এই সহযোগিতামূলক প্ৰচেষ্টাৰ লক্ষ্য হৈছে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰা আৰু লাচিত বৰফুকনৰ বীৰত্ব আৰু ত্যাগৰ কথা যাতে যুগ যুগ ধৰি প্ৰতিধ্বনিত হৈ থাকে তাৰ ব্যৱস্থা কৰা।
পৃষ্ঠভূমি:
লাচিত বৰফুকন (২৪ নৱেম্বৰ ১৬২২ - ২৫ এপ্ৰিল ১৬৭২) আছিল অসমৰ ৰাজকীয় আহোম সেনাৰ বিখ্যাত সেনাপতি, যিয়ে মোগলক পৰাস্ত কৰিছিল আৰু ঔৰঙ্গজেৱৰ অধীনত মোগলসকলে বিস্তাৰিত কৰিব বিচৰা উচ্চাকাংক্ষাক সফলভাৱে ৰুদ্ধ কৰিছিল। লাচিত বৰফুকনে ১৬৭১ চনত সংঘটিত শৰাইঘাট যুদ্ধত অসমৰ সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল আৰু মোগলক এক শোচনীয় আৰু অপমানজনক পৰাজয়ৰ দিশে ঠেলি দিছিল। । লাচিত বৰফুকন আৰু তেওঁৰ সৈন্যৰ বীৰত্বপূৰ্ণ যুঁজ আমাৰ দেশৰ সামৰিক ইতিহাসত প্ৰতিৰোধৰ আটাইতকৈ প্ৰেৰণাদায়ক অধ্যায় হিচাবে বিবেচিত হৈ আহিছে। অসমৰ এই সাহসী সেনাপতিগৰাকীৰ সাহসিকতাৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক।
PG/SS/DM
(ৰিলিজ আই ডি : 2044671)
অতিথি কক্ষ : 130