ৰেচম মন্ত্ৰালয়
বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটীত “বুনকৰ এণ্ড কাৰিগৰ উত্থান” আপস্কিলিং কাৰ্যসূচী উদ্বোধন কৰে
বস্ত্ৰ মন্ত্ৰালয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ৩৬২৭গৰাকী বয়ন শিল্পী আৰু শিল্পকাৰৰ দক্ষতা বৃদ্ধিৰ বাবে নতুন প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে
এই পদক্ষেপ সমগ্ৰ দেশৰ বয়ন শিল্পী আৰু শিল্পকাৰসকলক নতুন প্ৰযুক্তি আৰু দক্ষতাৰে সবলীকৰণৰ বাবে উৎসৰ্গিত: মাৰ্ঘেৰিটা
Posted On:
27 JUL 2024 6:29PM by PIB Guwahati
হস্তশিল্প আৰু হস্ততাঁত খণ্ডত প্ৰশিক্ষিত কৰ্মশক্তি সৃষ্টি আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি গুৱাহাটীত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ “বয়নশিল্পী আৰু শিল্পকাৰ উত্থান-দক্ষতা বৃদ্ধি - ১০০ দিনত ১০০টা ক্লাষ্টাৰ” কাৰ্যসূচী উদ্বোধন কৰে। বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ কাৰ্যালয় আৰু হস্তশিল্পৰ উন্নয়ন আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো ভাৰ্চুৱেল পদ্ধতিত সমগ্ৰ দেশতে উদ্বোধন কৰা হয়।

শ্ৰী মাৰ্ঘেৰিটাই উদ্বোধনী ভাষণত আধুনিক বজাৰৰ প্ৰয়োজনীয়তাৰ লগত খাপ খুৱাই ভাৰতৰ চহকী শিল্প ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এই পদক্ষেপে আমাৰ শিল্পকাৰ আৰু হস্ততাঁত শিল্পীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিনিয়োগক প্ৰতিনিধিত্ব কৰে। তেওঁলোকক উন্নত দক্ষতা আৰু জ্ঞানেৰে সজ্জিত কৰি আমি কেৱল আমাৰ পৰম্পৰাগত কলাক সংৰক্ষণ কৰাই নহয়, আমাৰ শিল্প খণ্ডসমূহ যাতে প্ৰতিযোগিতামূলক আৰু সজীৱ হৈ থাকে সেয়াও নিশ্চিত কৰিছোঁ বুলিও তেওঁ লগতে কয়। শ্ৰী মাৰ্ঘেৰিটাই কয় যে ভাৰতৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ড সদায় অতি চহকী হৈ আহিছে আৰু বয়নশিল্পী আৰু শিল্পকাৰসকল এই দেশৰ অৰ্থনীতি আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বয়নশিল্পী আৰু শিল্পকাৰৰ উত্থান-দক্ষতা বৃদ্ধি কাৰ্যসূচীৰ অধীনত হস্তশিল্প খণ্ডৰ ৭০টা ক্লাষ্টাৰ আৰু হস্ততাঁত খণ্ডৰ ৩০টা ক্লাষ্টাৰে প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীভূত আপস্কিলিং লাভ কৰিব। তেওঁ সমগ্ৰ দেশৰ বয়নশিল্পী আৰু শিল্পকাৰসকলক এই কাৰ্যসূচীৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আৰু অধিক দক্ষতা আৰু প্ৰযুক্তিৰে নিজকে উন্নীত কৰিবলৈ উৎসাহিত কৰে।
অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী শ্ৰী ইউ জি ব্ৰহ্মইও উপস্থিতসকলক সম্বোধন কৰি আঞ্চলিক উন্নয়নৰ বাবে কাৰ্যসূচীৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যিহেতু অসমত বৃহৎ সংখ্যক লোক বয়নৰ লগত জড়িত, গতিকে এই পদক্ষেপে তেওঁলোকক নিশ্চয় উপকৃত কৰিব। তেওঁ লগতে কয় যে হস্ততাঁত খণ্ডৰ উন্নতিৰ বাবে ৰাজ্য চৰকাৰেও এই খণ্ডত বিভিন্ন ধ্বজাবাহক আঁচনি উলিয়াইছে।

ভাৰ্চুৱেল পদ্ধতিত বিভিন্ন স্থানত উপস্থিত থকা শিপিনী/শিল্পীসকলৰ সৈতে পোনপটীয়া মত - বিনিময়ৰ সময়ত শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই বয়নশিল্পী আৰু শিল্পকাৰসকলক তেওঁলোকৰ কৰ্মৰ বাবে প্ৰশংসা কৰে আৰু এই খণ্ডত সকলোকে সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে।
এই অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যসূচী (এন এইচ ডি পি)ৰ বিভিন্ন উপাদানৰ অধীনত হিতাধিকাৰী বয়নশিল্পী আৰু শিল্পকাৰসকলক প্ৰমাণপত্ৰ আৰু সঁজুলিও বিতৰণ কৰা হয়।
আজিৰ অনুষ্ঠানত হস্ততাঁত বিভাগৰ উন্নয়ন আয়ুক্ত শ্ৰীমতী এম বীনা আৰু হস্তশিল্পৰ উন্নয়ন আয়ুক্ত শ্ৰীমতী অমৃত ৰাজো উপস্থিত থাকে।
পদক্ষেপৰ বিষয়ে
"কাৰিগৰ উত্থান কাৰ্যসূচী - ১০০ দিনত ১০০টা ক্লাষ্টাৰ দক্ষতা বৃদ্ধিৰ বাবে" পদক্ষেপ ভাৰত চৰকাৰৰ '১০০ দিনৰ কাৰ্য পৰিকল্পনা'ৰ অধীনত এক প্ৰশিক্ষণ আৰু ডিজাইন কাৰ্যসূচী। এই পদক্ষেপৰ অংশ হিচাপে হস্ততাঁত বিভাগৰ উন্নয়ন আয়ুক্তৰ কাৰ্যালয় আৰু হস্তশিল্পৰ উন্নয়ন আয়ুক্ত কাৰ্যালয়ে বজাৰৰ বৰ্তমানৰ চাহিদা আৰু ডিজাইনৰ প্ৰয়োজনীয়তা পূৰণ কৰি একেলগে নৱ প্ৰজন্মক কাৰিকৰী আৰু সহজ দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে।
এই পদক্ষেপৰ অধীনত হস্তশিল্প খণ্ডৰ ৭০টা ক্লাষ্টাৰ আৰু হস্ততাঁত খণ্ডৰ ৩০টা ক্লাষ্টাৰে প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীভূত উন্নয়ন লাভ কৰিব। ৩১খন ৰাজ্যৰ ৭০খন জিলা সামৰি লোৱা ৭০টা হস্তশিল্পৰ ক্লাষ্টাৰত ৫২টা ভিন্ন শিল্পকলাৰ ৫১টা গুৰু শিষ্য হস্তশিলপ প্ৰশিক্ষণ কাৰ্যসূচী (জি এছ এইচ পি পি) আৰু ১৯টা ডিজাইন ডেভেলপমেণ্ট কৰ্মশালা (ডি ডি ডব্লিউ) কাৰ্যসূচীৰ জৰিয়তে ২১০০গৰাকী শিল্পকাৰৰ উন্নীতকৰণৰ প্ৰস্তাৱ দিয়া হৈছে। ৩০টা হেণ্ডলুম ক্লাষ্টাৰত ২৬খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২৯টা ৱিভাৰছ ছাৰ্ভিচ চেণ্টাৰ (ডব্লিউ এছ চি)ৰ জৰিয়তে ১৫২৭জন বয়ন শিল্পীৰ আপস্কিলিং প্ৰস্তাৱ কৰা হৈছে।
**********
PG/BM
(Release ID: 2037985)
Visitor Counter : 73