ৰেল মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ মাধ্যমক ভাৰ্চুৱেলী সম্বোধন ৰে’ল মন্ত্ৰীৰ
ৰে’ল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু অঞ্চলটোত ৰে’লপথ সম্প্ৰসাৰণৰ দ্ৰুত গতি নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ
২০২৪-২৫ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত ৰে’লৱেৰ বাবে ১০,৩৭৬ কোটি টকা নিৰ্ধাৰণ
নতুন ট্ৰেক স্থাপনৰ বাবে ১৮টা প্ৰকল্প ইতিমধ্যে চলি আছে আৰু ইয়াৰ বাবে ৭৪,৯৭২ কোটি টকা আবণ্টন কৰা হৈছে
प्रविष्टि तिथि:
24 JUL 2024 7:37PM by PIB Guwahati
ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি এক ভাৰ্চুৱেলী উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ মাধ্যমক সম্বোধন কৰি ২০২৪-২৫ ৰে’ল বাজেটত কৰা মূল ঘোষণাসমূহৰ বিষয়ে বিশদভাৱে অৱগত কৰে। ভাৰতীয় ৰে’লৱেৰ ৰূপান্তৰ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেক সবলীকৰণৰ লক্ষ্যৰে বাজেট আবণ্টন আৰু পদক্ষেপসমূহৰ বিষয়ে অধিক স্পষ্টতা আৰু অন্তৰ্দৃষ্টি প্ৰদানৰ উদ্দেশ্যে এই সংবাদমেল অনুষ্ঠিত কৰে।
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এক্ট ইষ্ট পলিচিৰ লগত সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু ৰে’লপথ সম্প্ৰসাৰণৰ দ্ৰুত গতি নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ সন্দৰ্ভত আলোকপাত কৰে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনি উন্নয়ন আৰু যাত্ৰী সুৰক্ষা ব্যৱস্থাকে ধৰি বাজেটৰ বিভিন্ন দিশৰ ওপৰত বিভিন্ন তথ্য সদৰি কৰে।

মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীক ৰে’লৱেৰ বাবে অভিলেখ পৰিমাণৰ মূলধনী ব্যয় হিচাপে ২,৬২,২০০ কোটি টকা আবণ্টনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১০, ৩৭৬ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে যিটো ২০০৯-১৪ চনৰ সময়ছোৱাত বাৰ্ষিক গড় বাজেট ব্যয়ৰ তুলনাত ৫ গুণ অধিক। তেওঁ লগতে কয় যে ইতিমধ্যে ১,৩৬৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ট্ৰেক স্থাপনৰ কাম চলি থকা ১৮টা প্ৰকল্পৰ বাবে ৭৪,৯৭২ কোটি টকা আবণ্টন দিয়া হৈছে।
২০২৪-২৫ চনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে’ল বাজেটৰ বাবে কেতবোৰ মূল দিশ হ’ল-
● উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১০,৩৭৬ কোটি টকা বাজেট ব্যয় বৃদ্ধি
● ২০১৪-২৪ৰ সময়ছোৱাত প্ৰতি বছৰে ১৭৩ কিলোমিটাৰ (গড়) নতুন ট্ৰেক স্থাপন কৰা হৈছে, ২০০৯-১৪ চনৰ ভিতৰত এই পৰিমাণ আছিল বছৰি মাত্ৰ ৬৭ কিলোমিটাৰ।
● ২০১৪-২৪ চনৰ ভিতৰত প্ৰতি বছৰে (গড়) ১৪২ কিলোমিটাৰ ট্ৰেকত বিদ্যুৎ সংযোগ। ২০০৯-২০১৪ চনৰ ভিতৰত কোনো ট্ৰেকত বিদ্যুৎ সংযোগ কৰা হোৱা নাছিল।
● অমৃত ষ্টেচন হিচাপে ৬০টা ষ্টেচনৰ উন্নয়ন
o অৰুণাচল প্ৰদেশ (১): নাহৰলগুন (ইটানগৰ)
o অসম (৫০) : আমগুৰি, অৰুণাচল, চাপৰমুখ, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, দুলীয়াজান, ফকিৰাগ্ৰাম জংচন, গৌৰীপুৰ, গহপুৰ, গোলাঘাট, গোঁসাইগাঁও বজাৰ, গুৱাহাটী, হয়বৰগাঁও, হাৰমতী, হোজাই, জাগীৰোড, যোৰহাট টাউন, কামাখ্যা জংচন, কোকৰাঝাৰ, লংকা, লিডু, লামডিং জংচন, মাজবাট, মাকুম জংচন, মাৰ্ঘেৰিটা, মৰিয়নী জংচন, মুৰ্কংচেলেক, নাহৰকটীয়া, নলবাৰী, নামৰূপ, নাৰেংগী, নিউ বঙাইগাঁও জংচন, নিউ হাফলং, নিউ কৰিমগঞ্জ জংচন, নিউ তিনিচুকীয়া জংচন, উত্তৰ লখিমপুৰ, পাঠশালা, ৰঙাপৰা উত্তৰ জংচন, ৰঙিয়া জংচন, সৰুপথাৰ, শিৱসাগৰ টাউন, চিলাপথাৰ, শিলচৰ, শিমলুগুৰি, টংলা, তিনিচুকীয়া, ওদালগুৰি, বিশ্বনাথ চাৰিআলি।
o মণিপুৰ (১): ইম্ফল
o মেঘালয় (১): মেন্দি পথাৰ
o মিজোৰাম (১): চাইৰাং (আইজল)
o নাগালেণ্ড (১): ডিমাপুৰ
o ছিকিম (১): ৰংপো
o ত্ৰিপুৰা (৪): আগৰতলা, ধৰ্মনগৰ, কুমাৰঘাট, উদয়পুৰ
● ২০১৪ চনৰ পৰা ৪৭০খন ৰে’ল উৰণসেতু আৰু আণ্ডাৰ-ব্ৰীজ নিৰ্মাণ কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰে’লৱেক বিশ্বমানৰ পৰিবহণ নেটৱৰ্ক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথা সদৰি কৰে। তেওঁ লগতে অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীৰ ভাষণৰ পিছত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন শ্ৰীবাস্তৱে জনায় যে পূৰ্বৰ বছৰৰ তুলনাত আন্তঃগাঁথনি আৰু সুৰক্ষা সম্পৰ্কীয় সকলো কামৰ বাবে পৰ্যাপ্ত ধন আবণ্টন দিয়া হৈছে। মহাপ্ৰৱন্ধকগৰাকীয়ে ঘোষণা কৰে যে ২০২৩-২৪ চনৰ ভিতৰত ৯২১ কিলোমিটাৰ ৰে’লপথ বিদ্যুতীকৰণ কৰা হৈছিল। ২০২৪-২৫ চনৰ ভিতৰত ১৫৭৩ কিলোমিটাৰ ৰে’লপথৰ বিদ্যুৎ সংযোগ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ পূবৰ সকলো ৰাজ্যৰ বিদ্যুতীকৰণ সম্পূৰ্ণ হ’ব। এন এফ ৰে’লৱেৰ এই বিদ্যুতীকৰণৰ কামৰ বাবে ৬৯৪.৬৯ কোটি টকা আবণ্টন দিয়া হৈছে।
এইবাৰ বাজেটত এন এফ ৰে’লৱেৰ বাবে কেইবাটাও খণ্ডত আবণ্টিত ধনৰ পৰিমাণ অভূতপূৰ্ব বৃদ্ধি পৰিলক্ষিত হৈছে। নতুন লাইন আৰু দ্বৈত লাইন প্ৰকল্পৰ বাবে প্ৰায় ৮৩৭৮.৫৩ কোটি টকা আবণ্টন দিয়া হৈছে। তদুপৰি, সুৰক্ষা আৰু পৰিচালনাক শীৰ্ষ অগ্ৰাধিকাৰত ৰখা হৈছে। ট্ৰেক নবীকৰণৰ কাম আৰু দলং কামৰ বাবে ১৩০৫.০৭ কোটি টকা আৰু ছিগনেলিং, টেলিকম কামৰ বাবে ১৭০ কোটি টকা আৰু ষ্টেচন চৌহদত যাত্ৰীৰ সুবিধা উন্নত কৰাৰ বাবে ৫৩৭ কোটি টকা আবণ্টন দিয়া হৈছে।
***
PG/SM/DB
(रिलीज़ आईडी: 2036546)
आगंतुक पटल : 56
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English