উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৃষক সমাজ আৰু ক্ৰেতাসকলক উপকৃতকৰণৰ বাবে ডিজাইন কৰা এনই-ৰেচ (NE-RACE) ৱেব পৰ্টেল আৰু ম'বাইল এপ মুকলি কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত লুক ইষ্ট পলিচি এক্ট ইষ্ট পলিচিলৈ ৰূপান্তৰিত হৈছে – শ্ৰী সিন্ধিয়া
এনই-ৰেচ এপে আমাৰ অন্নদাতাসকলৰ বিশ্বত উপনীত হোৱাৰ সামৰ্থ্যক সমৃদ্ধ কৰিবঃ শ্ৰী সিন্ধিয়া
Posted On:
12 JUL 2024 9:52PM by PIB Guwahati
কেন্দ্ৰীয় ড’নাৰ আৰু যোগাযোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ-পূব পৰিষদ, শ্বিলং ভ্ৰমণৰ সময়তে আজি উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক সমাজ আৰু ক্ৰেতাসকলক উপকৃতকৰণৰ বাবে ডিজাইন কৰা উত্তৰ-পূৰ্বাঞ্চল কৃষি সামগ্ৰী ই-কানেক্ট (NE-RACE) ৱেব পৰ্টেল আৰু ম’বাইল এপ্লিকেচন মুকলি কৰে।
এই এপটোৰ উদ্দেশ্য হৈছে কৃষি আৰু উদ্যান শস্য সামগ্ৰী যেনেঃ মছলা, ফল-মূল, শাক-পাচলি, দাইল, শস্য আৰু সৰু-সুৰা বনজ উৎপাদনসমূহক সমৰ্থন কৰা। এপটোৰ লক্ষ্য হৈছে কৃষকসকলক বৃহৎ বজাৰত প্ৰৱেশ, উন্নত দৰদামৰ সুযোগ, প্ৰিমিয়াম মূল্য নিৰ্ধাৰণ আৰু বাস্তৱ-সময়ৰ উপলব্ধতাৰ আপডেট প্ৰদান কৰা। ইয়াৰ উপৰিও, ই ক্ৰেতাসকলক প্ৰমাণিত বিক্ৰেতা, উচ্চ-মানৰ সামগ্ৰী, লেনদেন, পৰিকল্পনা, দৰদাম, লজিষ্টিক সমৰ্থনৰ প্ৰত্যক্ষ প্ৰৱেশ প্ৰশস্ত কৰিব আৰু দীৰ্ঘ-ম্যাদী সম্পৰ্ক গঢ়ি তুলিব।
বৰ্তমান অঞ্চলটোত ২০ টা জিআই সামগ্ৰী আছে, যিসমূহ বিশেষ, উচ্চ-মূল্যৰ আৰু স্বাস্থ্য উপকাৰিতাৰে সমৃদ্ধ। এতিয়াৰেপৰা এই এপটোৱে কৃষক ৰাইজক ইংৰাজী, হিন্দী, অসমীয়া, মিজো, মণিপুৰী, নেপালী আৰু খাচী ভাষাত সহায় আগবঢ়াব।
এই ৱেব পৰ্টেল আৰু এপটোৰ উপকাৰিতা সন্দৰ্ভত ভাষণ প্ৰদানেৰে মন্ত্ৰীজনে কয়, “এখনি আত্মনিৰ্ভৰ ভাৰত আৰু এখনি বিকশিত ভাৰতৰ সপোন তেতিয়াহে বাস্তৱায়িত হ’ব, যেতিয়া উত্তৰ-পূৰ্বাঞ্চলখন আত্মনিৰ্ভৰ আৰু বিকশিত হৈ উঠিব। আমি এখনি আত্মনিৰ্ভৰ উত্তৰ-পূৰ্বাঞ্চল কিম্বা এখনি বিকশিত উত্তৰ-পূৰ্বাঞ্চলৰ কথা ক’বলৈ গ’লে এয়া সম্পূর্ণৰূপে আৰু একমাত্র বিকশিত আৰু আত্মনির্ভৰ অন্নদাতাৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ তেওঁলোক হৈছে উত্তৰ-পূর্বাঞ্চলৰ কৃষকসকল আৰু মই সঁচাকৈয়ে বিশ্বাস কৰোঁ যে তেওঁলোকেই হৈছে নতুন উত্থানশীল আত্মনিৰ্ভৰ ভাৰতৰ অগ্ৰদূত। তেওঁলোকৰ কান্ধতে এই লক্ষণীয় ৰূপান্তৰৰ দায়িত্ব ন্যস্ত হৈ আছে... এই এপটোৰ জৰিয়তে আমাৰ উত্তৰ-পূবৰ কৃষক ৰাইজ তথা আমাৰ অন্নদাতাসকল কেৱল আন্তঃৰাজ্যিক, উত্তৰ-পূবৰ ভিতৰ আৰু ভাৰতৰ ভিতৰৰ বজাৰসমূহৰ সৈতেই নহয়, বৰঞ্চ বিশ্বৰ সৈতেও সংযুক্ত হ’ব। আৰু এই এপটোৱে আমাৰ অন্নদাতাসকলৰ বিশ্বত উপনীত হোৱাৰ সামৰ্থ্যক সমৃদ্ধ কৰিব আৰু তিনি গুৰুত্বপূৰ্ণ অংশীদাৰক সংযোগ কৰিব যথাঃ উৎপাদক, ক্ৰেতা আৰু সেৱা প্ৰদানকাৰী। ই কৃষি সমাজক গৌৰৱৰ মনোভাৱেৰেও ভৰাই তুলিব।” মন্ত্ৰীজনে কয় যে উত্তৰ-পূবক উচ্চ মূল্যৰ উদ্যান শস্যৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ই অঞ্চলটোৰ কৃষকসকলক কেৱল উৎপাদক হিচাপেই নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় কৃষি মূল্য শৃংখলৰ এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপেও গঢ়ি তুলিব বুলিও তেওঁ লগতে কয়।
শ্ৰী সিন্ধিয়াই অঞ্চলটোত ৰূপায়িত আঁচনি আৰু প্ৰকল্পসমূহৰ পৰ্য্যালোচনা সভাতো অধ্যক্ষতা কৰে। ইয়াতে এনইচিৰ সচিব শ্ৰী অংশুমান দেয়ে এনইআৰ ভিজন ২০৪৭ৰ প্ৰথম খচৰা সন্দৰ্ভত খচৰা সমিতিৰ অধ্যক্ষ অধ্যাপক মহেন্দ্ৰ লামাৰ বৰঙণিসহ এক প্ৰেজেনটেচন উপস্থাপন কৰে। এই দৃষ্টি-পত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে আঠটা লক্ষ্যৰ ৰূপৰেখা দাঙি ধৰা হৈছে। লক্ষ্যকেইটা হৈছেঃ ইয়াক দক্ষিণ এছিয়াৰ শক্তি কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা, সীমান্ত অঞ্চলসমূহক সুযোগ হিচাপে লোৱা, ইয়াক সেউজ গন্তব্যস্থান হিচাপে প্ৰোৎসাহিত কৰা, অৰ্থনৈতিক কৰিডৰ গঢ়ি তোলা, ভাৰতীয় হিমালয় অঞ্চলৰ জলবায়ু অধ্যয়ন কেন্দ্ৰ হিচাপে গঢ়ি তোলা, চিকিৎসা আৰু দুঃসাহসিক পৰ্যটনৰ বিকাশ, যুৱ আৰু সংস্কৃতিৰ অনুকূল ভূমি হিচাপে গঢ়ি তোলা আৰু শান্তি প্ৰতিষ্ঠা কৰা।
এই ভ্ৰমণৰ সময়তে মন্ত্ৰীজনে "এক পেড় মা কে নাম" (মাতৃৰ নামত এজোপা বৃক্ষ) কাৰ্য্যসূচীৰ অধীনত তেওঁৰ মাতৃৰ স্মৃতিত উৎসৰ্গিত গছপুলি ৰোপণ অনুষ্ঠানত ভাগ লয়। তেওঁ এনইচিৰ পুঁজিৰে কৃষি আৰু কৃষি প্ৰকল্পৰ হিতাধিকাৰী স্থানীয় কৃষকসকলৰ সৈতেও মত-বিনিময় কৰে।
ড’নাৰ মন্ত্ৰীজনে আজি আৰম্ভণিতে মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমাৰ সৈতে এখনি বৈঠকত মিলিত হয়। ইয়াত মূল ক্ষমতা আৰু তুলনামূলক সুবিধাৰ ক্ষেত্ৰসমূহ সম্পৰ্কে ৰূপৰেখা দাঙি ধৰা হয়। “মই ড’নাৰ মন্ত্ৰী হিচাপে অঞ্চলটোৰ প্ৰতিখন ৰাজ্যৰ প্ৰেক্ষাপটত ইয়াত অৱলম্বন কৰিবলগীয়া পথটোত গুৰুত্ব আৰোপ কৰিছোঁ। নতুন শ্বিলং বিনিয়োগ এলেকাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাত মই সঁচাকৈয়ে অভিভূত হৈছোঁ আৰু সন্তোষ পাইছোঁ“, মন্ত্ৰীজনে কয়। তেওঁ লগতে কয় যে বৈঠকত পৰম্পৰাগত শক্তিৰে এখন নতুন আধুনিক চহৰ কেনেকৈ গঢ়ি তুলিব পাৰি, তাৰ ধাৰণা সম্পৰ্কে আলোচনা কৰা হৈছে। পৰ্যটন, কৃষি, আইটিৰ মূল দক্ষতাসমূহৰ বিষয়ে আৰু আমি কেনেকৈ এখনি বিকশিত পূৰ্বোত্তৰ গঢ়ি তুলিব পাৰোঁ, সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হয়।
“আমি একেলগে কাম কৰি যাম, কেৱল মেঘালয়ৰ বাবে বিশেষ প্ৰকল্প বুলিয়েই নহয়, বৰঞ্চ ভাৰতৰ ভূখণ্ডৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল তথা উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহ আৰু লগতে আমাৰ চুবুৰীয় দেশসমূহৰ বাবেও কৌশল নিৰ্ধাৰণ কৰিম“, শ্ৰী সিন্ধিয়াই কয়।
তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ প্ৰদানৰ প্ৰচেষ্টা সম্পৰ্কে আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লুক ইষ্ট পলিচি বুলিয়েই নহয়, এক্ট ইষ্ট পলিচিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবক দেশৰ আটাইতকৈ দূৰৈৰ স্থান হিচাপে নহয়, বৰঞ্চ দেশৰ প্ৰথম প্ৰৱেশ স্থান, দেশৰ দুৱাৰমুখ হিচাপে গণ্য কৰিছে। সূৰ্য্যৰ পোহৰ ভাৰত ভূমিত পৰাৰ প্ৰথমে অৰুণাচল প্ৰদেশত ইয়াৰ কিৰণ পৰে আৰু সেয়েহে উত্তৰ-পূবক ভাৰতৰ প্ৰৱেশদ্বাৰ হিচাপে চোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰিছে।
তেওঁ আলোকপাত কৰে যে ২০১৪-১৫ৰ পৰা অঞ্চলটোলৈ বাজেট আবন্টন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে অঞ্চলটোত পিএমজিএছৱাইৰ অধীনত প্ৰায় ৪০,০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। বিগত সময়ছোৱাত ইয়াত বিমানবন্দৰৰ সংখ্যা ৯ৰ পৰা ১৭লৈ বৃদ্ধি পাইছে আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
মন্ত্ৰীজনে ফলাফল-ভিত্তিক পন্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “কেৱল ব্যয় নহয়, ফলাফলো অপৰিহাৰ্য্য। আমাৰ সকলো ৰাজ্যই সামাজিক অডিট নিশ্চিত কৰিব লাগে। চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্ছ থকা, বিদ্যালয়ত পৰ্য্যাপ্ত শিক্ষক থকাটো নিশ্চিত হ’ব লাগিব। কিমান ৰোগীক চিকিৎসা কৰা হৈছে, কিমান ছাত্ৰ-ছাত্ৰীয়ে মানসম্পন্ন শিক্ষা গ্ৰহণ কৰিছে, সেই সম্পৰ্কে সুস্থ সামাজিক অডিটে আমাৰ প্ৰগতিৰ সাক্ষ্য বহন কৰিব।”
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত বান পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশেৰে শ্ৰী সিন্ধিয়াই আপোনজনক হেৰুৱাবলগীয়া হোৱা পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয়, “আমাৰ সকলো ৰাজ্য চৰকাৰে এই পৰিস্থিতিৰে মোকাবিলাকৰণেৰে বৰ্নাত্যসকলৰ যত্ন লৈছে তথা এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ড’নাৰ মন্ত্ৰালয়ে যাৱতীয় সকলো সাহায্য আগবঢ়াই থাকিব।"




*****
(Release ID: 2032945)
Visitor Counter : 46