আয়ুষ
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী মোদীয়ে পুনেত ‘নিচাৰ্গ গ্ৰাম’নামৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান (এনআইএন) আৰু ঝাজ্জৰত চিআৰআইৱাইএন উদ্বোধন কৰে

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কল্যাণীত ৰাষ্ট্ৰলৈ এইমছ উৎসৰ্গা কৰাৰ সময়ত যোগদান কৰে

পোষ্ট কৰা হৈছে: 25 FEB 2024 8:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৪৮,১০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহত স্বাস্থ্য, পথ, ৰে'ল, শক্তি, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ অন্তৰ্ভুক্ত আছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ, সৰ্বানন্দ সোণোৱালে কল্যাণীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে যোগদান কৰে য'ত ৰাজকোট, ভাটিণ্ডা, ৰায়বৰেলী আৰু মঙ্গলাগিৰিৰ আন চাৰিখনৰ সৈতে প্ৰধানমন্ত্ৰীয়ে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) দেশবাসীক উৎসৰ্গা কৰে।

পুষ্টি, যোগ, আয়ুষ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “চৰকাৰে ৰোগ প্ৰতিৰোধৰ লগতে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ সামৰ্থ্যক প্ৰাথমিকতা প্ৰদান কৰে”। তেওঁ পৰম্পৰাগত ভাৰতীয় ঔষধ আৰু আধুনিক ঔষধ দুয়োটাৰ প্ৰচাৰৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ লগতে আজি মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত যোগ আৰু প্ৰাকৃতিক চিকিৎসা সম্পৰ্কীয় দুখন ডাঙৰ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰাৰ উদাহৰণ দাঙি ধৰে। তেওঁ লগতে উল্লেখ কৰে যে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় কেন্দ্ৰটো ইয়াত গুজৰাটত নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ নাগৰিকসকল সৱল হ'লেহে বিকশিত ভাৰতৰ অভিযান শক্তিশালী হ’ব। “যেতিয়া মোদীয়ে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক মহাশক্তি হিচাপে গঢ়ি তোলাৰ নিশ্চয়তা দিয়ে, লক্ষ্য হৈছে সকলোৰে বাবে স্বাস্থ্য আৰু সকলোৰে বাবে সমৃদ্ধি”, প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজিৰ দিনটো দেশৰ জনসাধাৰণৰ বাবে এক ঐতিহাসিক দিন। যিহেতু নৰেন্দ্ৰ মোদীজীয়ে ১৪০ কোটি ভাৰতীয়ক আত্মনিৰ্ভৰ ভাৰতৰ দিশে আগবাঢ়িবলৈ 'সবকা সাথ সবকা বিকাশ'ৰ মূলমন্ত্ৰ দিছিল। মোদী কি গেৰাণ্টি কল্যাণমূলক পদক্ষেপৰ সৈতে প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত সমগ্ৰ দেশতে প্ৰায় ২৩ খন এইমছ স্থাপন কৰা হৈছে। স্বাধীনতাৰ পিছত ই দেশৰ জনসাধাৰণৰ বাবে আটাইতকৈ ডাঙৰ উপলব্ধি। এনে ধৰণৰ আৰু বহুতো স্বাস্থ্য প্ৰচেষ্টাৰ সৈতে, দেশৰ জনসাধাৰণক মৰ্যাদা আৰু সন্মানৰ সৈতে এক সমৃদ্ধ জীৱন যাপন কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিবলৈ দেশৰ স্বাস্থ্য সেৱা প্ৰদান প্ৰণালী উৎসাহিত হৈছে। পৰৱৰ্তী দিনবোৰত, মই বিশ্বাস কৰোঁ যে এইমছ, কল্যাণী মোদীজীৰ হিল ইন ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি চিকিৎসা সেৱাৰ এক শক্তিশালী কেন্দ্ৰ হৈ পৰিব। প্ৰতিষ্ঠানটোৱে এই অঞ্চলত চিকিৎসা-মূল্য-পৰ্যটনৰ সম্ভাৱনাৰ এক শক্তিশালী দাবীদাৰৰ সৈতে চিকিৎসা পৰ্যটনকো উৎসাহিত কৰিব।“

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ ঝাজ্জৰত ‘কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান’ (চিআৰআইৱাইএন) আৰু মহাৰাষ্ট্ৰৰ পুনেত ‘নিচাৰ্গ গ্ৰাম’নামৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক প্ৰতিষ্ঠান (এনআইএন) দুখন আয়ুষ প্ৰতিষ্ঠানৰ ভাৰ্চুৱেলী উদ্বোধন কৰে।

আয়ুষ প্ৰতিষ্ঠানসমূহৰ উদ্বোধন সন্দৰ্ভত আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশত আয়ুষ ঔষধ প্ৰণালীৰ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপো উদ্বোধন কৰিছে। সমসাময়িক চিকিৎসা সেৱাৰ সৈতে, আয়ুষ ঔষধ প্ৰণালীয়ে আজি যথেষ্ট উৎসাহ লাভ কৰিছে। এইটোৱে মানুহক ৰোগীৰ যত্নৰ এক বিস্তৃত সমাধান প্ৰদান কৰিব। আয়ুষ মন্ত্ৰালয়ৰ হৈ মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক কৃতজ্ঞতা জ্ঞাপন কৰিছো কিয়নো তেওঁ হাৰিয়ানাৰ ঝাজ্জৰত কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান আৰু মহাৰাষ্ট্ৰৰ পুনেত 'নিচাৰ্গ গ্ৰাম' নামৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক প্ৰতিষ্ঠান দুখন উৎসৰ্গা কৰিছে।“

হাৰিয়ানাৰ ঝাজ্জৰত থকা ‘কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান’ (চিআৰআইৱাইএন) হৈছে এক শীৰ্ষ যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা আৰু শিক্ষা সুবিধা। এই প্ৰকল্পত, তৃতীয় স্তৰৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা স্বাস্থ্য সেৱা আন্তঃগাঁথনি সৃষ্টি কৰা হয়। প্ৰতিষ্ঠানটোত যোগ খণ্ড আৰু ডায়েট ব্লকৰ উপৰিও অ'পিডি, চিকিৎসা খণ্ড, একাডেমিক ব্লক, হোষ্টেল আৰু আৱাসিক খণ্ডৰ সৈতে ২০০ খন বিচনাযুক্ত চিকিৎসালয় অন্তৰ্ভুক্ত আছে। ১৯ একৰৰ প্ৰকল্পটো ৬৩.৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল।

নিচাৰ্গ গ্ৰাম হৈছে বহু-শৃংখলাগত গৱেষণা আৰু সম্প্ৰসাৰণ সেৱা কেন্দ্ৰৰ সৈতে ২৫০ খন বিচনাযুক্ত চিকিৎসালয় আৰু লগতে আণ্ডাৰ গ্ৰেজুৱেট (ইউজি)/স্নাতকোত্তৰ (পিজি)/পেৰা মেডিকেল পাঠ্যক্ৰমৰ বাবে প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনত ল'ৰা আৰু ছোৱালীৰ ছাত্ৰাবাস, প্ৰেক্ষাগৃহ, যোগ হল, কটেজ আছে আৰু বিখ্যাত গান্ধী মেম’ৰিয়েল হলো চৌহদৰ এক অবিচ্ছেদ্য অংশ। ২৫ একৰৰ প্ৰকল্পটো ২১৩.৫৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল।

এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশ্চিম বংগৰ মাননীয় ৰাজ্যপাল চিভি আনন্দ বসুৰ সৈতে যোগদান কৰে, যি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিশিথ প্ৰমানিক; কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ; কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জন বৰলা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুভাষ সৰকাৰৰ সৈতে এইমছ কল্যাণী অনুষ্ঠানত মুখ্য অতিথিহিচাপে উপস্থিত আছিল।

ৰাষ্ট্ৰৰ বাবে সমৰ্পিত অন্যান্য প্ৰকল্পৰ তথ্যৰ বিষয়ে জানিবৰ বাবে, নিম্নলিখিত লিংকত ক্লিক কৰক:

https://pib.gov.in/PressReleseDetailm.aspx?PRID=2008871

 

*****

PG/AA


(ৰিলিজ আই ডি : 2009011) অতিথি কক্ষ : 53
ত এই ৰিলিজটো পঢ়ক: English