ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

"স্বাস্থ্য" প্ৰকল্প তথা আই.এছ.ও. ৫ আৰু ৬ ক্লিন ৰুম উদ্বোধনেৰে নেনোটেক প্ৰযুক্তিৰ অগ্ৰনী প্ৰতিষ্ঠান হিচাবে পৰিগণিত আই আই টি, গুৱাহাটী

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী এছ কৃষ্ণনে স্বাস্থ প্ৰকল্প উদ্বোধন কৰে

Posted On: 09 FEB 2024 6:51PM by PIB Guwahati

আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ নেনোটেকন'লজী কেন্দ্ৰত "স্মাৰ্ট ৱেৰেবল এডভান্সড নেনো চেঞ্চিং টেকন'লজিছ ইন হেল্থকেয়াৰ এএছআইচি (স্ৱাস্থ্য) প্ৰকল্প আৰু অত্যাধুনিক আইএছঅ' ৫ আৰু ৬  ক্লিন ৰুম সুবিধা সম্পৰ্কীয়   উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰা হয়। ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (মেইটৱাই) সচিব শ্ৰী এছ কৃষ্ণনে আইআইটি গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক ৰাজীৱ আহুজাৰ উপস্থিতিত প্ৰকল্পটো উদ্বোধন কৰে।

 

মেইটৱাইৰ দ্বাৰা সমৰ্থিত,  "স্বাস্থ্য" উৎকৰ্ষ কেন্দ্ৰ, "স্বাস্থ্য সেৱা এএছআইচিত স্মাৰ্ট ৱেৰেবল এডভান্সড নেনোচেঞ্চিং টেকন'লজিছ", উন্নত নেনো ইলেক্ট্ৰনিক থেৰনোষ্টিক ডিভাইচৰ জৰিয়তে স্বাস্থ্য সেৱাত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰাৰ  লক্ষ্য স্থিৰ কৰা হৈছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে মাইক্ৰ'/নেনো ইলেক্ট্ৰনিক্স আৰু নেনো মেটেৰিয়েলত উচ্চ মানৰ সামগ্ৰী আৰু প্ৰটোটাইপৰ অন্তৰ্ভূক্তিৰে  স্বাস্থ্যসেৱা তথা শক্তিখণ্ডত ইয়াৰ প্ৰয়োগ কৰা। ই উদ্ভাৱন, বৈজ্ঞানিক সহযোগিতা আৰু প্ৰযুক্তিগত প্ৰগতিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।

 

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ৰী এছ কৃষ্ণনে কয়, "ক্লিন ৰুমৰ সুবিধাসমূহৰ সফল প্ৰতিষ্ঠা আৰু স্বাস্থ্য উৎকৰ্ষ কেন্দ্ৰৰ  স্থাপনে  উত্তৰ-পূব অঞ্চলত এক যুগান্তকাৰী  পৰিৱৰ্তন আনিব।  কিয়নো অঞ্চলটোৰ যুৱ প্ৰজন্মৰ  মানৱ সম্পদে এতিয়া তেওঁলোকৰ উচ্চ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সপোন বোৰ সফল কৰিবলৈ তেওঁলোকৰ দুৱাৰ মুখত উপলব্ধ এই বিশ্বমানৰ উচ্চ মানৰ সম্পদ সমূহ ব্যৱহাৰ কৰিব পাৰিব। এয়া মন কৰিবলগীয়া যে নেনো চেণ্টাৰ, আই.আই.টি., গুৱাহাটীয়ে  সমাজৰ বাবে প্ৰয়োজনীয় মিতব্যয়ী  প্ৰযুক্তিৰ এক বিন্যাস প্ৰদান কৰি আহিছে ।

আইএছঅ' ৫ আৰু ৬  ক্লিন ৰুমৰ  সুবিধা আৰু স্বাস্থ্য প্ৰকল্পৰ বিষয়ে উল্লেখ কৰি অধ্যাপক ৰাজীৱ আহুজাই কয়, ", এয়া অত্যন্ত সন্তুষ্টি আৰু অপৰিসীম গৌৰৱৰ বিষয় যে আইআইটি গুৱাহাটীৰ  নেনোপ্ৰযুক্তি বিভাগৰ  অনুষদসকলে মেইটৱাইৰ নিৰন্তৰ সমৰ্থনত উৎকৰ্ষতাৰ  এই অগ্ৰণী কেন্দ্ৰটো স্থাপনৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছে। । ভাৰতৰ দুই বিশেষ  অভিযান ক্ৰমে – 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া'ৰ সৈতে ৰজিতা খুৱাই  মেইটৱাই-এ দেশৰ উত্তৰ-পূব অংশত নেনো ইলেক্ট্ৰনিক্সৰ  আৱিষ্কাৰ আৰু উদ্ভাৱনৰ আধাৰ শক্তিশালী তথা সম্প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

ভাৰতৰ উত্তৰ-পূব অঞ্চলত অত্যাধুনিক আইএছঅ' ৫ আৰু ৬  ক্লিন ৰুমৰ  সুবিধা হৈছে এনেধৰণৰ প্ৰথম পদক্ষেপ। এনে পদক্ষেপে মাইক্ৰ'/নেনো ইলেক্ট্ৰনিক ফেব্ৰিকেশ্বনৰ ক্ষেত্ৰত  সজাগতা আৰু প্ৰশিক্ষণ, ঔদ্যোগিক গৱেষণা তথা বিকাশত সহায় কৰিব ।  ভাৰতীয় নেনো ইলেক্ট্ৰনিক্স ব্যৱহাৰকাৰী কাৰ্যসূচী (ইনইউপি)ক সমৰ্থন কৰাৰ বাবে এয়া সমৰ্পিত হ’ব। মেইটৱাই আৰু আইআইটি, গুৱাহাটীৰ উদ্যোগত যুটীয়াভাৱে গ্ৰহণ কৰা প্ৰকৃতি অনুকূল এই পদক্ষেপে সঁজুলি নিৰ্মাণ আৰু বিকাশৰ বাবে অত্যাধুনিক প্ৰযুক্তি, যেনে- ইলেক্ট্ৰন বীম লিথোগ্ৰাফী আৰু প্ৰতিক্ৰিয়াশীল আয়ন এচ্চিং, জৈৱিক পোহৰ-নিৰ্গমন ডায়ড (ওএলইডি), জৈৱিক আৰু হাইব্ৰিড ফটোভল্টেইক সঁজুলি, ফিল্ড-ইফেক্ট ট্ৰেঞ্জিষ্টৰ (এফইটি), চাৰ্ফেচ একোষ্টিক ৱেভ (এছ.এ.ডব্লিউ.), আৰু মাইক্ৰফ্লুইডিক-আধাৰিত চেন্সৰ, উন্নত ফেব্ৰিকেচন কৌশল আদি ব্যৱহাৰ কৰি সঁজুলি বোৰৰ বিকাশ সাধনত  সহায় কৰিব।

                                                                      

প্ৰকল্প আৰু সুবিধাসমূহ ভাৰত আৰু বিদেশৰ বিশেষজ্ঞসকলৰ  সহযোগিতাত  হাই টেকন’ল’জি ৰেডিনেছ লেভেল(টিআৰএল), ডিপ টেক সম্পৰ্কীয়   আৱিষ্কাৰ আৰু উদ্ভাৱন, ষ্টাৰ্ট-আপলৈ সমৰ্থন, উদ্যোগৰ বিকাশ, দীৰ্ঘম্যাদী স্থিৰতা, ক্ষমতা বৃদ্ধি, ৰাজহ সৃষ্টি আৰু শিক্ষা তথা উদ্যোগৰ সৈতে জড়িত  পেছাদাৰীসকলৰ সুবিধাৰ্থে  প্ৰস্তুত কৰা হৈছে।

********

 

PG/SS/DM


(Release ID: 2004679)
Read this release in: English