তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

আজিৰেপৰা গুৱাহাটীত বিকশিত ভাৰত সংকল্প যাত্ৰা (নগৰীয়া)-২য় পৰ্য্যায়ৰআৰম্ভ হয়

আমি এখনি শক্তিশালী ভাৰতৰ দিশে অগ্ৰসৰ হৈছোঁঃ শ্ৰী মৃগেন শৰণীয়া, মেয়ৰ

Posted On: 08 FEB 2024 5:00PM by PIB Guwahati

আজিৰেপৰা সমগ্ৰ দেশৰ লগতে অসমতো,গুৱাহাটীৰ খাৰঘুলিত২য় পৰ্য্যায়ৰ বিকশিত ভাৰত সংকল্প যাত্ৰা (নগৰীয়া)আৰম্ভ হয়। এই কাৰ্য্যসূচীত গুৱাহাটী মহানগৰৰ মেয়ৰ শ্ৰী মৃগেনশৰণীয়া উপস্থিত থাকে। এই ২য় পৰ্য্যায়ৰ অনাগত ২০ দিনত ৪ খন ভেনেগুৱাহাটী, নগাঁও, যোৰহাট আৰু তিনিচুকীয়াক সামৰি ল’ব।

                                                                     

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ তাৎপৰ্য্য সন্দৰ্ভত বক্তব্য প্ৰদানেৰে মেয়ৰশ্ৰী মৃগেন শৰণীয়াই কয়, “এই যাত্ৰাৰ উদ্দেশ্য হৈছে উজ্জ্বলা, স্ব-নিধি, আয়ুষ্মান ভাৰত আদি ভিন্ন চৰকাৰী কল্যাণমূলক আঁচনি সম্পৰ্কে জনসাধাৰণক সজাগ কৰা। এই যাত্ৰাই ইতিমধ্যে সমগ্ৰ দেশৰ লক্ষ-লক্ষলোকক স্পৰ্শ কৰিছে। এই যাত্ৰাই চৰকাৰী সংস্থা, সামাজিক ব্যক্তি আৰু সমাজকৰ্মীসকলক একত্ৰিতকৰণেৰে তৃণমূল পৰ্য্যায়ত জীৱন-যাত্ৰাৰ ৰূপান্তৰ সাধনাৰ্থে উদ্ভাৱনীমূলক ধাৰণাসমূহৰ আদান-প্ৰদান কৰিছে।”

                                                                      

তেওঁ আৰু কয়, “প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টি আৰু নেতৃত্বত আমি এনে এক মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ, য’ত প্ৰতিজন নাগৰিকে প্ৰতিটো ক্ষেত্ৰতে একো-একোগৰাকীসমৃদ্ধ ব্যক্তি হ’বলৈ সক্ষম হৈছে। আজি আমাৰ দেশখন এক সমৃদ্ধিশালী, শক্তিশালী আৰু সৰ্বাংগীন ভাৰতৰ দিশে দ্ৰুতগতিত অগ্ৰসৰ হৈছে।”

এই অনুষ্ঠানত কাউন্সিলাৰশ্ৰীমতী জোনমণি ডেকা, জিএমচিৰ যুটীয়া আয়ুক্ত শ্ৰী প্ৰণৱ দত্ত গোস্বামী, জিএমচিৰ সহকাৰী আয়ুক্ত শ্ৰী মানস জ্যোতি মালাকাৰ আৰু সমাজকৰ্মী শ্ৰী ভাস্কৰজ্যোতি দাসো উপস্থিত থাকে। ইয়াত ৫০০ৰোধিক লোকে অংশগ্ৰহণ কৰে।

২০২৪ৰ ৩১ জানুৱাৰীত অসমত অন্ত পৰা ১ম পৰ্য্যায়ৰ এই যাত্ৰাই জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰে। এই পৰ্য্যায়ে ১৫৪টা নগৰীয়া অনুষ্ঠানৰ স্থানক সামৰি লয় আৰু ২,০২,৫৪৫ জন লোকে ভিবিএছৱাই (নগৰীয়া)ৰ ১ম পৰ্য্যায়ৰ কাৰ্য্যসূচীসমূহত অংশগ্ৰহণ কৰিছিল।

                                                                      

আজিৰ কাৰ্য্যসূচীত পিএম স্ব-নিধি যোজনাৰ দৰে আঁচনিসমূহৰ সুবিধা লাভ কৰাএকাধিক হিতাধিকাৰীয়ে তেওঁলোকৰ সফলতাৰ কথাব্যক্ত কৰে। ইয়াতে, স্বাস্থ্য শিবিৰোঅনুষ্ঠিত কৰা হয়। এই শিবিৰতে জনসাধাৰণৰ মাজত আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়। মেয়ৰৰ নেতৃত্বত জনসাধাৰণেবিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰে।

***


(Release ID: 2004137) Visitor Counter : 64


Read this release in: English