আয়ুষ
azadi ka amrit mahotsav

উত্তৰ-পূব ভাৰতৰ প্ৰথম ১০০ খন বিছনাযুক্ত চিকিৎসালয়ৰ সৈতে কেন্দ্ৰীয় যোগ আৰু নেচাৰ’পেথি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

হৃদয় আৰু ৰক্তবাহী নলীৰ ৰোগৰ (কাৰ্ডিঅ’ ভেছকুলাৰ ডিজিজ) চিকিৎসাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনক ভাৰতৰ যোগ আৰু নেচাৰ'পেথিৰ উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব

"কেন্দ্ৰীয় যোগ আৰু নেচাৰ'পেথি গৱেষণা প্ৰতিষ্ঠানখনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডত সূচনা কৰিব এক নতুন জাগৰণ": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

"ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া কেন্দ্ৰীয় যোগ আৰু নেচাৰ'পেথি প্ৰতিষ্ঠানখনে স্বাস্থ্যসেৱাত ৰাইজৰ এক বহুদিনীয়া অভাৱ দূৰ কৰিব": মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

প্ৰায় ১০০ কোটি টকা ব্যয়েৰে এই প্ৰতিষ্ঠানখন ৪৫ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব

প্ৰতিষ্ঠানখনে স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী সম্পৰ্কীয় শৈক্ষিক কাৰ্যসূচীৰ বাবে যোগ আৰু নেচাৰ'পেথি সংক্ৰান্তীয় গৱেষণামূলক পাঠ্যক্ৰম হাতত ল'ব

পোষ্ট কৰা হৈছে: 28 JAN 2024 5:10PM by PIB Guwahati

উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডত এক নতুন দিগন্তৰ সূচনাৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ দিহিং খামতিঘাটত উত্তৰ-পূব ভাৰতৰ প্ৰথম ১০০ খন বিছনাযুক্ত চিকিৎসালয়ৰ সৈতে কেন্দ্ৰীয় যোগ আৰু নেচাৰ'পেথি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।

 

 

হৃদয় আৰু ৰক্তবাহী নলীৰ ৰোগৰ (কাৰ্ডিঅ’ ভেছকুলাৰ ডিজিজ) চিকিৎসাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনক ভাৰতৰ যোগ আৰু নেচাৰ'পেথিৰ উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। প্ৰায় ১০০ কোটি টকা ব্যয়েৰে এই প্ৰতিষ্ঠানখন ৪৫ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব। প্ৰতিষ্ঠানখনে স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী সম্পৰ্কীয় শৈক্ষিক কাৰ্যসূচীৰ বাবে যোগ আৰু নেচাৰ'পেথি সংক্ৰান্তীয় গৱেষণামূলক পাঠ্যক্ৰম হাতত ল'ব। নেচাৰ'পেথি খাদ্য পদ্ধতি আৰু পুষ্টি, যোগ থেৰাপী, মালিচ আৰু মেনিপুলেটিভ থেৰাপী, এক্যুপ্ৰেচাৰ, এক্যুপাংচাৰ, ক্ৰ’ম’থেৰাপী, মেগনেট'থেৰাপী, ফিজিঅ’থেৰাপী আৰু হাইড্ৰ’থেৰাপীৰ জৰিয়তে ইয়াত চিকিৎসা প্ৰদান কৰা হ'ব। প্ৰতিষ্ঠানখনে অসংক্ৰামক ৰোগৰ ব্যৱস্থাপনাৰ বাবেও যাৱতীয় নিয়মাৱলী প্ৰস্তুত কৰিব। ৰোগীৰ মেদবহুলতা নিয়ন্ত্ৰণ, বিপাকক্ৰিয়াৰ অনিয়মিয়তা, ডায়েবেটিছ, হৃদয় আৰু ৰক্তবাহী নলীৰ ৰোগ (CVD), ষ্ট্ৰ'ক, হাঁপানী, হাওঁফাওঁৰ দীৰ্ঘস্থায়ী ৰোগ (COPD), মাইগ্ৰেইন, অস্বস্তিকৰ পেটৰ সমস্যা (IBS), অন্ত্ৰৰ প্ৰদাহজনিত ৰোগ (IBD), বাতবিষ, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ স্বয়ংসৃষ্ট ৰোগ, কৰ্কট, নিউৰ’ডিজেনেৰেটিভ ৰোগ আদি নিৰাময়ত প্ৰতিষ্ঠানখন যথেষ্ট সহায়ক হ'ব। ২০২৬ চনৰ ভিতৰত এই অভিলাষী প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

 

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনত শাসনভাৰ লোৱাৰ পৰাই দেশৰ আয়ুষ খণ্ডৰ এক সুকীয়া চিনাকি হৈ পৰিছে। তেখেতৰ বলিষ্ঠ নেতৃত্বত বিগত বছৰসমূহত ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ পুনৰুত্থান হৈছে। তেখেতৰ ঐকান্তিক প্ৰচেষ্টাত যোগে বিশ্বব্যাপী প্ৰসাৰতা লাভ কৰিছে আৰু আয়ুষ পদ্ধতিসমূহো সৰ্বসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয় হৈছে। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু বনৌষধিৰে ভৰপূৰ অসমত একাধিক আয়ুৰ্বেদিক মহাবিদ্যালয়, আয়ুৰ্বেদিক চিকিৎসালয়, প্ৰায় ৫০০ আয়ুষ সুস্থতা কেন্দ্ৰ আদি গঢ়ি তোলা হৈছে। শেহতীয়াকৈ পাছিঘাট, শ্বিলং আৰু গুৱাহাটীতো আয়ুষ প্ৰতিষ্ঠানৰ ক্ষমতা সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হৈছে। ডিব্ৰুগড় এখন ঐতিহ‍্যমণ্ডিত চহৰ। ই উজনি অসমৰ শিক্ষা, সংস্কৃতি, স্বাস্থ্য তথা উদ্যোগৰ অন্যতম প্ৰাণকেন্দ্ৰ। মোদী ডাঙৰীয়াৰ বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ লগতে এখন সুস্থ-সবল ভাৰতৰ স্বপ্ন আগত ৰাখি ডিব্ৰুগড়ৰ খামতিঘাট গাঁৱত নিৰ্মাণ কৰিবলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ১০০ খন বিছনাযুক্ত চিকিৎসালয়ৰ সৈতে কেন্দ্ৰীয় যোগ আৰু নেচাৰ'পেথি গৱেষণা প্ৰতিষ্ঠানখনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডত সূচনা কৰিব এক নতুন জাগৰণ।"

 

 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়, "ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া কেন্দ্ৰীয় যোগ আৰু নেচাৰ'পেথি প্ৰতিষ্ঠানখনে স্বাস্থ্যসেৱাত ৰাইজৰ এক বহুদিনীয়া অভাৱ দূৰ কৰিব। এই প্ৰতিষ্ঠানৰ জৰিয়তে অসমৰ আয়ুষ খণ্ডই অধিক গতিশীলতা লাভ কৰিব। ইয়াত যোগ আৰু নেচাৰ'পেথি সম্পৰ্কীয় প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ স্বাস্থ্যসেৱা খণ্ডত এক নতুন যুগৰ সূচনা হৈছে।‌ দেশৰ আয়ুষ সেৱা খণ্ডৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে সবল প্ৰচেষ্টা গ্ৰহণ কৰা মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডক ত্বৰান্বিত কৰাত বিশেষ অগ্ৰাধিকাৰ দিছে। যোগ আৰু নেচাৰ'পেথিয়ে সতেজ শৰীৰ আৰু মন গঢ়ি তোলাত সহায় কৰে। ডিব্ৰুগড়ৰ সৰ্বসাধাৰণে এই প্ৰতিষ্ঠানখনৰ জৰিয়তে বিশেষ সকাহ লাভ কৰিব।"

 

 

অনুষ্ঠানত লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু বিমল বড়া, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কসকল- প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱা, তেৰছ গোৱালা, বিনোদ হাজৰিকা প্ৰমুখ্যে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল।

***

PG


(ৰিলিজ আই ডি : 2000213) অতিথি কক্ষ : 163
ত এই ৰিলিজটো পঢ়ক: English