সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালেয়ে ডিব্ৰুগড়ত সংবাদ মাধ্যমক সম্বোধন কৰে

“আমি সকলোয়ে সংবিধানক সুদৃঢ়কৰণৰ বাবে চেষ্টা কৰা উচিত আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ”: ৰামদাস আঠাৱালে

Posted On: 26 JAN 2024 6:05PM by PIB Guwahati

সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালেয়ে আজি অসমৰ ডিব্ৰুগড়ত সংবাদ মাধ্যমক সম্বোধন কৰে

মন্ত্ৰীজনে ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসমবাসীক অভিনন্দন জনায়

 

 

সংবাদমেলত মন্ত্ৰীজনে কয় যে কেন্দ্ৰীয় চৰকাৰে ২০১৪ত গঠনৰে পৰাই দেশখনৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। তেওঁ কয় যে চৰকাৰে সংবিধানক সুদৃঢ়কৰণৰ বাবে চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ

তেওঁ চৰকাৰৰ ভিন্ন আঁচনি আৰু পদক্ষেপ সম্পৰ্কে বিশদভাৱে কয়। তেওঁ অসমকে প্ৰমুখ্য কৰি দেশৰ কোটি-কোটি লোকক উপকৃত কৰা পিএম জন ধন যোজনা সন্দৰ্ভত ব্যক্ত কৰেতেওঁ পিএম মুদ্ৰা যোজনা, পিএম আৱাস যোজনা আৰু আয়ুষ্মান ভাৰত যোজনা সম্পৰ্কেও কয়।

শ্ৰী আঠাৱালেয়ে কয় যে কেন্দ্ৰীয় চৰকাৰখন জনসাধাৰণক কৰ্মসংস্থাপন প্ৰদানৰ বাবে সংকল্পবদ্ধ। দেশখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰীজনে দৃঢ়তাৰে কয়

 

 

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে অসমৰ ধেমাজি জিলাৰ চিলাপথাৰত স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে।

***

PG/NK/BM


(Release ID: 1999934) Visitor Counter : 61


Read this release in: English