বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ক সংবাদমাধ্যম আৰু যোগাযোগকৰ্তাৰ সন্মিলনৰ আয়োজন: সাংবাদিক আৰু বিজ্ঞানীসকলক একত্ৰিত কৰাৰ এক প্ৰয়াস
Posted On:
15 JAN 2024 3:30PM by PIB Guwahati
১৮ ৰ পৰা ১৯ জানুৱাৰীলৈ ফৰিদাবাদৰ টি.এইচ.এছ.টি.আই.-আৰ.চি.বি. চৌহদত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (আই.আই.এছ.এফ.) ২০২৩ৰ সৈতে সংগতি ৰাখি বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ক মিডিয়া আৰু কমিউনিকেটৰ কনক্লেভৰ আয়োজন কৰা হৈছে। এই পদক্ষেপে সাংবাদিক আৰু বিজ্ঞানীসকলক সন্মিলিত হোৱাৰ সুযোগ প্ৰদান কৰিব। এই সন্মিলনৰ উদ্দেশ্য হৈছে বিজ্ঞান আৰু সংবাদ মাধ্যমৰ মাজৰ সম্পৰ্কক উন্নত কৰি তোলা , এই ক্ষেত্ৰসমূহৰ নতুন প্ৰৱণতা, প্ৰত্যাহ্বান তথা এই গতিশীল অংশীদাৰিত্বৰ ভৱিষ্যতৰ বিষয়ে আলোকপাত কৰা।
অনুষ্ঠানটো উদ্বোধন কৰিব কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে । অনুষ্ঠানত এমিটি এছটিআই ফাউণ্ডেচনৰ অধ্যক্ষ ড০ উইলিয়াম চেলভামূৰ্তিয়ে মুখ্য বক্তা হিচাবে ভাষণ প্ৰদান কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা শ্ৰী তৰুণ কাপুৰ, চিএছআইআৰৰ সঞ্চালক প্ৰধান ড০ এন কালাইচেলভি, বিজ্ঞান ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক শ্ৰী প্ৰবীণ ৰামদাস আৰু চিএছআইআৰ-এনআইএছচিপিআৰৰ সঞ্চালক অধ্যাপক ৰঞ্জনা আগৰৱালাই অনুষ্ঠানটোত উপস্থিত থাকিব।

সংবাদমাধ্যম আৰু বিজ্ঞানক্ষেত্ৰৰ প্ৰসিদ্ধ ব্যক্তিসকলে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট বক্তা হিচাবে উপস্থিত থাকিব। তেওঁলোকৰ ভিতৰত হৈছে ইণ্ডিয়া টুডেৰ শ্ৰী ৰাজ চেঙ্গাপ্পা, প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ (পিটিআই) শ্ৰী বিজয় যোশী, আৰএনআইৰ প্ৰেছ ৰেজিষ্ট্ৰাৰ শ্ৰী ভূপেন্দ্ৰ কাইন্থোলা . শ্ৰী পল্লৱ বাগলাৰ দৰেৰ জ্যেষ্ঠ বিজ্ঞান বিষয়ক সাংবাদিকসকলে তেওঁলোকৰ অভিজ্ঞতাৰ কথা অনুষ্ঠানত ব্যক্ত কৰিব।
চিনেমাৰ জড়িয়তে বিজ্ঞান শীৰ্ষক অধিবেশনত 'বিজ্ঞান আৰু চলচ্চিত্ৰ'ৰ সংমিশ্ৰণ ঘটোৱা বিশিষ্ট ছবি নিৰ্মাতা, অভিনেতা আৰু পেছাদাৰী লোকসকল ক্ৰমে শ্ৰী অভিজিত সাতম, শ্ৰী নন্দন কুধ্যাদিণ্ড, শ্ৰী অভিজিত মুলে, শ্ৰী মতিউৰ ৰহমান আৰু অধ্যাপক চৈতন্য গিৰিকে ধৰি আন কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকিব।
অনুষ্ঠানটোৱে সাংবাদিকতাৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতিবেদন তথা সামাজিক মাধ্যমৰ জটিলতা, দায়বদ্ধতা তথা নৈতিকতা(এথিক্স) আদিৰ বিষয়ে বুজি পোৱাত সহায় কৰিব ।
অনুষ্ঠানটোত বিভিন্ন বিষয়ত পেনেল আলোচনাৰ আয়োজন কৰা হৈছে। আলোচনাৰ বিষয়বস্তু হৈছেঃ মিডিয়া ইন ইণ্ডিয়াছ ছয়েন্স ডিপ্ল’মেচি এণ্ড ৱেজ টু এনহেন্স দ্য ৰিপ্ৰেজনচেছন এছ এণ্ড টি ইন মিডিয়া( Media in India’s Science Diplomacy and Ways to enhance the representation S&T in Media.)
এই অনুষ্ঠানৰ মুখ্য বিষয়বোৰ হৈছে মূলসুঁতিৰ সাংবাদিক আৰু বিজ্ঞান অনুশীলনকাৰী/বিজ্ঞানীসকলক অৰ্থপূৰ্ণ আলোচনাৰ সুবিধা প্ৰদান কৰা; বিজ্ঞান সাংবাদিকতাৰ পৰিসৰ আৰু প্ৰত্যাহ্বানবোৰ চিহ্নিত কৰা, এই সন্দৰ্ভত মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰা; সাংবাদিকতাৰ শিক্ষাৰ্থীসকলক বিজ্ঞান প্ৰতিবেদনৰ জটিলতা আৰু নৈতিকতা (এথিক্স)ৰ দিশবোৰৰ বিষয়ে অৱগত কৰা৷
এই সন্মিলনখন বুদ্ধিদীপ্ততা ,সাংবাদিকতা আৰু বিজ্ঞান যোগাযোগৰ মাজত সহযোগিতাতথা বুজাবুজি বৃদ্ধিৰ এক সুসমন্বয়ৰ বাহক হ‘ব বুলি আশা কৰা হৈছে৷ সাংবাদিক, বিজ্ঞানী আৰু সংবাদ মাধ্যমৰ শিক্ষাৰ্থীসকলক এই অভূতপূৰ্ব অনুষ্ঠানটোৰ অংশ হ'বলৈ আমন্ত্ৰণ জনোৱা হৈছে।
চিএছআইআৰ-নেচনেল ইনষ্টিটিউট অৱ চায়েন্স কমিউনিকেশ্বন এণ্ড পলিচী ৰিচাৰ্ছ (এনআইএছচিপিআৰ)-ৰ বিজ্ঞান সংবাদমাধ্যম যোগাযোগ কোষ (এছএমচিচি)-এ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (আই.আই.এছ.এফ.) ২০২৩ৰ যোগাযোগ আৰু প্ৰচাৰৰ কাম কৰি আহিছে৷
এছএমচিচিৰ মূল উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ বিভিন্ন মঞ্চত ভাৰতৰ গৱেষণা আৰু সফলতা তথা বৈজ্ঞানিক সাফল্যৰ বিষয়ে প্ৰচাৰ চলোৱা আৰু সেইবোৰ প্ৰদৰ্শন কৰা।
-----
SNC/PK/DM
(Release ID: 1996430)
Visitor Counter : 99