ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কাইলৈ গুৱাহাটীত ‘ই-গভৰ্ণেন্স’ সম্পৰ্কীয় দুদিনীয়া আঞ্চলিক সন্মিলন উদ্বোধন কৰিব
‘ডিজিটেল ৰূপান্তৰণ’ৰ জৰিয়তে ৰাইজৰ সৱলীকৰণ সম্ভৱ কৰি সুশাসন প্ৰৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগী ৰূপায়ণৰ উদ্দেশ্যৰে ‘ডিএআৰপিজি’-য়ে দুদিনীয়া সন্মিলনখনৰ আয়োজন কৰিছে
Posted On:
08 JAN 2024 3:45PM by PIB Guwahati
অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াই কাইলৈ গুৱাহাটীত "ই-গভৰ্ণেন্স" সম্পৰ্কীয় এখন আঞ্চলিক সন্মিলন উদ্বোধন কৰিব। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙেও উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰিব।
উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য আৰু পূবাঞ্চলৰ চাৰিখন ৰাজ্যক অন্তৰ্ভুক্ত কৰি অসম চৰকাৰৰ সহযোগত ‘প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ’ (ডিএআৰপিজি)য়ে ৯ আৰু ১০ জানুৱাৰী, ২০২৪ তাৰিখে দুদিনীয়া সন্মিলনখনৰ আয়োজন কৰিছে। ২০১৪ৰ পৰা ২০২৪ বৰ্ষৰ মাজৰ সময়ছোৱাত ‘ডিএআৰপিজি’য়ে আহ্বান কৰা এইখন হৈছে ২৬ সংখ্যক আঞ্চলিক সন্মিলন।
‘ই-গভৰ্ণেন্স’ত গুৰুত্ব দি আয়োজন কৰা দুদিনীয়া আঞ্চলিক সন্মিলনখনত ‘ৰাষ্ট্ৰীয় ই-গভৰ্ণেন্স বঁটা আঁচনি, ২০২৩’ৰ অধীনত দেশৰ পুৰস্কাৰ প্ৰাপক মনোনয়নসমূহৰ প্ৰদৰ্শন কৰা হ'ব। অসম চৰকাৰৰ মুখ্য সচিব শ্ৰী পৱন কুমাৰ বৰঠাকুৰ আৰু ‘ডিএআৰপিজি’ৰ সচিব শ্ৰী ভি শ্ৰীনিবাসেও উদ্বোধনী অধিৱেশনত ভাষণ দিব। অধিৱেশনত “জাৰ্ণি অব ৰিজিঅ’নেল কনফাৰেঞ্চেছ” সম্পৰ্কীয় তথ্য-পুস্তিকা আৰু “এমজিএমজি” (জুলাই – ডিচেম্বৰ, ২০২৩ সংস্কৰণ) শীৰ্ষক ‘ই-জাৰ্নেল’ উন্মোচন কৰা হ'ব। অনুষ্ঠানত “ই-গভৰ্ণেন্স এৱাৰ্ডেড ইনিচিয়েটিভ ২০২৩” শীৰ্ষক এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব।
গুৱাহাটীত আয়োজিত এই আঞ্চলিক সন্মিলনখনত বিভিন্ন বিষয়ত ৭ খন অধিৱেশন অনুষ্ঠিত হ'ব। আঞ্চলিক সন্মিলনখনৰ "ইউনিফাইড ছাৰ্ভিচ ডেলিভাৰী প’ৰ্টেল" সন্দৰ্ভত প্ৰথমখন অধিৱেশনত ভাৰত চৰকাৰৰ ‘ডিএআৰপিজি’ৰ যুটীয়া সচিব শ্ৰী পুনীত যাদৱে সভাপতিত্ব কৰিব। ‘আইআইপিএ’ৰ সঞ্চালক প্ৰধান শ্ৰী সুৰেন্দ্ৰ নাথ ত্ৰিপাঠীয়ে উত্তৰ-পূৰ্বাঞ্চলত আইআইপিএ-ৰ কাৰ্যকলাপ’ৰ সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰিব।
‘ডিএআৰপিজি’-ৰ যুটীয়া সচিব শ্ৰী এন বি এছ ৰাজপুতে "ই-গভৰ্ণেন্স এৱাৰ্ডেড ইনিচিয়েটিভছ ২০২২" সম্পৰ্কীয় দ্বিতীয়খন অধিৱেশনৰ সভাপতিত্ব কৰিব।
তৃতীয় অধিৱেশনত ‘অসম চৰকাৰৰ শ্ৰেষ্ঠ অনুশীলনসমূহ’ৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। অধিৱেশনখনৰ সভাপতিত্ব কৰিব অসম চৰকাৰৰ ‘প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ’ৰ আয়ুক্ত-সচিব শ্ৰী শান্তনু পি গোটমাৰেই।
দ্বিতীয় দিনাত অনুষ্ঠিত হ’ব লগা চতুৰ্থখন অধিৱেশনত "ই-গভৰ্ণেন্স এৱাৰ্ডেড ইনিচিয়েটিভছ ২০২২-ডিষ্ট্ৰিক্ট লেভেল ইনিচিয়েটিভছ ইন ই-গভাৰ্নেন্স" সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। অধিৱেশনখনৰ সভাপতিত্ব কৰিব ভাৰত চৰকাৰৰ ‘ডিএআৰপিজি’-ৰ যুটীয়া সচিব শ্ৰী এন বি এছ ৰাজপুতে।
সন্মিলনখনত বঁটা বিজয়ী পদক্ষেপ আৰু শ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ কৰোতা প্ৰতিনিধিসকলে তেওঁলোকৰ পদক্ষেপসমূহৰ চুটি ছবি আৰু নিৰ্বাচিত চৰকাৰী আঁচনিসমূহৰ অধীনত অনা ৰূপান্তৰণশীল পৰিৱৰ্তনসমূহৰ চমু বিৱৰণ দাঙি ধৰিব।
সন্মিলনৰ মুখ্য উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা প্ৰশাসনৰ সংগঠনসমূহক একেখন মঞ্চলৈ আনি জীৱনৰ মান উন্নত কৰাৰ বাবে ভৱিষ্যতৰ ৰাজহুৱা সমাধানৰ পৰিৱৰ্তন, সুশাসন, ই-গভৰ্ণেন্স, ডিজিটেল শাসন ইত্যাদিৰ ক্ষেত্ৰত ৰাজহুৱা প্ৰশাসনৰ উদ্ভাৱন সম্পৰ্কীয় অভিজ্ঞতাসমূহৰ সহভাগ কৰা। সন্মিলনখন হৈছে এক দুদিনীয়া অনুষ্ঠান, য'ত প্ৰধানমন্ত্ৰী পুৰস্কৃত পদক্ষেপ/ই-শাসন প্ৰদানৰ প্ৰচেষ্টা/ৰাজ্যসমূহৰ সুশাসন প্ৰণালী বাছনি কৰাৰ বাবে ব্যাপক প্ৰসাৰ আৰু সাম্ভাব্য প্ৰতিলিপিৰ বাবে উপস্থাপন কৰিবলৈ ৰাজ্যসমূহৰ প্ৰতিনিধি/জিলা ন্যায়াধীশ/জিলা আয়ুক্তসকলক আমন্ত্ৰণ জনোৱা হয়।
*******
SNC/PK/KB
(Release ID: 1994299)
Visitor Counter : 257