তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিকশিত ভাৰত সংকল্প যাত্ৰাই গুৰুত্বপূৰ্ণ সেৱাসমূহ জনসাধাৰণৰ পদুলিমুখলৈ কঢ়িয়াই নিছে

বিকশিত ভাৰত সংকল্প যাত্ৰা হৈছে আমাৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ প্ৰতিশ্ৰুতি: পীয়ুষ হাজৰিকা

Posted On: 14 DEC 2023 6:07PM by PIB Guwahati

যোৱা মাহত আৰম্ভ হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী বৰ্তমান একাধিক স্থানত চলি আছে। আজি শোণিতপুৰ জিলাৰ বালিপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘোঁৰামাৰী গাওঁ  পঞ্চায়তত তথ্য আৰু জনসম্পৰ্ক বিভাগ, জলসম্পদ বিভাগৰ মন্ত্ৰী শ্ৰী পীয়ুষ হাজৰিকাকে ধৰি বহু কেইগৰাকী সন্মানীয় অতিথিয়ে অংশগ্ৰহণ কৰে। তেওঁলোকৰ ভিতৰত উল্লেখনীয় ব্যক্তিসকল আছিল  শ্ৰী পৃথ্বীৰাজ ৰাভা, বিধায়ক, তেজপুৰ (বিধানসভা সমষ্টি); শ্ৰীকৃষ্ণ কমল তাঁতী, বিধায়ক, ৰঙাপাৰা বিধানসভা সমষ্টি ; শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী  শইকীয়া কৰণ।

                                                                      

বিকশিত ভাৰত সংকল্প যাত্ৰা হৈছে এনে এক উদ্যোগ, যি উদ্যোগে এক মানৱকেন্দ্ৰিক উদ্দেশ্যলৈ অগ্ৰসৰ হৈছে।  যাৰ উদ্দেশ্য হৈছে অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰা আৰু জনতাৰ  মাজৰ ব্যৱধান দূৰ কৰা। শোণিতপুৰ জিলাত অনুষ্ঠিত আজিৰ কাৰ্যসূচীৰ উল্লেখনীয় দ্ভিশসমূহৰ ভিতৰত আছিল স্বাস্থ্য শিবিৰৰ আয়োজন, আয়ুষ্মান কাৰ্ডৰ নামভৰ্তি, আধাৰ পঞ্জীয়ন আৰু উজ্জ্বলা আঁচনিৰ বাবে নামভৰ্তি।  বিকশিত ভাৰত সংকল্প যাত্ৰাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই সেৱাসমূহ জনতাক  সুবিধাজনকভাবে পদুলিমুখতে উপলব্ধ কৰোৱাবলৈ সেৱাসমূহৰ কৌশলগত একত্ৰিতকৰণ  কৰা হৈছিল।

অসম চৰকাৰৰ  মন্ত্ৰী শ্ৰী পীয়ুষ হাজৰিকাই নাগৰিকসকলৰ জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱা পদক্ষেপসমূহৰ প্ৰতি তেওঁৰ সমৰ্থন ব্যক্ত কৰে। তেওঁ লগতে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সামগ্ৰিক দৃষ্টিভংগীয়ে সকলোৰে উপকাৰ সাধন কৰাৰ কথাটো স্বীকাৰ কৰি কয়, 'এই পদক্ষেপক কেৱল এটা অনুষ্ঠান নহয়, ; এয়া আমাৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ প্ৰতিশ্ৰুতি'। তেজপুৰ বিধানসভা সমষ্টিৰ  বিধায়ক পৃথ্বীৰাজ ৰাভাই উন্নয়নৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ বিষয়ত গুৰুত্বৰ  আৰোপ কৰে।  আনহাতে ৰঙাপৰাৰ বিধায়ক বিধায়ক কৃষ্ণ কমল তাঁতীয়ে সুলভ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে।

                                                                      

বিভিন্ন স্থানত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প  যাত্ৰাই প্ৰগতিৰ প্ৰতিচ্ছবি হিচাবে মানুহৰ চকুত ধৰা দিছে।  এই পদক্ষেপে সামগ্ৰিক তথা সামূহিক বিকাশৰ অংশীদাৰিত্বৰ লক্ষ্যত সহযোগিতাৰ বাবে অংশীদাৰসকলক একত্ৰিত কৰিছে।

 


(Release ID: 1986417) Visitor Counter : 97


Read this release in: English