তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যসূচীৰ লাইভ সম্প্ৰচাৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী

Posted On: 09 DEC 2023 5:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিখন গাঁৱতে ‘মোদী কী গেৰেন্টি’ বাহনে লাভ কৰিবলৈ সক্ষম হোৱা উল্লেখযোগ্য সঁহাৰিৰ কথা উল্লেখ কৰে। হিতাধিকাৰীসকলৰ সৈতে হোৱা মত-বিনিময়ৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই যাত্ৰাত ডেৰ লাখৰো অধিক হিতাধিকাৰীয়ে নিজ-নিজ অভিজ্ঞতা ব্যক্ত কৰিছে। তেখেতে আৰু কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰা অদ্যপি চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা লোকসকলৰ ওচৰলৈ এইসমূহক লৈ যোৱাৰ এক ফলপ্ৰসূ মাধ্যমত পৰিণত হৈছে। চণ্ডীগড়ৰ তৃতীয় লিংগৰ ভিবিএছৱাই হিতাধিকাৰী, এখন চাহ দোকানৰ গৰাকী ম’নাৰ সৈতে মত-বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰেলৱেয়ে অসমৰ এটা ৰেলৱে ষ্টেচনৰ সকলো দোকান পৰিচালনাৰ কাম তৃতীয় লিংগৰ সমাজৰ হাতত অৰ্পণৰ সিদ্ধান্তৰ উদাহৰণ দাঙি ধৰে আৰু কয় যে তেওঁলোকে ব্যৱসায়টোৰ বৰ্ধন ঘটাবলৈ সক্ষম হৈছে।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী বিমল বড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এডিজি শ্ৰীমতী জানে নামচু, ডিব্ৰুগড়ৰ উপায়ুক্ত শ্ৰী বিক্ৰম কৈৰীয়ে ডিব্ৰুগড় জিলাৰ ৰাজগড় গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যসূচীৰ লাইভ সম্প্ৰচাৰত উপস্থিত থাকে। অসমৰ ভিন্ন স্থানত এই অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়।

 

                                                                  

ডিব্ৰুগড়ত ভিবিএছৱাই কাৰ্য্যসূচী সম্বোধন পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীৰ

 

এই উপলক্ষে ভাষণ প্ৰদানেৰে শ্ৰী তেলীয়ে কয় যে চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ নকৰা সকলো হিতাধিকাৰীৰ বাবে ভিবিএছৱাইয়ে আঁচনিসমূহৰ সম্পূৰ্ণ পৰিপূৰ্ণতা নিশ্চিত কৰিছে। তেওঁ জনসাধাৰণক চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

নাগৰিক সেৱাসমূহৰ বৰ্ধনৰ অৰ্থে এটি প্ৰয়াস হিচাপে ভিবিএছৱাই কাৰ্য্যসূচীসমূহৰ জৰিয়তে জনসাধাৰণৰ কল্যাণৰ অৰ্থে ভিন্ন সমাজ-কেন্দ্ৰিক পদক্ষেপ হাতত লোৱা হয়। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ থলীতে সংযোগ প্ৰদান, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, আধাৰ কাৰ্ড পঞ্জীয়ন, পিএম স্বনিধি আঁচনিৰ পঞ্জীয়ন আদি ব্যৱস্থাই আৰ্তজনৰ সহজ লাভ নিশ্চিত কৰে। ৰাইজক আগবাঢ়ি আহি ভিন্ন চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ জনপ্ৰতিনিধিসকলে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। 

PG/SS


(Release ID: 1984575) Visitor Counter : 84
Read this release in: English