তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে

Posted On: 06 DEC 2023 4:56PM by PIB Guwahati

কেন্দ্রীয় চৰকাৰৰ ভিন্ন আঁচনি সম্পৰ্কে তথ্য বিয়পোৱাৰ লক্ষ্যৰে এটি প্ৰচাৰ পদক্ষেপ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ অসমৰ প্ৰত্যন্ত অঞ্চলসমূহকে প্ৰমুখ্য কৰি ভিন্ন প্রান্তত সফলতাৰে অব্যাহত আছে।

আজি এই যাত্ৰাই গুৱাহাটীৰ ভঙাগড় আৰু কাহিলীপাৰাক সামৰি লয়। এই যাত্ৰাত স্থানীয় ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰে। ইয়াত হিতাধিকাৰীসকলে চৰকাৰী কল্যাণমূলক আঁচনিৰাজিৰপৰা লাভ কৰা সুবিধাসমূহৰ বিষয়ে নিজ-নিজ অভিজ্ঞতা ব্যক্ত কৰে। যাত্ৰাকালত অধিক সজাগতা সৃষ্টিৰ লক্ষ্যৰে চৰকাৰী আঁচনিসমূহৰ তথ্য সম্বলিত প্ৰচাৰ পত্ৰিকাও ৰাইজৰ মাজত বিতৰণ কৰা হয়।

এই যাত্ৰাৰ অংশ হিচাপে ভিন্ন বিভাগে ষ্টল স্থাপনেৰে থলীতে সেৱা আগবঢ়ায় আৰু ৰাইজক সজাগ কৰে। ইয়াত চৰকাৰী ধ্বজাবাহী আঁচনিসমূহ যেনেঃ জল জীৱন অভিযান, আয়ুষ্মান ভাৰত যোজনা, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, জন-ধন যোজনা, পিএম আৱাস যোজনা আদিৰ তথ্য অৱগত আৰু ৰাইজক এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়।

চৰকাৰী আঁচনিসমূহৰ সুফলৰাজি সম্পৰ্কে ব্যক্ত কৰি হিতাধিকাৰী তথা গুৱাহাটীৰ ভঙাগড়ৰ বাসিন্দা শ্ৰী তুলতুল শইকীয়াই কয় যে পিএম স্বনিধি যোজনাই তেওঁৰ দৰে পথৰ কাষৰ বিক্ৰেতাসকলক ক’ভিড সংকটৰ পিছত পুনৰ ব্যৱসায় আৰম্ভত সহায় কৰিছে। চৰকাৰক ধন্যবাদ জনাই তেওঁ কয় যে এই আঁচনিখনে তেওঁক ব্যৱসায় সম্প্ৰসাৰণত সহায় কৰিছে। আন এজন পথৰ কাষৰ বিক্ৰেতা শ্ৰী দেৱজিৎ সেনাপতিয়ে পিএম স্বনিধি আঁচনিয়ে তেওঁক স্বাৱলম্বী হোৱাত সহায় কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

গুৱাহাটীৰ কাহিলীপাৰা নিবাসী শ্ৰীমতী স্মিতা ডেকাই উজ্জ্বলা আঁচনি সম্পৰ্কে ব্যক্তকৰণেৰে ভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে তেওঁৰ লগতে চুবুৰীয়া লোকসকল কেনেদৰে উপকৃত হৈছে, সেই বিষয়ে কয়।

বিকশিত ভাৰত সংকল্প যাত্ৰাই স্থানীয় সমাজসমূহক জড়িতকৰণৰে সজাগতা সৃষ্টি আৰু জনসাধাৰণক ভিন্ন সমাজ কল্যাণ তথা উন্নয়নমূলক কাৰ্য্যক্ৰম সম্পৰ্কে জ্ঞাতকৰণৰ সফল যাত্ৰা অব্যাহত ৰাখিছে।

JN/BM


(Release ID: 1983222) Visitor Counter : 714
Read this release in: English