তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ জনগোষ্ঠীসমূহক সবলীকৰণ কৰিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

Posted On: 04 DEC 2023 5:36PM by PIB Guwahati

অসমত প্ৰগতি আৰু সমাজ কল্যাণৰ চিন খোদিত কৰি আগুৱাই গৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। আজি গুৱাহাটীত দুটা স্থানত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰে এটা অনুষ্ঠান আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত আৰু দ্বিতীয়টো ছাত্ৰীবাৰী খ্ৰীষ্টান হাস্পতালত অনুষ্ঠিত হয়। দুয়োটা স্থানতে আইইচিৰ বাহনৰ সহায় চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ সন্দৰ্ভত প্ৰস্তুত কৰা ছুটি ছবি প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী স্বনিধি আদি বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিৰ জৰিয়তে লাভ কৰা সুবিধাৰ সম্পৰ্কে মত বিনিময় কৰে।

                                                                      

ইফালে, বিশ্বনাথ জিলাৰ পানীভঁৰাল গাঁও পঞ্চায়তত আজি উপস্থিত হয় আইইচি বাহন। এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত কৃষি বিভাগে ধাননি পথাৰত নেন’ ইউৰিয়া স্প্ৰে কৰিবলৈ ড্ৰোনৰ ব্যৱহাৰ সম্পৰ্কে প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰ হিতাধিকাৰীসকলে এই আঁচনিসমূহৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

                                                                      

একেদৰে, হোজাই জিলাৰ আজাৰবাৰী উন্নয়ন ব্লকৰ ভালুকমাৰী বজাৰত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াই বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাৰ বিষয়ে জনসাধাৰণক বুজাই দিয়ে। অনুষ্ঠানত বিভিন্ন কল্যাণমূলক আঁচনিৰ কেইবাগৰাকী স্থানীয় হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে।

                                                                             

বিকশিত ভাৰত সংকল্প যাত্ৰা অসমলৈ প্ৰগতি আৰু কল্যাণ কঢ়িয়াই অনা এক অনন্য কাৰ্যসূচী। প্ৰতিটো অনুষ্ঠানৰ জৰিয়তে এই যাত্ৰাই ৰাজ্যখনৰ নাগৰিকসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ বাবে চৰকাৰে প্ৰদান কৰা গুৰুত্বক আলোকপাত কৰিছে।

****

 

JN/ SM/DB


(Release ID: 1982473) Visitor Counter : 111
Read this release in: English