তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ব্ৰিটিছ চলচ্চিত্ৰ ‘কেটচিং ডাষ্ট’ৰ প্ৰদৰ্শনীৰে আৰম্ভ ৫৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে কলাকুশলী আৰু কৰ্মচাৰীসকলক সম্বৰ্ধনা জনায়
সীমা অতিক্ৰম কৰি চলচ্চিত্ৰসমূহৰ সামূহিক মানৱ অভিজ্ঞতা ভাগ-বতৰা, মানৱীয় আৱেগৰ সাৰ্বজনীন ভাষাৰ জৰিয়তে দৰ্শকক একত্ৰিত কৰাৰ এক অসাধাৰণ শক্তি থাকে। ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এইবাৰৰ উদ্বোধনী ছবি "কেটচিং ডাষ্টো'' একেটা নীতি-নিয়মৰ অংশীদাৰ। কেৱল ইমানেই নহয় গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ত দৰ্শকক মোহিত কৰি তুলিলে এই ছবিখনে। ছবিখনৰ কাহিনীৰ লগতে ব্যতিক্ৰমী দৃশ্য শিল্পকৰ্মই ছবিখনক এক অসাধাৰণ চিনেমালৈ ৰূপান্তৰ কৰিলে।
তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে প্ৰদৰ্শনীৰ পূৰ্বে ছবিখনৰ কলাকুশলী আৰু কৰ্মচাৰীসকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত তেওঁক সহযোগ কৰে এণ্টাৰটেইনমেণ্ট ছ'চাইটি অফ গোৱা (ইএছজি)ৰ উপাধ্যক্ষ শ্ৰীমতী ডেলিলা এম লোবো-এ।
ষ্টুৱাৰ্ট গেটৰ দ্বাৰা পৰিচালিত এই ছবিখনত জড়িত কলা-কুশলীসকল হৈছে এৰিন মৰিয়াৰ্টি, জয় কৰ্টনি, দিনা শিহাবি, ৰিয়ান ক'ৰ, জছ আলটিট, গেৰী ফেনিন আৰু অ'লৱেন ফৌৰেক। পৰিচালক ষ্টুৱাৰ্ট গেট হৈছে পুৰস্কাৰ প্ৰাপ্ত এগৰাকী ব্ৰিটিছ চলচ্চিত্ৰ নিৰ্মাতা যাৰ কাহিনীত প্ৰায়ে সমাজৰ বিষয়বস্তুসমূহ প্ৰতিফলিত হয়।
চলচ্চিত্ৰখনৰ কাহিনী: ৯৬ মিনিট দৈৰ্ঘ্যৰ চলচ্চিত্ৰখন টেক্সাছৰ বিগ বেণ্ডৰ বিচ্ছিন্নতাত নিৰ্মিত এখন ডেজাৰ্ট ড্ৰামা য'ত এটা পৰিত্যক্ত কমিউনত এখন অকলশৰীয়া ট্ৰেইলাৰ গীনা আৰু তেওঁৰ অপৰাধী স্বামী ক্লাইডৰ বাবে অনিচ্ছুক আত্মগোপন স্থানলৈ পৰিণত হয়। তেওঁৰ নিয়ন্ত্ৰণমূলক আচৰণত ক্লান্ত হৈ গীনা গুছি যাবলৈ সিদ্ধান্ত লয় যদিও হঠাতে নিউয়ৰ্কৰ পৰা অহা দম্পতীক কঢ়িয়াই অনা এখন ট্ৰেইলাৰে কঢ়িয়াই অনা বিপদক আওকাণ কৰি গীনাই ক্লাইডক তেওঁলোকক থাকিবলৈ দিবলৈ পতিয়ন নিয়ায়। সেই সিদ্ধান্তৰ বিপজ্জনক পৰিণতি হৈ পৰে তেওঁলোক সকলোৰে বাবে। আশাহীনতা আৰু হতাশাৰ সন্মুখত সান্ত্বনা বিচাৰি গভীৰ স্তৰত ছবিখনৰ কাহিনীভাগে শেষলৈকে দৰ্শকক মোহিত কৰে।
* * *
PIB Team IFFI | RC/ RK/ LV/ DR | IFFI 54 - 007/AR
(Release ID: 1978383)
Visitor Counter : 111