যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
কাইলৈৰ পৰা নেহৰু যুৱ কেন্দ্ৰ অসমৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ যুৱ উৎসৱৰ আয়োজন
এই উদ্যোগৰ উদ্দেশ্য হৈছে যুৱসকলৰ মাজত দেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত কৰা
Posted On:
14 NOV 2023 4:57PM by PIB Guwahati
পোষ্ট কৰা হৈছে: ১৪ নৱেম্বৰ ২০২৩ পিআইবি গুৱাহাটীৰ দ্বাৰা আবেলি ৪.৫৭ বজাত
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈ অহা পঞ্চ প্ৰাণৰ পৰা অনুপ্ৰেৰণা লৈ ২০২৩-২৪ বৰ্ষত নেহৰু যুৱ কেন্দ্ৰ সংস্থানে (এনৱাইকেএছ) আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এক বৃহৎ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।এই উদ্দেশ্য সফল কৰাৰ বাবে যুৱ উৎসৱ : India@2047ৰ অধীনত বিস্তৃত কাৰ্যসূচীৰ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানত যুৱসকলক জড়িত কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শৰে দেশপ্ৰেম তথা মূল্যবোধৰ মনোভাৱ পুনৰ জাগ্ৰত কৰা। এনৱাইকেএছ অসমে ১৫ আৰু ১৬ নৱেম্বৰ ২০২৩ তাৰিখে গুৱাহাটীৰ ডন বস্কো ইনষ্টিটিউট অৱ মেনেজমেণ্টত ৰাজ্যিক পৰ্যায়ৰ যুৱ উৎসৱ ২০২৩ আয়োজন কৰিবলৈ সাজু হৈছে। জিলা পৰ্যায়ৰ যুৱ উৎসৱ সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছে। যুৱ উৎসৱৰ জিলা পৰ্যায়ৰ বিজয়ীসকলে এই ৰাজ্যিক পৰ্যায়ৰ যুৱ উৎসৱত অংশগ্ৰহণ কৰিব। ৰাজ্যিক পৰ্যায়ৰ বিজয়ীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ উৎসৱত অংশগ্ৰহণ কৰিব পাৰিব। ।
দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ যুৱ উৎসৱত চিত্ৰাংকন, কবিতা, ফটোগ্ৰাফী, বক্তৃতা প্ৰতিযোগিতা আদি অনুষ্ঠিত হব। একেদৰে সাংস্কৃতিক গোট ভিত্তিক কাৰ্যসূচীৰ নানান প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। যুৱ শিল্পী, লেখক, ফটোগ্ৰাফাৰ, পৰম্পৰাগত কলাৰ শিল্পী আৰু সামগ্ৰিকভাৱে যুৱ ভাৰতে এই আন্দোলনক তৃণমূল স্তৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব। এনে পদক্ষেপৰ ফলত আমাৰ দেশৰ সমৃদ্ধ ঐতিহ্য, সংস্কৃতি আৰু মূল্যবোধ ভিন্ন জনৰ মাজলৈ প্ৰসাৰিত হব।
যুৱ উৎসৱৰ লক্ষ্য হৈছে বিশেষজ্ঞসকলৰ পৰামৰ্শৰ ভিত্তিত দেশৰ যুৱ শিল্পী, লেখক, ফটোগ্ৰাফাৰ আৰু বক্তাসকলৰ মাজত ভ্ৰাতৃত্ববোধৰ মনোভাব গঢ়ি তোলা।
(Release ID: 1976953)