পোষ্ট কৰা হৈছে:
02 NOV 2023 8:39PM by PIB Guwahati
মহাৰাষ্ট্ৰৰ ১৩জনীয়া সাংবাদিকৰ দলে তেওঁলোকৰ ৩ দিনীয়া ভ্ৰমণৰ অংশ হিচাপে আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। ৰাজ্যখনত আৰক্ষীয়ে আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বুজ ল'বলৈ দলটোৱে অসম আৰক্ষীৰ ডিজিপি শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ সৈতে বাৰ্তালাপ কৰে।

শ্ৰী সিঙে উল্লেখ কৰে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনৰ বাবে আৰক্ষী বিভাগৰ অগ্ৰাধিকাৰসমূহ স্পষ্টভাৱে নিৰ্ধাৰণ কৰা হৈছে। উগ্ৰবাদ বিৰোধী, ড্ৰাগ চেনেলৰ বিৰুদ্ধে সক্ৰিয় হস্তক্ষেপ, বাল্য বিবাহ বিৰোধী কাৰ্যকলাপ, এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ বিৰোধী কাৰ্যকলাপ সমৰ্থন, অপৰাধ প্ৰতিৰোধৰ বাবে নতুন প্ৰযুক্তি ব্যৱহাৰৰ উপৰিও, সুস্থ আৰু সক্ষম আৰক্ষী বাহিনী থকাটোও বিভাগটোত প্ৰাথমিকতা প্ৰদান কৰা হৈছে।
তেওঁ লগতে কয় যে ৰাজ্যখনত অপৰাধৰ হাৰ ৫০% হ্ৰাস পাইছে। অসম আৰক্ষীয়ে উগ্ৰবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলস্বৰূপে ২০২৩ চনৰ বৰ্তমানলৈকে ৰাজ্যখনত উগ্ৰপন্থীৰ দ্বাৰা কোনো অসামৰিক লোক হতাহত হোৱা বা অপহৰণৰ ঘটনা সংঘটিত হোৱা নাই। সাংবাদিকৰ দলটোক তেওঁ জনায় যে ৰাজ্যখনত বন্য জন্তুৰ চোৰাং চিকাৰ যথেষ্ট হ্ৰাস পাইছে আৰু ২০২২ চনত ৰাজ্যখনত গঁড়ৰ চোৰাং চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই। শ্ৰী সিঙে দৃঢ়তাৰে কয় যে অসমৰ ৪ খন জিলাৰ বাহিৰে ৰাজ্যখনৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (এএফএছপিএ) প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে। ভাষণত তেওঁ অসম আৰক্ষীৰ শেহতীয়া পদক্ষেপৰ বিষয়ে কয়, য'ত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে ৰাজ্য খনত বাল্য বিবাহৰ ঘটনা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে।

সংবাদ মাধ্যমৰ হোৱা সৈতে বাৰ্তালাপত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী হৰমিত সিঙে (এডমিন) আলোচনা কৰে যে অসম আৰক্ষীক নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ বিভাগে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ অসম আৰক্ষীয়ে গ্ৰহণ কৰা ডিজিটেল পদক্ষেপৰ ওপৰত বিস্তৃতভাৱে বক্তব্য ৰাখে আৰু বিভাগটোৰ অভিযোগ নিষ্পত্তি প্ৰণালীৰ উদাহৰণ দাঙি ধৰে। ইয়াৰ বাবে প্ৰতিখন জিলা আৰক্ষী কাৰ্যালয়ত এটা অভিযোগ কোষ থকাৰ কথা উল্লেখ কৰে। শ্ৰী সিঙে লগতে জনায় যে অসম আৰক্ষীয়ে 'ড্ৰাগছ ফ্ৰি আছাম' নামৰ এটা এপও মুকলি কৰাৰ কথা প্ৰকাশ কৰে যাৰ উদ্দেশ্য হৈছে ৰাজ্যখনত প্ৰকৃত সময়ৰ ভিত্তিত ড্ৰাগছ বিক্ৰী, সঞ্চয়, চালান আৰু ব্যৱহাৰৰ বিষয়ে নাগৰিকৰ পৰা প্ৰাপ্ত তথ্য ৰখা। ড্ৰাগ ফ্ৰী আছাম এপটোৱে ড্ৰাগছ সম্পৰ্কীয় যিকোনো সন্দেহজনক কাৰ্যকলাপত জড়িতৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ অনুমতি দিয়ে। মত বিনিময় অনুষ্ঠানৰ সময়ত সংবাদ মাধ্যমৰ দলটোক অসম আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰা আৰু ইয়াৰ নিঃশেষ কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে।
উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম আৰক্ষীয়ে গ্ৰহণ কৰা ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰৰ বিষয়েও দলটোক অৱগত কৰে।বিগত কেইবছৰমানত বহু সশস্ত্ৰ বাহিনীৰ সৈতে বহুকেইখন যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰা হৈছে।তাৰ ওপৰত ভিত্তি কৰিয়েই বৰ্তমানলৈকে ১৯,৬১৬জন কেডাৰে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ উভতি আহিছে।
এই মত বিনিময় অনুষ্ঠানত অসম আৰক্ষীৰ বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত আছিল। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত আভাস দিয়াৰ বাবে অসম আৰক্ষীৰ বিষয়াসকলক মহাৰাষ্ট্ৰ পৰা অহা সাংবাদিক দলে কৃতজ্ঞতা জ্ঞাপন কৰে।
PG/SS/AR