তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

“এক তাৰিখ, এক ঘন্টা, একেলগে” বিষয়বস্তুৰে ফটোগ্ৰাফী প্ৰতিযোগিতা

Posted On: 28 SEP 2023 10:08AM by PIB Guwahati

চলিত ‘স্বচ্ছতাই সেৱা’ পষেকৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰজোৰা স্বচ্ছতা অভিযানৰ আহ্বানৰ সৈতে সংগতি ৰাখি, প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, গুৱাহাটীয়ে এক তাৰিখ, এক ঘন্টা, একেলগে বিষয়বস্তুৰে এখনি ‘ফটোগ্ৰাফী প্ৰতিযোগিতা’ৰ সবিশেষ ঘোষণা কৰিছে। এই বিষয়বস্তুৰ লক্ষ্য হৈছে অসমৰ ৰাইজৰ ১ অক্টোবৰ, ২০২৩ৰ পুৱা ১০:০০ বজাত এখনি স্বচ্ছ আৰু সেউজ ৰাজ্যৰ বাবে একত্ৰিত হোৱাৰ জন ভাগিদাৰী প্ৰচেষ্টাক ভৱিষ্যতৰ বাবে সাঁচি ৰখা আৰু ইয়াক উদযাপন কৰা।

 

চৰ্তাৱলীঃ

১. যোগ্যতা এক তাৰিখ, এক ঘন্টা, একেলগে বিষয়বস্তুৰে এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব। অৱশ্যে, আলোকচিত্ৰসমূহ অসমত স্বচ্ছতাৰ অৰ্থে জনভাগিদাৰী প্ৰচেষ্টাৰ হ’ব লাগিব।

২. এন্ট্ৰিৰ সময়সীমাঃ এই প্ৰতিযোগিতা ২ অক্টোবৰৰ দুপৰীয়া ০২:০০ বজালৈ (IST) মুকলি থাকিব। উক্ত সময়সীমাৰ ভিতৰত আলোকচিত্ৰসমূহ জমা দিব লাগিব।

৩. কেনেকৈ যোগদান কৰিবঃ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অংশগ্ৰহণকাৰীসকলে অনুসৰণ কৰিবলগীয়া নিয়মসমূহ হৈছেঃ

  • এক তাৰিখ, এক ঘন্টা, একেলগে বিষয়বস্তুক সূচিত কৰা আলোকচিত্ৰ প্ৰেৰণ কৰিব লাগিব। উক্ত বিষয়বস্তু সম্পৰ্কে অধিক তথ্যৰ বাবে https://pib.gov.in/PressReleseDetailm.aspx?PRID=1960088ত ক্লিক কৰক।
  • চাবজেক্ট লাইন "EEE_(name of photographer)"সহ আলোকচিত্ৰসমূহ pibguwahati23[at]gmail[dot]comলৈ প্ৰেৰণ কৰক।
  • ইমেইলত আলোকচিত্ৰৰ লগতে অংশগ্ৰহণকাৰীৰ সম্পূৰ্ণ নাম, যোগাযোগৰ নম্বৰ আৰু আলোকচিত্ৰৰ সবিশেষ বিৱৰণ (সবিশেষত আলোকচিত্ৰখন গ্ৰহণ কৰা স্থানৰ নামৰ লগতে আলোকচিত্ৰখনে সূচিত কৰা অৰ্থ সম্পৰ্কে উল্লেখ কৰাটো বাঞ্চনীয়) উল্লেখ কৰিব লাগিব।
  • আলোকচিত্ৰখন JPEG বা PNG ফৰ্মেটৰ হোৱাটো নিশ্চিত কৰাৰ লগতে ইয়াৰ আকাৰ (size) 25MB কৈ অধিক হ’ব নালাগিব।

৪. এন্টিৰ প্ৰয়োজনীয়তাঃ

  • সকলো এন্ট্ৰি অংশগ্ৰহণকাৰীৰ অৰিজিনেল ৱৰ্ক হ’ব লাগিব আৰু কপিৰাইট বা তৃতীয় পক্ষৰ বৌদ্ধিক সম্পদৰ অধিকাৰ ভংগ কৰিব নালাগিব।
  • আপত্তিজনক, অনুপযুক্ত বা অস্পষ্ট এন্ট্ৰিসমূহ অযোগ্য বিবেচিত হ’ব।
  • অংশগ্ৰহণকাৰীসকলে এই প্ৰতিযোগিতাৰ বাবে মাত্ৰ এখন (1) আলোকচিত্ৰহে জমা দিব পাৰিব।
  • অংশগ্ৰহণকাৰীসকল তেওঁলোকৰ আলোকচিত্ৰ গ্ৰহণ আৰু এন্টিসমূহ দাখিল প্ৰক্ৰিয়াত হোৱা ব্যয়ৰ বাবে দায়বদ্ধ থাকিব।

৫. বিজয়ীসকলৰ বিচাৰ আৰু বাছনি

  • সৃজনীশীলতা, বিষয়বস্তুৰে প্ৰাসংগিকতা, কম্প’জিচন আৰু সামগ্ৰিক ভিজুৱেল ইম্পেক্টৰ আধাৰত এন্ট্ৰিসমূহ বিচাৰ কৰা হ’ব।
  • ফটোগ্ৰাফী ক্ষেত্ৰখনৰ বিশেষজ্ঞসকলৰে গঠিত বিচাৰক মণ্ডলীয়ে তিনিগৰাকী (3) বিজয়ীক বাছনি কৰিব।
  • প্ৰতিযোগিতাৰ অন্তত ০৭ দিনৰ ভিতৰত বিজয়ীসকলক ইমেইল বা ফোনযোগে অৱগত কৰা হ’ব।

৬. পুৰস্কাৰসমূহঃ বিজয়ীসকলক ৩৫,০০০/- টকা মূল্যৰ পুৰস্কাৰ আৰু এখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

৭. প্ৰচাৰঃ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ পিছত অংশগ্ৰহণকাৰীৰ আলোকচিত্ৰসমূহ বাধা নোহোৱাকৈ পিআইবি, গুৱাহাটীয়ে আলোকচিত্ৰসমূহ, নাম আৰু আউটৰীচৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

৮. সাধাৰণ চৰ্তাৱলীঃ

  • চৰ্তাৱলী পূৰণ নকৰা যিকোনো এন্ট্ৰি অযোগ্য ঘোষণাৰ অধিকাৰ পিআইবি, গুৱাহাটীৰ থাকিব।
  • ইমেইলযোগে দাখিল প্ৰক্ৰিয়াটোত সম্ভৱপৰ যিকোনো কাৰিকৰী বিসংগতি বা আলোকচিত্ৰ হেৰোৱা, দাখিলত পলম হোৱাৰ ক্ষেত্ৰত পিআইবি, গুৱাহাটী দায়বদ্ধ নহয়।
  • বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আৰু প্ৰতিযোগিতাৰে সম্পৰ্কীয় সকলো বিষয় বিচাৰক মণ্ডলীয়ে নিৰ্ধাৰণ কৰিব।
  • পিআইবি, গুৱাহাটীৰ পূৰ্ব-জাননী অবিহনে যিকোনো কাৰণত, যিকোনো সময়তে এই প্ৰতিযোগিতাৰ সাল-সলনি বা বাতিলৰ অধিকাৰ সংৰক্ষিত।

৯. যোগাযোগৰ বাবেঃ এই প্ৰতিযোগিতা সম্পৰ্কীয় যোগাযোগৰ বাবে অনুগ্ৰহ কৰি শ্ৰী এছকে দৰ্জী (Sh. SK Dorjee)ৰ সৈতে +91 6900 711 207 নম্বৰত যোগাযোগ কৰিব পাৰে। 

…………………

PG/SM/SB


(Release ID: 1961644)
Read this release in: English