তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰঙিয়া মহাবিদ্যালয়ত আৰম্ভ হৈছে ৯ বছৰীয়া সেৱা, সুশাসন আৰু গৰীব কল্যাণ তথা পোষণ অভিযানৰ ওপৰত ফটো প্ৰদৰ্শনী

চিবিচিৰ প্ৰদৰ্শনীৰ লক্ষ্য হৈছে পোষণ অভিযানৰ ওপৰত সজাগতা সৃষ্টি কৰা : জেন নামচু

ৰঙিয়াৰ চিডিপিঅ’ই কৈছে যে পোষণ অভিযানৰ উদ্দেশ্য হৈছে জীৱনচক্ৰৰ পদ্ধতিৰ জৰিয়তে পুষ্টিহীনতাৰ মোকাবিলা কৰা

प्रविष्टि तिथि: 26 SEP 2023 4:54PM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ ব্যুৰো(CBC), আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ দুদিনীয়া ফটো প্ৰদৰ্শনী সহ আউটৰিচ কাৰ্যসূচী আজিৰে পৰা ৰঙিয়া মহাবিদ্যালয়ত আৰম্ভ হৈছে। প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে ৯ বছৰীয়া সেৱা, সুশাসন আৰু গৰীব কল্যাণ, উত্তৰ পূৰ্বাঞ্চলৰ মুক্তি যুঁজাৰুসকল আৰু পোষণ অভিযান।

উদ্বোধনী অধিবেশনত ভাষণ দি আই এণ্ড বি মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ এডিজি শ্ৰীমতী জেন নামচুৱে কয় যে চৰকাৰে সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে। তেখেতে কয় যে তেনে এটা পদক্ষেপ হৈছে স্বচ্ছতা হি সেৱা, ইয়াৰ অধীনত কেইবাটাও পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ আয়োজন কৰা হৈছিল আৰু ইয়াত উল্লেখযোগ্য জনসাধাৰণৰ অংশগ্ৰহণ দেখা গৈছে। প্ৰদৰ্শনীখনত তেওঁ ছাত্ৰ-ছাত্ৰী আৰু দৰ্শনাৰ্থীসকলক স্বচ্ছতা প্ৰতিজ্ঞাও প্ৰদান কৰে। তেওঁ পোষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আৰু পোষণ অভিযানৰ অধীনত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও আলোকপাত কৰে৷

অনুষ্ঠানত ভাষণ দি ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ব্ৰজেন্দ্ৰ শইকীয়াই কয় যে এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে সাধাৰণ জনতাই চৰকাৰৰ কাৰ্যসূচী আৰু নীতিৰ প্ৰতি অধিক সচেতন হ’ব। লগতে ৰঙিয়া মহাবিদ্যালয়ত এনে এক অনুষ্ঠান আয়োজন কৰাৰ বাবে চিবিচি গুৱাহাটীৰ পদক্ষেপৰ তেওঁ শলাগ লয় ৷

সভাত ভাষণ দি ৰঙিয়াৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া (চিডিপিঅ’) শ্ৰীমতী প্ৰীতিশা কলিতাই কয় যে পোষণ অভিযানে গৰ্ভৱতী মহিলা, দুগ্ধপান কৰা মাতৃ, কিশোৰী, আৰু ৬ বছৰৰ তলৰ শিশুৰ পুষ্টিৰ দিশত ব্যাপকভাৱে আগবঢ়াই নিয়াত সহায় কৰিছে। তেওঁ আৰু কয় যে ইয়াৰ উদ্দেশ্য হৈছে জীৱনচক্ৰৰ পদ্ধতিৰ জৰিয়তে পুষ্টিহীনতাৰ সৈতে মোকাবিলা কৰা আৰু লক্ষ্য হৈছে মানৱ জীৱনৰ জটিল পৰ্যায়সমূহ: গৰ্ভাৱস্থা, কেচুৱা কাল, শৈশৱ, আৰু কৈশোৰকালৰ বিষয়ে ব্যাপক সজাগতা গঢ়ি তোলা।

ৰঙিয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ হেমেন শৰ্মাই তেওঁৰ ভাষণত কয় যে চৰকাৰৰ উন্নয়নমূলক পদক্ষেপ তৃণমূল পৰ্যায়লৈকে যাব লাগিব আৰু এই ধৰণৰ প্ৰদৰ্শনীয়ে ইয়াৰ প্ৰতি সজাগতা সৃষ্টিত সহায় কৰিব।

চিবিচি, গুৱাহাটীৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া শ্ৰীমতী সুচৰিতা চাহুৱে তেওঁৰ আদৰণি ভাষণত অনুষ্ঠানটোৰ লক্ষ্য আৰু তাৎপৰ্যৰ বিষয়ে কয়।

এই উপলক্ষে পূব কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী শ্ৰীমতী ৰাণু চৌধাৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী প্ৰবীণ কলিতাও উপস্থিত থাকে।

দুদিনীয়া প্ৰদৰ্শনীত পোষণ অভিযানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি বিগত ৯ বছৰত চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু আঁচনিৰ ওপৰত বিভিন্ন ফটো পেনেল প্ৰদৰ্শন কৰা হয়৷ এই প্ৰদৰ্শনীত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বহু অবন্দিত নায়কৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীৰ ফটো পেনেল প্ৰদৰ্শিত হয়। দুদিনীয়া এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কুইজ, নৃত্যকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

SS/GS

Pictures of the Event:

অনুষ্ঠানৰ আলোকচিত্ৰ


(रिलीज़ आईडी: 1961002) आगंतुक पटल : 46
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English