প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ

উত্তৰ-পূবৰ ১০ টা স্থান আৰু অসমৰ ৩ টা স্থানৰ সৈতে সমগ্ৰ দেশৰ ৭০ টা স্থানত এই উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশ্বেশ্বৰ টুডু আৰু ৰামেশ্বৰ তেলীয়ে ক্ৰমে গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়ত উদ্বোধন কাৰ্যসূচীত যোগদান কৰে

Posted On: 17 SEP 2023 6:38PM by PIB Guwahati

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিশ্বকৰ্মা জয়ন্তী উপলক্ষে পৰম্পৰাগত শিল্পী আৰু শিল্পীসকলৰ বাবে 'পিএম বিশ্বকৰ্মা আঁচনি' মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ লোগো, টেগলাইন আৰু পৰ্টেলো মুকলি কৰে। তেওঁ অনুষ্ঠানটোত এটা  ষ্টাম্প শ্বীট, এটা টুল কিট ই-বুকলেট আৰু ভিডিঅ' মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে ১৮ জন হিতাধিকাৰীক বিশ্বকৰ্মাৰ প্ৰমাণপত্ৰ বিতৰণ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে আৰু কয়  যে এই আঁচনি  পৰম্পৰাগত শিল্পী আৰু শিল্পীসকলৰ বাবে সমৰ্পিত। তেওঁ সমগ্ৰ দেশৰ লাখ লাখ বিশ্বকৰ্মাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰি আনন্দ প্ৰকাশ কৰে। তেওঁ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা  প্ৰদৰ্শনী পৰিদৰ্শন কৰে  আৰু  শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ মহান অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ নাগৰিকসকলক অনুষ্ঠানটো দৰ্শন কৰিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে লাখ লাখ শিল্পী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আশাৰ ৰেঙণি  হিচাপে  পৰিগণিত হ’ব।

                                                      

গুৱাহাটীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা  আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ এই মহৎ পদক্ষেপত প্ৰধানমন্ত্ৰীৰ সৈতে যোগদান কৰে।এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আমাৰ গতিশীল নেতা- মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ আন এক সফলতাৰ নিদৰ্শন- যিয়ে সমাজৰ সকলোৰে উন্নতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ  হৈ আছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাই মোডীজীৰ সবকা সাথ, সবকা বিকাশৰ দৃষ্টিভংগীয়ে উজ্জীৱিত কৰিছে । এই যোজনাই কেৱল আমাৰ দেশৰ প্রান্তিীয় অংশকে ৰাষ্ট্ৰ নিৰ্মাণৰ সক্ৰিয় অংশীদাৰ  হোৱাত সহায় নকৰে, লগতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সকলৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সজ্জিত হৈ  আত্মনিৰ্ভৰ ভাৰতৰ  এক নতুন পৰিৱেশ  গঢ়ি তোলাত সহায় কৰিব। এই যোজনাই আমাৰ শিল্পীসকলক তেওঁলোকৰ শিল্পকলাত "শ্ৰেষ্ঠতা" অৰ্জন কৰিবলৈ   ক্ষমতা প্ৰদান কৰিব। আনহাতে  তেওঁলোকক পৃথিৱী খনৰ বাকী  অংশৰ   সৈতে প্ৰতিযোগিতা কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে, আনহাতে ই সন্মান আৰু মৰ্যাদাৰ এক বিশ্বব্যাপী বজাই ৰাখিবলৈ সমৰ্থ হৈছে। যিটো আগতে কেতিয়াও হোৱা নাছিল। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমাৰ পৰম্পৰাগত শিল্পীসকলৰ সৱলীকৰণৰ সৈতে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে আত্মনিৰ্ভৰ ভাৰত হোৱাৰ দিশত আৰু এখোজ আগুৱাই গ’ল।"

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা  ৰাজহুৱা উদ্যোগ , সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাও উপস্থিত আছিল; গুৱাহাটীৰ সাংসদ (লোকসভা) কুইন  ওজা; ৰমেন ডেকা, উপাধ্যক্ষ, চিটা; সাংসদ (ৰাজ্যসভা), পবিত্ৰ মাৰ্ঘেৰিটা; মৃগেন শৰণীয়া, মেয়ৰ, গুৱাহাটী পৌৰ নিগম (জিএমচি)ৰ লগতে অন্যান্য বিষয়াসকল। অনুষ্ঠানটোত বহু  শিল্পী আৰু শিল্পৰ সৈতে জড়িত কৰ্মী উপস্থিত আছিল, যিসকলে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ সুবিধা লাভ কৰিব পাৰিব।

শিলচৰত আজি বংগ ভৱনত জনজাতীয় পৰিক্ৰমা আৰু জল শক্তি দপ্তৰৰ মন্ত্ৰী  শ্ৰী বিশ্বেশ্বৰ টুডু, অসমৰ যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী শ্ৰী মন্ত্রী নন্দিতা গাৰ্লোছা, কাছাৰৰ উপায়ুক্ত শ্ৰী ৰোহন কুমাৰ ঝা, শিলচৰৰ বিধায়ক শ্ৰী দ্বিপায়ন চক্ৰৱৰ্তী, শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰায়, লক্ষীপুৰৰ  বিধায়ক কৌশিক ৰায়ৰ উপস্থিতিত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ শুভাৰম্ভ কৰা হয়।  

সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী বিশ্বেশ্বৰ টুডুৱে কয়, "এই আঁচনিয়ে ক্ষুদ্ৰ ব্যৱসায় বৃদ্ধি কৰিব আৰু লগতে স্থানীয় শিল্পীসকলক অধিক দক্ষ কৰি তুলিব। এই আঁচনিৰ জৰিয়তে স্থানীয় শিল্পীসকলে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰি  লাভাৱান্বিত হ'ব।" তেওঁ লগতে উল্লেখ কৰে যে শিল্পীসকলক পঞ্জীয়নত সহায় কৰিবলৈ আৰু  সঠিক প্ৰশিক্ষণ দিয়াটোৱে এই আঁচনিখনৰ সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসমৰ শক্তি, যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লোছাই আনন্দ প্ৰকাশ কৰি কয় যে আঁচনিখন কেৱল স্থানীয় সামগ্ৰী আৰু শিল্পীসকলৰ বিকাশৰ বাবেহে উৎসৰ্গিত। শিল্পী সকল আৰু তেওঁলোকৰ দক্ষতা প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজেৰে প্ৰবাহিত হয় ,  কিন্তু তেওঁলোকৰ সেই দক্ষতাসমূহ উন্নীত আৰু মান সম্পন্ন কৰিবলৈ  এখন মঞ্চৰ প্ৰয়োজন। সেয়েহে এই আঁচনিয়ে  এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ অসমৰ  দক্ষিণ অংশত আঁচনিখনৰ সফল ৰূপায়ণ হ’ব বুলি আশা ব্যক্ত কৰে।

লগতে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি দুলীয়াজান ক্লাবত আৰম্ভ কৰা হয়। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা  শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী আৰু ৰাজ্যিক চাহ জনজাতি কল্যাণ তথা  শ্ৰমিক  কল্যাণ মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণে আঁচনিখন আৰম্ভ কৰা অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে এই আঁচনিয়ে অসংগঠিত খণ্ডক লাভাৱান্বিত কৰিব।

 

PG/PN

 

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1958169



(Release ID: 1958275) Visitor Counter : 44


Read this release in: English