মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
আই আই টি ভিলাইৰ সহযোগত আই আই আই টি গুৱাহাটীৰ উদ্যোগত ফিনটেক কৰ্মশালা
এই পদক্ষেপৰ লক্ষ্য হৈছে স্থানীয় প্ৰত্যাহ্বানসমূহৰ বাবে ফিনটেক ভিত্তিক সমাধান চিনাক্ত কৰা
ৱৰ্কশ্বপে উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে সফল ফিনটেক উদ্যোগ আৰু চাকৰিৰ সুযোগ সৃষ্টিৰ বাবে চেষ্টা কৰে
Posted On:
09 SEP 2023 4:10PM by PIB Guwahati
আই আই টি ভিলাইৰ ইনোভেচন এণ্ড টেকন’লজি ফাউণ্ডেচনে গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি (আই আই টি-জি)ৰ সহযোগত আজি আই আই আই টি, গুৱাহাটীত “স্থানীয় আৰু আঞ্চলিক সমস্যাৰ বাবে ফিনটেকত উদ্ভাৱন আৰু উদীয়মান প্ৰযুক্তিবিদ্যা” শীৰ্ষক দুদিনীয়া ফিনটেক কৰ্মশালাৰ আয়োজন কৰে। কৰ্মশালাৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে বিত্তীয় প্ৰযুক্তি ক্ষেত্ৰত উদ্ভাৱন আৰু উদ্যোগীকৰণক লাভান্বিত কৰা।
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি)ৰ দ্বাৰা ৰূপায়িত ৰাষ্ট্ৰীয় আন্তঃশাখা চাইবাৰ-ভৌতিক ব্যৱস্থাৰ অভিযান (এন এম-আই চি পি এছ)ৰ অধীনত অনুষ্ঠিত হয় এই কৰ্মশালাখন। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে শিক্ষানুষ্ঠানৰ ফেকাল্টী সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলক নতুনত্ব আৰু সমাধান সৃষ্টিৰ বাবে সবল কৰা যিয়ে উত্তৰ-পূব অঞ্চলৰ ফিনটেক পৰিৱেশত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে।
এই কৰ্মশালাখনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন প্ৰতিষ্ঠানৰ ফেকাল্টী সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলক আই আই টি ভিলাই (আই বি আই টি এফ)ত ইনোভেচন এণ্ড টেকন’লজি ফাউণ্ডেশ্যনৰ সৈতে পোনপটীয়াকৈ জড়িত হ’বলৈ এক মঞ্চ প্ৰদান কৰে। আই আই আই টি গুৱাহাটীয়ে উত্তৰ-পূবত এই পদক্ষেপৰ অধীনত আৰম্ভ কৰা এনে সকলো কাম-কাজ পৰিচালনাৰ বাবে কেন্দ্ৰ হিচাপে কাম কৰিব।
এই পদক্ষেপৰ লক্ষ্য হৈছে ফিনটেক ভিত্তিক সমাধানৰ জৰিয়তে স্থানীয় প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা। লগতে অঞ্চলটো আৰু জনসাধাৰণৰ সুবিধা আৰু সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সমাধানৰ ধাৰণা প্ৰস্তুত কৰা হ’ব। আগলৈ গৈ সমাধানসমূহ ৰূপায়ণৰ বাবে আইবিআইটিএফে পুঁজিৰে সহায় কৰিব পাৰে আৰু বিশেষকৈ অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা সক্ষম ফেকাল্টী সদস্যসকলে তদাৰক কৰিব পাৰে আৰু জনজাতীয় সম্প্ৰদায়ৰ জীৱন উন্নত কৰাত মনোনিৱেশ কৰিব পাৰে।
এই কৰ্মশালাত অৰুণাচল প্ৰদেশ, ছিকিম, মেঘালয়, অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰামকে ধৰি সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ১২০জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ গুৰুত্ব আছিল অৰুণাচল প্ৰদেশৰ টাৱাং আৰু জিৰো উপত্যকাৰ ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টীৰ অংশগ্ৰহণ আৰু ভাৰতীয় সংবিধানৰ তফছিল ৬ৰ অধীনত সামৰি লোৱা মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, আৰু অসমৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনস্থ অঞ্চলসমূহৰ স্থানীয় সমস্যাসমূহৰ ওপৰত আলোচনা কৰা।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অভ্যন্তৰীণ অঞ্চল আৰু গাঁওসমূহত বসবাস কৰা জনজাতীয় লোকসকলক বিত্তীয় সেৱাৰ শেষ মাইল দূৰত্বৰ যোগান নিশ্চিত কৰাৰ পথ কেনেকৈ প্ৰশস্ত কৰিব পাৰে তাৰ গুৰুত্ব আলোকপাত কৰা হয় আৰু এই অনুষ্ঠানটো অঞ্চলটোৰ বাবে এক পৰিৱৰ্তনশীল যাত্ৰা হ’ব পাৰে, বন্তিৰ শিখা জ্বলাই দিব পাৰে উদ্ভাৱন আৰু প্ৰগতি আৰু সমৃদ্ধিৰ সূচনা কৰি।
অনুষ্ঠানৰ সময়ত পুঁজিৰ বাবে আলোচনা কৰা কিছুমান প্ৰভাৱশালী সমাধানৰ ভিতৰত আছে:
১। অৰুণাচল প্ৰদেশৰ জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত প্ৰচলিত প্ৰাক-ঐতিহাসিক বিত্তীয় ব্যৱস্থাপনাৰ জনপ্ৰিয় পদ্ধতিৰ ওপৰত ভিত্তি কৰি এটা সমূহীয়া বিত্তীয় মঞ্চ গঢ়ি তোলা।
অৰুণাচল প্ৰদেশৰ নিছি, আপাতানি, আদি, গালো আদি জনজাতীয় জনগোষ্ঠীসমূহে দীৰ্ঘদিন ধৰি পাৰস্পৰিক সহায় আগবঢ়াবলৈ ‘গোল’ নামেৰে জনাজাত সম্প্ৰদায়ভিত্তিক বিত্তীয় ব্যৱস্থা ব্যৱহাৰ কৰি আহিছে। এই চিৰস্থায়ী প্ৰথা জনজাতীয় লোকসকলৰ মাজত মুদ্ৰাৰ ব্যৱহাৰৰ পূৰ্বৰ পৰাই বিনিময় ব্যৱসায়ৰ যুগৰ পৰাই চলি আহিছে। এই প্ৰথা এতিয়াও প্ৰচলিত আৰু সফল আৰু ব্যক্তিগত সদস্যসকলক ফলপ্ৰসূভাৱে সম্প্ৰদায়ভিত্তিক সহায় আগবঢ়াই আহিছে। এই পৰম্পৰাগত জ্ঞান আৰু যুগ যুগ ধৰি চলি অহা প্ৰথাক আনুষ্ঠানিক ঋণ প্ৰদানৰ মঞ্চত একত্ৰিত কৰিবলৈ উদীয়মান প্ৰযুক্তিসমূহৰ সহায় লোৱাটোৱে সমগ্ৰ ভাৰতৰ সৰু সৰু সম্প্ৰদায়সমূহৰ বাবে ইয়াক জনপ্ৰিয় আৰু প্ৰতিলিপি কৰাৰ সম্ভাৱনা আছে।
২। অসংগঠিত মজুৰি শ্ৰমিকসকলক সুশৃংখলিত কৰিবলৈ টেক ভিত্তিক মঞ্চ গঢ়ি তোলা
অনানুষ্ঠানিক নিয়োগৰ প্ৰাদুৰ্ভাৱ ভাৰতৰ শ্ৰম বজাৰৰ সংজ্ঞায়িত বৈশিষ্ট্য হিচাপে আত্মপ্ৰকাশ কৰিছে। সময়ৰ জৰুৰী প্ৰয়োজনীয়তা হৈছে চৰকাৰী ব্যৱস্থাৰ অধীনত গ্ৰাহকৰ সৈতে পঞ্জীয়ন, সজাগতা, সহায়, আৰু সংযোগৰ সুবিধা প্ৰদান কৰাৰ এক ঐক্যবদ্ধ মঞ্চ স্থাপন কৰা। ইয়াক লাভ কৰিবলৈ ব্লকচেইন, এআই, আৰু মেচিন লাৰ্নিঙৰ দৰে উদীয়মান প্ৰযুক্তিসমূহক স্বচ্ছতা, বিশ্বাস নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি আৰু শেষত এই প্ৰান্তীয় জনগাঁথনিৰ আয়ৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰি। এই সমাধানটো আৰম্ভণিতে হিল টপ, পাছিঘাট, অৰুণাচলত প্ৰট’টাইপ হিচাপে ৰূপায়ণ কৰিব পৰা যাব আৰু ইয়াক গ্ৰহণ আৰু সফলতাৰ ভিত্তিত ইয়াক উত্তৰ-পূবৰ আন জিলা আৰু ৰাজ্যসমূহত প্ৰতিলিপি কৰিব পৰা যাব।
৩। উত্তৰ-পূবৰ কাৰিকৰসকলক শক্তিশালী কৰা: এখন ব্লকচেইন-চালিত বজাৰ
এই পদক্ষেপে ই-কমাৰ্চ মোবাইল এপ ভিত্তিক প্ৰযুক্তি মঞ্চ স্থাপন কৰি উত্তৰ-পূব ভাৰতৰ স্থানীয় শিপিনী, নিৰ্মাতা, আৰু কৃষকসকলক সৱলীকৰণ কৰিব বিচাৰিছে। এই প্লেটফৰ্মত জনজাতীয় শিল্প, হস্তশিল্প, আৰু উচ্চমানৰ মৌৰ দৰে উচ্চ শেল্ফ লাইফ থকা ষ্টেপলকে ধৰি বিভিন্ন সামগ্ৰীৰ ব্যৱস্থা কৰা হ’ব। এই সমাধানৰ লক্ষ্য হৈছে মধ্যভোগীৰ শোষণ আৰু পণ্য প্ৰমাণীকৰণৰ সৈতে জড়িত সমস্যাসমূহ সমাধান কৰি ব্লকচেইন প্ৰযুক্তি একত্ৰিত কৰা, বিশেষকৈ দক্ষ জনজাতীয় শিল্পীসকলৰ বাবে। মোবাইল এপটোত কৃষক আৰু শিল্পীৰ প্ৰফাইল থাকিব, যাৰ সহায়ত মধ্যস্থতাকাৰীক নিৰ্মূল কৰিবলৈ নিৰাপদ কিউআৰ ভিত্তিক তথ্য আৰু পেমেণ্ট ব্যৱস্থাৰ সহায় লোৱা হ’ব। এই সমাধান অংশীদাৰসকলৰ সৈতে আলোচনা কৰি কাৰ্যকৰী কৰা হ’ব আৰু শিল্পী আৰু কৃষকৰ বাবে প্ৰি-লঞ্চ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হ'ব যাতে ফলপ্ৰসূ গ্ৰহণ আৰু মঞ্চৰ ব্যৱহাৰ নিশ্চিত কৰা হয়। উল্লেখযোগ্য যে এই প্লেটফৰ্মৰ স্কেলেবিলিটিয়ে অঞ্চলটোৰ বিভিন্ন থলুৱা সামগ্ৰীৰ বিপণনৰ সুবিধা প্ৰদান কৰিব, যিয়ে ক্ষুদ্ৰ শিল্পী আৰু কৃষকৰ জীৱিকাৰ যথেষ্ট উন্নতিৰ প্ৰতিশ্ৰুতি দিব। এই পদক্ষেপে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু বহনক্ষমতাক আগুৱাই নিয়াৰ সম্ভাৱনা ৰাখিছে। প্ৰ’ট’টাইপ এপ্লিকেচনৰ জৰিয়তে এই সমাধানৰ ৰূপায়ণ ৰি-ভয় আৰু মেঘালয়ৰ পূব-খাছি পাহাৰৰ কিছু অংশৰ পৰা আৰম্ভ হ’ব।
৪। আৱাসিক পাৰ্কিং ৰূপান্তৰ পদক্ষেপ: আইজল আৰু ইয়াৰ বাহিৰত নগৰীয়া সম্ভাৱনা মুকলি কৰা
মিজোৰাম চৰকাৰৰ নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি আইজল স্থানীয় প্ৰশাসনে এক অগ্ৰণী প্ৰচেষ্টা হাতত লৈছে। ই গৃহস্বত্বাধিকাৰীসকলক তেওঁলোকৰ আৱাসিক সম্পত্তিৰ ভিতৰৰ ব্যক্তিগত স্থানসমূহক নিৰ্দিষ্ট পাৰ্কিং স্পটলৈ ৰূপান্তৰিত কৰাৰ সুযোগ প্ৰদান কৰে। এই পদক্ষেপে চহৰৰ বাসিন্দাসকলৰ বাবে এটা জৰুৰী সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে, পৰ্যটনৰ পৰিৱেশ বৃদ্ধি কৰাৰ লগতে গৃহস্বত্বাধিকাৰীসকলক অতিৰিক্ত আয়ৰ পথ প্ৰদান কৰিব। তদুপৰি, এই ব্লুপ্ৰিণ্টে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ অন্যান্য দৃশ্যমান গন্তব্যস্থানসমূহত, বিশেষকৈ পাহাৰীয়া অঞ্চলসমূহত প্ৰতিলিপিৰ সম্ভাৱনা ৰাখিছে, যিয়ে নগৰীয়া যানজঁট আৰু অৰ্থনৈতিক পুনৰুজ্জীৱিতকৰণৰ এক পৰিৱৰ্তনশীল সমাধান আগবঢ়াইছে।
৫। গ্ৰাম্য-নগৰীয়া সংযোগ: জৈৱিক প্ৰি-অৰ্ডাৰ শাক-পাচলি ডেলিভাৰী সেৱাৰ জৰিয়তে নাগালেণ্ডৰ কৃষকসকলক সবলীকৰণ
প্ৰথম অৱস্থাত স্থানীয় কৃষক আৰু তেওঁলোকৰ নগৰীয়া গ্ৰাহকৰ মাজত থকা ব্যৱধান দূৰ কৰি নাগালেণ্ডৰ মন জিলাত এই সমাধান কাৰ্যকৰী কৰা হ’ব। এই প্ৰকল্পটোৱে এই দূৰৱৰ্তী কৃষকসকলক বহল বজাৰৰ সৈতে সংযোগ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব বিচাৰে, শেষত আয়ৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু তেওঁলোকৰ জৈৱিক উৎপাদিত সামগ্ৰীৰ বিজ্ঞাপন আৰু বিক্ৰীৰ সুবিধা কৰি তেওঁলোকৰ সুযোগ সম্প্ৰসাৰণ কৰে। ইয়াৰ জৰিয়তে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰিব পাৰিব আৰু সম্ভাব্য গ্ৰাহকক আঞ্চলিক সামগ্ৰীৰ উপলব্ধতাৰ বিষয়ে অৱগত কৰিব পাৰিব। ইয়াৰ উপৰিও ই এই কৃষকসকলৰ বাবে উদ্বৃত্ত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ পথো প্ৰদান কৰিব পাৰে, অপচয় হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ আয় উন্নত কৰিব। দূৰৈৰ, অৰ্থনৈতিকভাৱে বঞ্চিত কৃষকসকলক বৃহৎ চহৰ আৰু নগৰৰ সৈতে সংযোগ কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰি সবলীকৰণে কেৱল আয়ৰ সুযোগ বৃদ্ধি কৰাই নহয়, স্থানীয় অৰ্থনৈতিক বৃদ্ধি আৰু জীৱিকা বৃদ্ধিতো যথেষ্ট অৰিহণা যোগাব পাৰে। চাহিদাক উদ্দীপিত কৰি এই প্ৰকল্পই নাগালেণ্ডৰ কৃষকসকলৰ বাবে অধিক সুস্থিৰ আয়ৰ মঞ্চ তৈয়াৰ কৰিব যিটো উত্তৰ-পূব ভাৰতৰ অন্যান্য অঞ্চললৈও প্ৰতিলিপি কৰিব পৰা যাব।
অনুসূচিত জনজাতি (এছ টি) সম্প্ৰদায়ৰ ভিতৰত উদ্ভাৱন আৰু উদ্যোগীকৰণক লালন-পালনৰ বাবে আই বি আই টি এফে পৰৱৰ্তী গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে। আই বি আই টি এফৰ ছত্ৰছায়াত আনুষ্ঠানিক প্ৰস্তাৱ দাখিল কৰিবলৈ সাজু হৈছে এছ টি সম্প্ৰদায়ৰ ফেকাল্টী সদস্যসকলে। এই ধাৰণাসমূহৰ লগতে আন বহুতো প্ৰভাৱশালী প্ৰস্তাৱৰ কঠোৰ দুটা স্তৰৰ মূল্যায়ন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব, যাৰ ফলত ইয়াৰ যোগ্যতা আৰু সম্ভাব্য প্ৰভাৱ নিশ্চিত হ’ব। চূড়ান্ত মূল্যায়ন সমিতিখন, শৈক্ষিক, উদ্যোগ, ব্যৱসায়, আৰু চৰকাৰী খণ্ডৰ পৰা অহা বিশিষ্ট বিশেষজ্ঞৰে গঠিত হ’ব। এই বিশেষজ্ঞ সমিতিখন ছেপ্টেম্বৰৰ শেষ সপ্তাহত আহ্বান কৰিবলৈ সাজু হৈছে, যিয়ে উদ্ভাৱন আৰু উদ্যোগীকৰণৰ জৰিয়তে এছ টি সম্প্ৰদায়ক শক্তিশালী কৰাৰ আইবিআইটিএফৰ অভিযানত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব।
**********
PG/SS
(Release ID: 1955835)