নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে পাণ্ডু আৰু ধুবুৰী বন্দৰত কাৰ্যকলাপ শক্তিশালী কৰি ২০২৫ চনৰ ভিতৰত অসমৰ পৰা ৩ মিলিয়ন মেট্ৰিক টন সামগ্ৰী ৰপ্তানিৰ লক্ষ্য ৰাখিছে

পাণ্ডু আৰু ধুবুৰী টাৰ্মিনেলৰ পৰিচালনা আৰু ব্যৱস্থাপনাৰ দিশটো (অপাৰেচন এণ্ড মেনেজমেণ্ট) মুকলি নিবিদাৰ জৰিয়তে পাঁচ বছৰৰ বাবে আউটছ'ৰ্চ কৰা হৈছে

আউটছ'ৰ্চিং অপাৰেটৰ "মিনিমাম কিউমুলেটিভ ৰিভাৰিন কাৰ্গ' ভ'লিউম (এমচিআৰচিভি)"এ দুয়োটা বন্দৰলৈ কাৰ্গ' ট্ৰেফিক প্ৰবাহ পৰিচালনা কৰিব

পৰৱৰ্তী ২ বছৰৰ ভিতৰত দুয়োটা টাৰ্মিনেলৰ বাবে আয়তনৰ লক্ষ্য হৈছে এতিয়াৰ ০.৫ নিযুত টনৰ পৰা ৩ নিযুত টনলৈ সামগ্ৰীৰ চলাচল আৰু ৰপ্তানি বৃদ্ধি কৰা

प्रविष्टि तिथि: 07 SEP 2023 9:11PM by PIB Guwahati

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বাংলাদেশ আৰু দক্ষিণ এছিয়ালৈ সামগ্ৰী ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যৰে ইয়াৰ পাণ্ডু আৰু ধুবুৰী বন্দৰৰ কাৰ্যকলাপ পৰিচালনা তথা ব্যৱস্থাপনা অধিক শক্তিশালী কৰিছে। পৰৱৰ্তী ২ বছৰৰ ভিতৰত দুয়োটা টাৰ্মিনেলৰ বাবে আয়তনৰ লক্ষ্য হৈছে এতিয়াৰ ০.৫ নিযুত টনৰ পৰা ৩ নিযুত টনলৈ কাৰ্গ' চলাচল বৃদ্ধি কৰা। এই ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব ব্যৱস্থাৰ জৰিয়তে বছৰি অতিকমেও ৭৩,০০০ মানৱ দিনৰ নিয়োগ সৃষ্টিৰ সম্ভাৱনা প্ৰকট হৈছে। পাণ্ডু আৰু ধুবুৰী টাৰ্মিনেলৰ পৰিচালনা আৰু ব্যৱস্থাপনাৰ দিশটো (অপাৰেচন এণ্ড মেনেজমেণ্ট) মুকলি নিবিদাৰ জৰিয়তে পাঁচ বছৰৰ বাবে আউটছ'ৰ্চ কৰা হৈছে। আউটছ'চিং অপাৰেটৰ "মিনিমাম কিউমুলেটিভ ৰিভাৰিন কাৰ্গ' 'লিউম (এমচিআৰচিভি)"এ দুয়োটা বন্দৰলৈ কাৰ্গ' ট্ৰেফিক প্ৰবাহ পৰিচালনা কৰিব।

এই ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিটোৱে দুয়োটা বন্দৰৰ জৰিয়তে ৰপ্তানি বৃদ্ধিৰ লক্ষ্যৰে পৰিচালনা আৰু ব্যৱস্থাপনাৰ দিশত ব্যক্তিগত খণ্ডৰ দক্ষতা আৰু অধ্যৱসায় সংযোজিত কৰিব। আনহাতে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এই প্ৰক্ৰিয়াৰ প্ৰথম দুবছৰ অৰ্থাৎ ২০২৫ চনৰ ভিতৰত ধুবুৰী আৰু পাণ্ডু বন্দৰৰ জৰিয়তে ৩ নিযুত মেট্ৰিক টন সামগ্ৰী ৰপ্তানিৰ লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত জাহাজৰ মসৃণ চলাচলৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিব। ব্ৰহ্মপুত্ৰ অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ-২ আৰু ভাৰত-বাংলাদেশ প্ৰট'কল (আইবিপি) জলপথত টাৰ্মিনেল আৰু কাৰ্গ' চলাচলৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে ব্যক্তিগত অপাৰেটৰৰ জৰিয়তে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থকা পাণ্ডু আৰু ধুবুৰী টাৰ্মিনেলৰ দক্ষ পৰিচালনা আৰু ব্যৱস্থাপনাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আৰ্হিটোৱে কলকাতাৰ জিআৰ জেটি আৰু হালদিয়া টাৰ্মিনেলৰ দৰে অন্যান্য বন্দৰসমূহত প্ৰদৰ্শন উন্নত কৰাত আৰু সমগ্ৰ অঞ্চলটোত বাণিজ্যৰ সম্ভাৱনা উন্মুক্ত কৰাৰ দিশত কাৰ্যকৰিতা প্ৰমাণিত কৰিছে।

এই প্ৰসংগত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক (পাণ্ডু) . ছেলভা কুমাৰে কয়, "মই প্ৰথমে স্পষ্ট কৰি দিওঁ যে পাণ্ডু বা ধুবুৰী বন্দৰৰ কোনোটোৱেই ব্যক্তিগতকৰণ কৰা হোৱা নাই। আমি কেৱল এক বিশেষজ্ঞ ঠিকাদাৰকহে নিযুক্ত কৰিছোঁ যিয়ে দুয়োটা বন্দৰৰ কাৰ্গ' পৰিচালনা আৰু ব্যৱস্থাপনাৰ দিশটো দক্ষতাৰে আগুৱাই নিব। এই ব্যক্তিগত খণ্ডৰ ঠিকাদাৰক প্ৰতিযোগিতামূলক নিবিদা ভিত্তিৰ জৰিয়তে আৰু আইনৰ যথাযথ প্ৰক্ৰিয়াৰ মাজেৰে বাছনি কৰা হৈছিল। লগতে, সুদক্ষ পৰিচালনা আৰু ব্যৱস্থাপনাৰ বাবে এই টাৰ্মিনেলবোৰৰ ক্ষেত্ৰত নিবিদা আহ্বান কৰাৰ আগতে এক বিতং আৰু পুংখানুপুংখ অধ্যয়ন কৰা হৈছিল। পাণ্ডু আৰু ধুবুৰীৰ লগতে অন্যান্য স্থানত অংশীদাৰ/স্থানীয় অপাৰেটৰৰ সৈতে কেইবাটাও আলোচনা অনুষ্ঠিত হৈছিল। অংশীদাৰ/ব্যক্তিগত অপাৰেটৰৰ সৈতে হোৱা আলোচনাৰ ফলাফলৰ আধাৰত উক্ত টাৰ্মিনেলৰ কাৰ্যকৰীকৰণ আৰু ব্যৱস্থাপনাৰ বাবে ঠিকাদাৰক দায়িত্ব অৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।"

এই ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিটোৱে পাণ্ডু আৰু ধুবুৰী দুয়োটা বন্দৰত বিশ্ব মানৰ পৰিচালনা পদ্ধতিৰে বাণিজ্য বৃদ্ধিৰ বিশাল সম্ভাৱনা উন্মুক্ত কৰিবলৈ গৈ আছে। সামগ্ৰী উঠা-নমোৱাৰ বাবে যাৱতীয় বিভিন্ন মাচুল অংশীদাৰসকলৰ সৈতে যথাযথ পৰামৰ্শৰ আধাৰত সিদ্ধান্ত লোৱা হৈছে আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা ইয়াৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে। এই নতুন ব্যৱস্থাই বন্দৰ দুটাত অধিক স্বচ্ছ আৰু পেছাদাৰী লজিষ্টিক প্ৰণালীৰ সূচনা কৰিব। যদি এমচিআৰচিভি অপাৰেটৰে প্ৰয়োজনীয় চৰ্ত আৰু কৰ্মপ্ৰণালী তথা নিৰ্ধাৰিত লক্ষ্য পূৰণ নকৰে, তেন্তে চুক্তিৰ ম্যাদ হ্ৰাস কৰাৰ লগতে বিত্তীয় জৰিমনাও আৰোপ কৰা হ'ব।


(रिलीज़ आईडी: 1955497) आगंतुक पटल : 94
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English