তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চিবিচি গুৱাহাটীৰ উদ্যোগত হোজাই বালিকা মহাবিদ্যালয়ত দুদিনীয়া ফটো প্ৰদৰ্শনী

प्रविष्टि तिथि: 24 AUG 2023 4:57PM by PIB Guwahati

গুৱাহাটীস্থি কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত হোজাই বালিকা মহাবিদ্যালয়ত দুদিনীয়া ফটো প্ৰদৰ্শনী আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। দেশৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগ আৰু বিগত ৯ বছৰত চৰকাৰৰ আঁচনি আৰু পদক্ষেপসমূহৰ বিষয়ে যুৱক-যুৱতীসকলক সজাগ কৰাৰ লক্ষ্যৰে এই প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। এই প্ৰদৰ্শনীত উত্তৰ-পূব ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি উৎসৰ্গিত ৪০টাতকৈও অধিক পেনেলৰ লগতে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ক্ষেত্ৰত বিগত ৯ বছৰৰ কৃতিত্বসমূহ প্ৰদৰ্শন কৰা হয়।

                     

প্ৰদৰ্শনীখন উদ্বোধন কৰি মুখ্য অতিথি তথা হোজাই প্ৰশাসনৰ ভাৰপ্ৰাপ্ত বিষয়া লাচিত দাসে যুৱক-যুৱতীসকলে গান্ধীৰ নীতি অনুসৰণ কৰিব লাগে বুলি আস্থা প্ৰকাশ কৰে। দেশৰ স্বাধীনতাৰ প্ৰতি তেওঁলোকৰ কৰ্তব্যই যিকোনো ব্যক্তিগত পৰিশ্ৰমৰ ঊৰ্ধ্বত বুলি উল্লেখ কৰি পেঞ্চন অস্বীকাৰ কৰা অসমৰ স্বাধীনতা সংগ্ৰামীৰ উদাহৰণ দাঙি ধৰে। তেওঁ যুৱক-যুৱতীসকলক এই নীতিসমূহৰ দ্বাৰা অনুপ্ৰাণিত হবলৈ আৰু নিজৰ স্বাৰ্থতকৈ দেশখনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।

                                                         

ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেন নামচুৱে এই অনুষ্ঠানৰ গুৰুত্ব আৰু নতুন প্ৰজন্মক দেশৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে জ্ঞান দিয়াৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজি দেশে যি স্বাধীনতা লাভ কৰিছে সেয়া স্বাধীনতা আন্দোলনৰ অখ্যাত নায়কসকলৰ বীৰত্ব আৰু ত্যাগৰ ফল বুলি তেওঁ উল্লেখ কৰে।

                                                  

উদ্বোধনী অনুষ্ঠানত উপস্থিত হোজাইৰ অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰা আৰু হোজাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা উপস্থিত থাকে। চিবিচিৰ ক্ষেত্ৰ প্ৰদৰ্শনী বিষয়া স্মিতা শইকীয়াই আদৰণি আগবঢ়ায়। এই কাৰ্যসূচীত হোজাই বালিকা মহাবিদ্যালয়ৰ ৬০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। দুদিনীয়া প্ৰদৰ্শনীখনৰ সময়ছোৱাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কুইজ, কলা প্ৰতিযোগিতা আৰু দেশপ্ৰেমমূলক গীতকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হব।

****


(रिलीज़ आईडी: 1951841) आगंतुक पटल : 71
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English