মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
গুৱাহাটী মণ্ডলৰ ৪২ কে.ভি.ত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সংবাদমেল
২৯ জুলাইত নতুন দিল্লীত এনইপিৰ ৩য় বৰ্ষপূৰ্তি উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
“এনইপিয়ে মুখস্থ বিদ্যাতকৈ সমালোচনাত্মক চিন্তাধাৰাক প্ৰোৎসাহিত, অধ্যয়নৰ পৰিৱৰ্তে শিক্ষণত গুৰুত্ব আৰোপ আৰু বিজ্ঞান মনষ্কতাক উৎসাহিত কৰিছে”: ডিচি, কেভিএছ আৰঅ’ গুৱাহাটী
Posted On:
27 JUL 2023 4:37PM by PIB Guwahati
২০২৩ৰ ২৯ জুলাইত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৩য় বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী আঞ্চলিক কাৰ্য্যালয়ে কেভি আইঅ’চি নুনমাটিত মণ্ডলটোৰ ৪২ খন কেন্দ্ৰীয় বিদ্যালয়ত এনইপি, ২০২০ ৰূপায়ণ সন্দৰ্ভত এখনি সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলত নেচনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিং (NIOS) আৰু চেন্ট্ৰেল ব’ৰ্ড ফৰ ছেকেণ্ডাৰী এডুকেচন (CBSE)ৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।
মিডিয়া ব্রিফিঙত অৱগত কৰা হয় যে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০২৩ৰ ২৯ জুলাইত নতুন দিল্লীৰ প্রগতি ময়দানস্থিত আইটিপিঅ’ত এনইপি, ২০২০ৰ ৩য় বৰ্ষপূৰ্তিৰে সংগতি ৰাখি দ্বিতীয় অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন কৰিব। শিক্ষা মন্ত্ৰালয় আৰু দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ে এই দুদিনীয়া কাৰ্য্যসূচীৰ আয়োজন কৰিছে। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰিব। এই সমাগমে বিদ্যালয়, উচ্চ শিক্ষানুষ্ঠান আৰু ‘স্কিলিং’ প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞসকলক এনইপি, ২০২০ ৰূপায়ণৰ ক্ষেত্ৰত অন্তৰ্দৃষ্টি, কৌশল, সফলতাৰ কাহিনী আৰু উত্তম পন্থাসমূহৰ সম্পৰ্কে আলোচনা, বিবেচনা আৰু শ্বেয়াৰৰ এখনি মঞ্চ প্ৰদান কৰিব।

এনইপি, ২০২০ সম্পৰ্কে ব্যক্ত কৰি কেভিএছ আৰঅ’ গুৱাহাটীৰ উপ আয়ুক্ত শ্ৰী চন্দ্ৰশেখৰ আজাদে কয়, “এনইপিয়ে মুখস্থ বিদ্যাতকৈ সমালোচনাত্মক চিন্তাধাৰাক প্ৰোৎসাহিত, অধ্যয়নৰ পৰিৱৰ্তে শিক্ষণত গুৰুত্ব আৰোপ আৰু বিজ্ঞান মনষ্কতাক উৎসাহিত কৰিছে।” তেওঁ জনোৱা মতে, অসমত মুঠ ৫৮ খন কেভি আছে। ইয়াৰে ৪২ খন গুৱাহাটী মণ্ডলৰ অন্তৰ্গত। তেওঁ এনইপিৰ মূল দিশসমূহ যেনেঃ শিশুৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা, নিপুণ ভাৰত (NIPUN Bharat), ‘প্লে’’ ভিত্তিক “বিদ্যা প্ৰৱেশ”, সামগ্ৰিক বিকাশ, প্ৰযুক্তিৰ সংহতি, বহুভাষিকতা, শিক্ষক সবলীকৰণ, অন্তৰ্ভুক্তিমূলক শিক্ষা, বহুবিষয়ক দৃষ্টি আদি সম্পৰ্কে ব্যক্ত কৰে। তেওঁ লগতে এনইপিৰ একাধিক ব্যৱস্থা ৰূপায়ণৰ ভিন্ন পৰ্য্যায়সমূহৰ সম্পৰ্কে এনেদৰে কয়ঃ
• ৫+৩+৩+৪ ডিজাইন অনুসৰি নামভৰ্তিৰ বয়স সংশোধন কৰা হৈছে। সেই অনুযায়ী, সকলো কেন্দ্ৰীয় বিদ্যালয়তে প্ৰথম শ্ৰেণীত (Class I) নামভৰ্তিৰ বয়স ২০২২–২৩ শিক্ষাবৰ্ষৰপৰা ৬+ বছৰলৈ সংশোধন কৰা হৈছে।
নিপুণ পদক্ষেপৰ অধীনত (National Initiative for Proficiency in reading with Understanding and Numeracy) ১.২ লাখ ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতি নিয়মিতভাৱে নিৰীক্ষণ কৰা হৈছে।
প্ৰাক-বিদ্যালয় (pre-schooling) বৰ্ষৰ বাবে ২০২২-২৩ত ৩+, ৪+ আৰু ৫+ বছৰ বয়সৰ বাবে ৫০ কেভিত পাইলট ভিত্তিত বালবাটিকা (Balvatikas) মুকলি কৰা হৈছে আৰু বালবাটিকাৰ তিনিওটা শ্ৰেণীতে ৫৪৭৭ শিশুৱে নামভৰ্তি কৰিছে। গুৱাহাটী মণ্ডলত (ৰঙিয়া আৰু তেজপুৰ) তিনিওটা বয়সৰ শ্ৰেণীৰে ০২ খন এনে বালবাটিকা আছে।
কেভিএছে এনচিইআৰটিয়ে যুগুত কৰা নেচনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ ফাউণ্ডেচনেল ষ্টেজ (NCF FS) অনুসৰণ কৰি আহিছে। ইয়াৰ অধীনত যাদুই পিতাৰা (Jadui Pitara): ৩ ৰপৰা ৮ বছৰ বয়সৰ শিশুসকলৰ বাবে যুগুত কৰা খেল-ভিত্তিক শিক্ষণ পাঠদান সামগ্ৰীৰ অভিযোজনা কৰা হৈছে।
অষ্টম শ্ৰেণীৰপৰা সকলো কেভিতে কৃত্ৰিম বুদ্ধিমত্তাক বৃত্তিমূলক বিষয় হিচাপে প্ৰৱৰ্তন কৰা হৈছে। দেশজুৰি ২২৮ খন কেভিত পিএম কেভিৱাই ৩.০ৰ অধীনত শিক্ষা মন্ত্ৰালয় আৰু দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত পাইলট প্ৰকল্পৰ অংশ হিচাপে বিদ্যালয়ৰ বাহিৰত/শিক্ষাৰ বাহিৰত থকা যুৱক-যুৱতীসকলৰ দক্ষতাৰ বাবে বিদ্যালয়ৰ সময়ৰ পিছত দক্ষতা হাব আৰম্ভ কৰা হৈছে।
কেভিএছ গুৱাহাটী মণ্ডলৰ সকলো শিক্ষককে দীক্ষা পৰ্টেলৰ অধীনত নিষ্ঠা (NISHTHA-National Initiative for School Heads’ and Teachers’ Holistic Advancement) কাৰ্য্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
বিদ্যাঞ্জলি পৰ্টেলে এক সমাজ/স্বেচ্ছামূলক ব্যৱস্থাপনা কাৰ্য্যসূচীক সমৰ্থন কৰে। ইয়াৰ জৰিয়তে নিজৰ পছন্দৰ বিদ্যালয়সমূহৰ সৈতে যোগাযোগ আৰু পোনপটীয়াকৈ সংযোগ স্থাপনেৰে স্বকীয় জ্ঞান আৰু দক্ষতা শ্বেয়াৰৰ লগতে সা-সম্পত্তি/আচ-বাব/সা-সঁজুলিৰ ৰূপত অৰিহণা যোগায়। গুৱাহাটী মণ্ডলৰ আটাইকেইখন কেভি বিদ্যাঞ্জলি পৰ্টেলৰ অন্তৰ্ভুক্ত হৈছে। উদাহৰণস্বৰূপে কেভি ৰঙিয়া আৰু বৰপেটাত বিদ্যালয়ৰ খেলপথাৰ উন্নয়নত অভিভাৱকসকলে অৰিহণা যোগাইছে।
পিএম ই-বিদ্যা (PM e-VIDYA) নামেৰে এটি পদক্ষেপে ডিজিটেল/অনলাইন/অন-এয়াৰ শিক্ষাক একত্ৰিতকৰণেৰে শিক্ষাৰ একাধিক- ধৰণৰ প্ৰৱেশক সক্ষম কৰিছে। ইয়াত দীক্ষাক (DIKSHA-Digital Infrastructure for Knowledge Sharing) অন্তৰ্ভুক্ত কৰা হৈছে। এয়া হৈছে ৩.১৭ লাখৰো অধিক ই-কন্টেন্টৰ ভঁৰাল, ৩৬টা ভাষাত (২৯টা ভাৰতীয় ভাষা আৰু ৭টা বিদেশী ভাষা) ৬,৬০০খন পাঠ্যপুথিৰ গড় দৈনিক পেজ হিট ২.২+ কোটি। ইয়াত ১২টা স্বয়ম প্ৰভা টিভি চেনেল, আইৰেডিঅ’ত প’ডকাষ্ট আৰু জিঅ’ছাভন ম’বাইল এপ আদি অন্তৰ্ভুক্ত। আইএছএল (Indian Sign Langue) অভিধানৰ মুঠ ১০,০০০ শব্দ দীক্ষাত আপল’ড কৰা হৈছে।
গুৱাহাটী মণ্ডলৰ সকলো কেভিত স্মাৰ্ট শ্ৰেণীকোঠা আছে। মুঠ ২০০টা ই-ক্লাছৰুম আছে।
ইয়াত এনআইঅ’এছৰ আঞ্চলিক সঞ্চালক শ্ৰী ৰাজেশ গৌতম, চিবিএছই আৰঅ’ গুৱাহাটীৰ অবৰ সচিব শ্ৰী বীৰু টুডু, কেভি আইঅ’চি নুনমাটিৰ অধ্যক্ষ শ্ৰীমতী ডলী দাসে নিজ-নিজ শিক্ষানুষ্ঠানৰদ্বাৰা এনইপি, ২০২০ ৰূপায়ণৰ পৰ্য্যায়সমূহৰ সম্পৰ্কে ব্যক্ত কৰে। সংবাদমেলত শ্ৰী নৰেশ কুমাৰ, শ্ৰী ভেংকটেশ্বৰ প্ৰসাদ বি, শ্ৰী আৰকে পানিগ্ৰহী, সহকাৰী আয়ুক্ত, কেভিএছ আৰঅ’ গুৱাহাটীও উপস্থিত থাকে। পিআইবি, গুৱাহাটীৰ উপ-সঞ্চালক শ্ৰীমতী পাৱনী গুপ্তাই ইয়াৰ আঁত ধৰে।
ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ উল্লেখযোগ্য বৈশিষ্ট্যৰাজি সম্পৰ্কে বিশদভাৱে জানিবলৈ, অনুগ্ৰহ কৰি https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1847066 চাওঁক
অখিল ভাৰতীয় শিক্ষা সমাগম সম্পৰ্কে (২৯ – ৩০ জুলাই)
অমৃত কালৰ সময়ছোৱাত ভাৰতে ৫ ট্ৰিলিয়ন টকাৰ অৰ্থনীতি হোৱাৰ লক্ষ্য গ্ৰহণৰ কথাটো বিবেচনাৰে অৰ্থনীতিৰ সকলো খণ্ডকে জ্ঞানমুখী নেতৃত্ব আৰু দক্ষ কৰ্মশক্তিৰ যোগানেৰে শক্তিশালী আৰু সুদৃঢ় কৰি তুলিব লাগিব। এনইপি, ২০২০য়ে আমাৰ যুৱক-যুৱতীসকলক এনে দায়িত্বৰ বাবে সাজু কৰি তোলাৰ পথ প্ৰশস্ত কৰিছে। ভৱিষ্যতৰ উদীয়মান চাকৰিৰ ভূমিকাৰ বাবে তেওঁলোকক প্ৰস্তুত কৰিছে। এই নীতিয়ে প্ৰতিজন ব্যক্তিৰ মৌলিক আৰু উচ্চ জ্ঞানমূলক ক্ষমতা যেনেঃ সমালোচনাত্মক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ বিকাশত গুৰুত্ব আৰোপ কৰে। গতিকে শৈক্ষিক, নীতি বিশেষজ্ঞ, উদ্যোগ বিশেষজ্ঞৰ নেতৃত্বই একত্ৰিত হৈ চিন্তা-চৰ্চা আৰু কাৰ্য্যকৰীকৰণৰ কৌশল উদ্ভাৱন কৰাটো প্ৰয়োজনীয়। তদুপলক্ষে, ২৯ জুলাইৰপৰা ৩০ জুলাইলৈ দুদিনীয়া বিস্তৃত ষোল্লটা অধিবেশন অনুষ্ঠিতব্য এই সমাগমত গুণগত শিক্ষা আৰু শাসনৰ প্ৰৱেশ, সমতাপূৰ্ণ আৰু সৰ্বাংগীন শিক্ষা, আৰ্থ-সামাজিকভাৱে বঞ্চিত গোটৰ (SEDG) সমস্যাৰাজি, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ৰেংকিং কাঠামো (NIRF), ভাৰতীয় জ্ঞান ব্যৱস্থা, শিক্ষা আৰু কৰ্মৰ দক্ষতা ভৱিষ্যতৰ মাজত সহযোগিতা সাধন, শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণ ইত্যাদি বিষয়সমূহত আলোচনা অনুষ্ঠিত হ’ব।
এই অধিবেশনসমূহত প্ৰায় ৩০০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শিক্ষা/দক্ষতা বিভাগৰ প্ৰধান সচিব, আইআইটি, এনআইটি, আইআইআইটি, আইআইএছইআৰ, আইআইএছচিৰ সঞ্চালকসকল, কেন্দ্ৰীয়, ৰাজ্যিক আৰু ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য্যসকল, আন-আন উচ্চ শিক্ষানুষ্ঠানসমূহৰ মুৰব্বী, অধ্যাপক-অধ্যাপিকাসকল, বিদ্যালয়, আইটিআইসমূহৰ অধ্যক্ষ/শিক্ষক-শিক্ষয়িত্ৰী/ছাত্ৰ-ছাত্ৰীসকল, এনচিইআৰটি, চিবিএছই, ইউজিচি, এআইচিটিই, এনচিটিই, এনচিভিইটি, এছএছচি, এনএছডিচিৰ দৰে নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ মুৰব্বী/প্ৰতিনিধিসকল, চিআইআই, ফিক্কি (FICCI), নাছকম (NASSCOM), এছ’চাম (ASSHOCHAM) আদিৰ মুৰব্বী/প্ৰতিনিধিসকলে ভাগ ল’ব।
ইয়াৰ আন এটি আকৰ্ষণ হ’ব বিদ্যালয় আৰু উচ্চ শিক্ষাৰ জগতখনৰ শ্ৰেষ্ঠ পদক্ষেপ আৰু দক্ষতা বাতাবৰণক থূপাই প্ৰদৰ্শনেৰে মাল্টিমিডিয়া প্ৰদৰ্শনী। শিক্ষা আৰু দক্ষতাৰ পৰিবেশ, উদ্যোগ, আৰু মূল অংশীদাৰসকলৰ অধীনত প্ৰতিষ্ঠান আৰু সংস্থাসমূহে দুশ মাল্টিমিডিয়া ষ্টল স্থাপন কৰিব। যুৱ সমাগমৰ ছাত্ৰ-ছাত্ৰী, যুৱ স্বেচ্ছাসেৱক আৰু অংশগ্ৰহণকাৰীসকলকে প্ৰমুখ্য কৰি দুদিনত ২ লাখৰো অধিক লোকে প্ৰদৰ্শনীখন দৰ্শন কৰিব বুলি আশা কৰা হৈছে।
সামৰণি অধিবেশনৰ জৰিয়তে দুদিনীয়া এই কাৰ্য্যসূচীৰ অন্ত পৰিব। এই অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীসকলৰ লগতে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব শ্ৰী সঞ্জয় কুমাৰ, উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰী কে. সঞ্জয় মূৰ্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব শ্ৰী অতুল কুমাৰ তিৱাৰী, স্বায়ত্তশাসিত সংস্থাসমূহৰ মুৰব্বী আৰু শিক্ষা মন্ত্ৰালয় আৰু দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ বিষয়াসকলেও অংশগ্ৰহণ কৰিব।
Pavni Gupta
(Release ID: 1943459)