মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৰূপায়ণ সন্দৰ্ভত যুটীয়া সংবাদ মেল সম্বোধন আইআইটি গুৱাহাটী আৰু আইআইআইটি গুৱাহাটীৰ

নতুন দিল্লীত ২৯ জুলাইত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

যুটীয়া সমাৰোহত প্ৰায় ৩,০০০ অংশগ্ৰহণকাৰী আৰু ২ লক্ষাধিক লোক উপস্থিত থাকিব

Posted On: 24 JUL 2023 6:04PM by PIB Guwahati

২৯ জুলাই, ২০২৩ত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ তৃতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আজি গুৱাহাটীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী আৰু ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ৰূপায়ণ সন্দৰ্ভত এক যুটীয়া সংবাদ মেল সম্বোধন কৰে।

এই উপলক্ষে সংবাদ মাধ্যমত দিয়া বিবৃতিত কোৱা হয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ প্ৰগতি ময়দানৰ আইটিপিঅ’ত ২৯ জুলাই, ২০২৩ত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ তৃতীয় বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি দ্বিতীয় অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন কৰিব৷ শিক্ষা মন্ত্ৰালয় আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে এই দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও পদক্ষেপৰ শুভাৰম্ভ কৰিব৷ এই সমাগমে বিদ্যালয়, উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞসকলক ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৰূপায়ণ সম্পৰ্কে চৰ্চা, আলাপ-আলোচনা আৰু অন্তৰ্দৃষ্টি, কৌশল, সফল কাহিনী আৰু উন্নত অনুশীলনৰ ভাগ-বতৰা কৰাৰ এক মঞ্চ প্ৰদান কৰিব৷

ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ ৰূপায়ণৰ সন্দৰ্ভত আগবঢ়োৱা ভাষণত আইআইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক গৌতম বৰুৱাই কয়, “ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৃষ্টিভংগী আৰু বিধান ইমানেই বিশাল আৰু সামগ্ৰিক যে ২০৪০ চনৰ ভিতৰত নীতিৰ সকলো বিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব বুলি আশা কৰিব পাৰি।” ইয়াৰ পিছতে আইআইআইটি গুৱাহাটীৰ সহযোগী ডীন (প্ৰশাসনিক) ড° ফাৰ্ডুছ এ. বৰভূঞাই আইআইটি গুৱাহাটীয়ে সামগ্ৰিক শৈক্ষিক বিকাশৰ লগতে ছাত্ৰ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সবিশেষ অৱগত কৰে।

ভাষণ প্ৰসংগত আইআইটি গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক পৰমেশ্বৰ কে আয়াৰে কয়, “ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০য়ে প্ৰগতিশীল লক্ষ্যৰ এক শৃংখল সুশৃংখলিত কৰাৰ আধাৰ স্থাপন কৰিছে, যি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত শৈক্ষিক আৰু গৱেষণামূলক উৎকৰ্ষতাৰ উন্নতিত অনুঘটক হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০য়ে দীৰ্ঘম্যাদী বহনক্ষমতাৰ বাবে ইয়াৰ সমস্যাসমূহ চিনাক্তকৰণ আৰু সমাধান কৰিব পৰা এক উদ্বুদ্ধ, সজাগ, জ্ঞানী আৰু দক্ষ ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এটা কৰ্মশক্তি গঠন কৰাৰ কল্পনা কৰিছে। আইআইটি গুৱাহাটীত আমি ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰিছো, যাতে আমাৰ পাঠ্যক্ৰমত উত্তম পদ্ধতিসমূহ সম্ভৱপৰ আটাইতকৈ ফলপ্ৰসূ ৰূপত অন্তৰ্ভুক্ত কৰিব পৰা যায়।”

.                                                                

তেওঁ আইআইটি গুৱাহাটীয়ে একাধিক আন্তঃ, বহু আৰু আন্তঃশাখা পদক্ষেপৰ জৰিয়তে ৰূপায়ণ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ কিছুমান মূল বৈশিষ্ট্যৰ তালিকা উল্লেখ কৰেঃ

●  দুৰ্যোগ ব্যৱস্থাপনা আৰু গৱেষণা কেন্দ্ৰ, ভাৰতীয় জ্ঞান পদ্ধতি কেন্দ্ৰৰ দৰে বহুবিষয়ক শৈক্ষিক কেন্দ্ৰ আৰু বিদ্যালয় স্থাপন কৰা।

● স্বাস্থ্যসেৱা, ট্ৰান্সলেচনেল ইঞ্জিনিয়াৰিং ছায়েন্স, কৃষি খাদ্য সংসাধন, পৰম্পৰাগত খাদ্য আৰু কৃষি পদ্ধতি আদি ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ন বৰ্তমান প্ৰতিষ্ঠানটোৱে ৪৭০টা গৱেষণা আৰু ৫৯৩টা পৰামৰ্শদাতা প্ৰকল্পৰ কাম কৰি আছে যাৰ মূল্য ৬৭৩.৮০ কোটি টকাৰো অধিক।

● সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ অধীনত আইআইটিয়ে একাধিক প্ৰস্থান বিকল্পৰ সৈতে চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী (আইটিইপি) প্ৰস্তাৱ কৰিছে।

● ভাৰতীয় জ্ঞান ব্যৱস্থাৰ কেন্দ্ৰঃ এক বহনক্ষম জ্ঞান ব্যৱস্থাৰ বাবে সামৰ্থ্য গঢ়ি তোলাৰ দৃষ্টিভংগী। এই কেন্দ্ৰৰ দ্বাৰা পিএইচডিৰ বাবে ‘ভাৰতীয় জ্ঞান ব্যৱস্থাৰ পৰিচয়’ৰ দৰে কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক, প্ৰাচীন প্ৰযুক্তিৰ প্ৰত্নতাত্ত্বিক অধ্যয়নক ঐচ্ছিক পাঠ্যক্ৰম হিচাপে, আৰু ‘কথিত সংস্কৃত’ আৰু ‘কথিত অসমীয়া’ৰ হ্ৰস্বম্যাদী পাঠ্যক্ৰম প্ৰদান কৰা হৈছে।

● আইআইটি গুৱাহাটীয়ে একাডেমিক বেংক অৱ ক্ৰেডিট (এবিচি) প্লেটফৰ্মতো (https://www.abc.gov.in/) পঞ্জীয়ন কৰিছে। আইআইটি গুৱাহাটীয়ে এবিচিত একাউণ্ট সৃষ্টি কৰা প্ৰথমখন আইআইটি আৰু ইতিমধ্যে ৩,০০৪ গৰাকী স্নাতক ছাত্ৰ-ছাত্ৰীৰ ডিগ্ৰী তথ্য আপলোড কৰিছে।

● শৈক্ষিক প্ৰতিষ্ঠানসমূহলৈ উদ্যোগ আৰু অন্যান্য পেছাদাৰী বিশেষজ্ঞতা অনাৰ বাবে আইআইটি গুৱাহাটীয়ে ৫ জন “অধ্যাপক” নিয়োগ কৰিছে।

● আইআইটিয়ে অসম চৰকাৰৰ সৈতে সহযোগিতা কৰি ইনষ্টিটিউটৰ চৌহদত অসম এডভান্সড হেল্থকেয়াৰ ইনোভেচন ইনষ্টিটিউট – AAHII স্থাপন কৰিছে। চিকিৎসা বিজ্ঞানক ৰূপান্তৰিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ সহায় লোৱাৰ উপৰিও এএএইচআইআইয়ে বিভিন্ন কাৰ্যসূচীত উন্নত চিকিৎসা ডিগ্ৰী প্ৰদান কৰিব য’ত ডিপ্লমেট অৱ নেচনেল ব’ৰ্ড (ডিএনবি), ডাক্তৰ অৱ মেডিচিন (এমডি), আৰু ডক্টৰ অৱ ফিল’চফী (পিএইচডি) আদিৰ লগতে অন্যান্য কাৰ্যসূচীও থাকিব।

● আন্তঃৰাষ্ট্ৰীয়কৰণ: আইআইটিয়ে জাপানৰ গিফু বিশ্ববিদ্যালয়ৰ সৈতে খাদ্য বিজ্ঞান আৰু প্ৰযুক্তিৰ যৌথ স্নাতকোত্তৰ ডিগ্ৰী কাৰ্যসূচী আগবঢ়াইছে। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক এক্সপ’জাৰ প্ৰদানৰ বাবে আইআইটি গুৱাহাটীয়ে বিদেশী প্ৰতিষ্ঠানৰ সৈতে শতাধিক বুজাবুজি চুক্তি আছে।

● বহনক্ষম উন্নয়নৰ লক্ষ্য ৰূপায়ণৰ বাবে প্ৰতিষ্ঠানটোৱে ইয়াৰ প্ৰযুক্তি স্নাতক (বি.টেক) পাঠ্যক্ৰমত ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য, ২০৩০ৰ সন্দৰ্ভত প্ৰথমটো পাঠ্যক্ৰম আৰম্ভ কৰিছে।

এই প্ৰচেষ্টাৱলীৰ সন্দৰ্ভত অধিক জানিবলৈ এই লিংকত ক্লিক কৰক  https://pib.gov.in/PressReleasePage.aspx?PRID=1942207

                                                                  

সামৰণি ভাষণত পিআইবি গুৱাহাটীৰ উপ-সঞ্চালক শ্ৰীমতী পাৱনী গুপ্তাই উল্লেখ কৰে যে ইয়াৰ বিধানৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকে শিক্ষাক প্ৰত্যক্ষ কৰা ধৰণত পৰিৱৰ্তন অনা। শৈক্ষিক উৎকৰ্ষতাৰ উপৰিও কৰ্ম, উদ্যোগীকৰণ, সেৱা আদি সকলো ক্ষেত্ৰতে বহুবিষয়ক দৃষ্টিভংগীৰ বাবে অত্যাৱশ্যকীয় জীৱন দক্ষতা গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে অধিক জানিবলৈ এই লিংকত চাওক

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1847066 

 

অখিল ভাৰতীয় শিক্ষা সমাগম (২৯ আৰু ৩০ জুলাই

অমৃত কালত ভাৰতে ৫ ট্ৰিলিয়ন অৰ্থনীতি হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ কথা বিবেচনা কৰি জ্ঞানমুখী নেতৃত্ব আৰু দক্ষ কৰ্মশক্তিৰ যোগানৰ দ্বাৰা অৰ্থনীতিৰ সকলো খণ্ডকে শক্তিশালী আৰু সুদৃঢ় কৰিব লাগিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ত আমাৰ যুৱক-যুৱতীসকলক এনে দায়িত্বৰ বাবে বিকশিত আৰু প্ৰস্তুত কৰাৰ পথ প্ৰশস্ত কৰে, যাতে ভৱিষ্যতৰ নতুন চাকৰিত ভূমিকা পালনৰ বাবে তেওঁলোক সাজু হয়৷ এই নীতিয়ে প্ৰতিগৰাকী ব্যক্তিৰ মৌলিক আৰু উচ্চ জ্ঞানমূলক ক্ষমতা যেনে-সমালোচনাত্মক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেইবাবে, শৈক্ষিক, নীতি বিশেষজ্ঞ, উদ্যোগ বিশেষজ্ঞৰ নেতৃত্ব একত্ৰিত হৈ মগজুৰ কচৰত আৰু কাৰ্যকৰীকৰণ কৌশল উদ্ভাৱন কৰাটো প্ৰয়োজন। সেই অনুসৰি ২৯ জুলাইৰ পৰা ৩০ জুলাইলৈ ২ দিনত বিস্তৃত ষোল্লটা অধিৱেশন অনুষ্ঠিত হ’ব৷ এই অধিৱেশনসমূহত গুণগত শিক্ষা আৰু শাসন ব্যৱস্থা আহৰণ, সমতাপূৰ্ণ আৰু সৰ্বাংগীন শিক্ষা, আৰ্থ-সামাজিকভাৱে বঞ্চিত গোটৰ (এছইডিজি), ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ৰেংকিং পৰিকাঠামো (এনআইআৰএফ), ভাৰতীয় জ্ঞান ব্যৱস্থা, শিক্ষা আৰু কৰ্মৰ দক্ষতা ভৱিষ্যতৰ মাজত সহযোগিতা সৃষ্টি, শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণ ইত্যাদি বিষয়সমূহৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব।

অধিৱেশনসমূহত  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষা/দক্ষতা বিভাগৰ প্ৰধান সচিব, আইআইটি, এনআইটি, আইআইআইটি, আইআইএছইআৰ, আইআইএছচিৰ সঞ্চালক, কেন্দ্ৰীয়, ৰাজ্যিক আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অন্যান্য উচ্চ শিক্ষানুষ্ঠানৰ মুৰব্বী, অধ্যাপক, বিদ্যালয়ৰ অধ্যক্ষ/শিক্ষক/ছাত্ৰ-ছাত্ৰী, আইটিআইৰ মুৰব্বী/প্ৰতিনিধি এনচিইআৰটি, চিবিএছই, ইউজিচি, এআইচিটিই, এনচিটিই, এনচিভিইটি, এছএছচি, এনএছডিচিৰ দৰে নিয়ামক সংস্থাৰ প্ৰতিনিধি/চিআইআই, ফিকি, নাছকম, এছোচেম ইত্যাদি বিভিন্ন সংস্থাৰ প্ৰতিনিধিকে ধৰি প্ৰায় ৩,০০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব৷

সমাৰোহৰ আন এক অতি আকৰ্ষণীয় দিশ হ’ল বিদ্যালয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ শ্ৰেষ্ঠ পদক্ষেপসমূহ আৰু দক্ষতা পৰিস্থিতিতন্ত্ৰৰ প্ৰদৰ্শন কৰিবলগীয়া বৰ্ণাঢ্য প্ৰদৰ্শনী। শিক্ষা আৰু দক্ষতাৰ পৰিৱেশ, উদ্যোগ আৰু মূল অংশীদাৰসকলৰ অধীনত প্ৰতিষ্ঠান আৰু সংস্থাই ২০০খন বৰ্ণাঢ্য বিপনী স্থাপন কৰিব। যুৱ সংগমৰ ছাত্ৰ-ছাত্ৰী, যুৱ স্বেচ্ছাসেৱক আৰু অংশগ্ৰহণকাৰীকে ধৰি দুদিনত ২ লক্ষাধিক লোকে প্ৰদৰ্শনী পৰিদৰ্শন কৰিব।

এক সামৰণি অনুষ্ঠানেৰে দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰিব। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ লগতে বিদ্যালয় শিক্ষা আৰু সাহিত্য বিভাগৰ সচিব শ্ৰী সঞ্জয় কুমাৰ, উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰী কে. সঞ্জয় মুৰ্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব শ্ৰী অতুল কুমাৰ তিৱাৰী, স্বায়ত্ব শাসিত সংস্থাসমূহ মুৰব্বী আৰু শিক্ষা মন্ত্ৰালয় আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ বিষয়াবৰ্গ উপস্থিত থাকিব৷

***

 

Pavni Gupta/Smita Saikia



(Release ID: 1942212) Visitor Counter : 323


Read this release in: English