বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশিষ্ট সেৱাৰ বাবে কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ ২৯ বিষয়া আৰু কৰ্মচাৰীক ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়ালে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে

অসম হৈছে ২০১৬ৰ ১২২ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়কত অনুমোদন জনোৱা অন্যতম প্ৰথম ৰাজ্য। ইয়াৰ ফলশ্ৰুতিত প্ৰৱৰ্তনৰেপৰা আইজিএছটি সংগ্ৰহ ১২ গুণ বৃদ্ধি পালেঃ নিৰ্মলা সীতাৰমন

চুবুৰীয়া দেশসমূহৰ সৈতে ৫০০০ কিঃমিঃ দূৰত্বৰ সীমান্ত থকা পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত লেণ্ড কাষ্টমৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণঃ নিৰ্মলা সীতাৰমন

Posted On: 21 JUL 2023 5:15PM by PIB Guwahati

২০২৩ৰ ২১ জুলাইত গুৱাহাটীত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ বিষয়া-কৰ্মচাৰীসকলক - ‘বিশেষ বিশিষ্ট সেৱা’ৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰশংসাৰ প্ৰমাণ পত্ৰ আৰু পদক প্ৰদানৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াত ৰাজহ সচিব শ্ৰী সঞ্জয় মালহোত্ৰা আৰু ভাৰত চৰকাৰৰ বিশেষ সচিব আৰু কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ (CBIC) অধ্যক্ষ শ্ৰী বিবেক জোহৰী তথা ব’ৰ্ডৰ সদস্যসকল উপস্থিত থাকে। ২৯ গৰাকী বিষয়াক ২০২৩ৰ গণৰাজ্য দিৱসত ঘোষণা কৰা ৰাষ্ট্ৰপতিৰ প্ৰশংসাৰ প্ৰমাণ পত্ৰ আগবঢ়োৱা হয়।

                                                                       

চিবিআইচিৰ অধ্যক্ষ শ্ৰী বিবেক জোহৰীয়ে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনাই কয় যে বিগত দুবছৰমানৰপৰা চিবিআইচিয়ে ৰাজহ সংগ্ৰহেই হওঁক, কৰদাতাৰ সুবিধা, অডিট, চোৰাং-কাৰবাৰ বিৰোধেই হওঁক, ব্যৱসায়িক প্ৰক্ৰিয়াৰ পুনৰ অভিযান্ত্ৰিকীকৰণেই হওঁক, আইটি আন্তঃগাঁথনিয়েই হওঁক বা ভৌতিক আন্তঃগাঁথনিয়েই হওঁক, সকলো দিশতে উৎকৃষ্টতা অৰ্জনৰ লক্ষ্যৰে নিজা কৰ্মক্ষমতাৰ অগ্ৰগতি সাধনত মনোনিৱেশ কৰিছে। তেওঁ সেৱা প্ৰদানৰ ক্ষেত্ৰত মানৱ সম্পদৰ দক্ষতাত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে সম্পদৰাজি যথাস্থানত ৰাখিবলৈ এই কেলেণ্ডাৰ বৰ্ষতেই ১৯০০ ৰোধিক বিষয়াক পদোন্নতি দিয়া হৈছে। পলাসমুদ্ৰমত প্ৰশিক্ষণ একাডেমী স্থাপনৰ লগে-লগে প্ৰৱেশ পৰ্য্যায়ৰ লগতে কেৰিয়াৰৰ মাজভাগত প্ৰশিক্ষণৰ জৰিয়তে সামৰ্থ্য বিকাশে অধিক অগ্ৰগতি লাভ কৰিব। 

                                                                        
    
এই বিশেষ দিনটোত ৰাজহ সচিব শ্ৰী সঞ্জয় মালহোত্ৰই সকলো বঁটাপ্ৰাপক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক অভিনন্দন জনায়। তেওঁ সকলো বিষয়াকে বিভাগটোলৈ সুখ্যাতি আনিবলৈ নিজৰ সৰ্বস্ব উজাৰি সেৱা আগবঢ়াবলৈ আহ্বান জনায় আৰু তেওঁলোকে কৰা ভাল কামৰ শলাগ লয়।
    
এই কাৰ্য্যসূচীত সমবেতসকলক সম্বোধন কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে সকলো বঁটাপ্ৰাপক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক অভিনন্দন জনায়। তেওঁ কয়, জিএছটিয়ে কেৱল ৰাজহ সংগ্ৰহতেই নহয়, বৰঞ্চ ৰাজ্যসমূহ আৰু কেন্দ্ৰৰ মাজত নিৰ্ধাৰিতভাৱে বিতৰণতো প্ৰভাৱ পেলাইছে। তেওঁ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীক স্মৰণেৰে তেওঁৰ কাৰ্য্যকালতে দেশত জিএছটি ৰূপায়ণৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ ফলশ্ৰুতিত ভাৰতত “এক ৰাষ্ট্ৰ এক কৰ” ব্যৱস্থাৰ সূচনা হয় বুলি কয়। 
    
ইয়াৰোপৰি, ২০১৬ৰ ১২২ সাংবিধানিক সংশোধনী বিধেয়কক অনুমোদন জনোৱা অসমেই প্ৰথমখন ৰাজ্য আছিল বুলি তেওঁ উল্লেখেৰে ইয়াৰ ফলশ্ৰুতিত জিএছটি প্ৰৱৰ্তনৰ উল্লেখযোগ্য সাফল্যৰ পথ প্ৰশস্ত হয় বুলি কয়। জিএছটি গন্তব্যস্থান / ব্যৱহাৰ ভিত্তিক হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল এই কৰ ব্যৱস্থাৰ সৰ্ববৃহৎ হিতাধিকাৰী বুলিও তেওঁ কয়। উত্তৰ-পূৰ্বাঞ্চলত জিএছটি ৰাজহ সংগ্ৰহ ২৭.৫% বৃদ্ধি পাইছে। পূৰ্বোত্তৰত ১ লাখৰপৰা ৩.৪৫ লাখলৈ যথেষ্ট বৃদ্ধি পাইছে কৰদাতাৰ ভিত্তি। আৰু অসমত আইজিএছটিৰ সংগ্ৰহ আৰম্ভণিৰেপৰা ১২ গুণ বৃদ্ধি পাইছে। পূৰ্বোত্তৰৰ আন-আন ৰাজ্য যথাঃ ছিকিম আৰু মেঘালয়তো ৰাজহ সংগ্ৰহৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে।
    
ইয়াৰোপৰি, তেওঁ কয় যে জিএছটি আইটি আন্তঃগাঁথনিৰ ক্ষমতা ধাৰাবাহিকভাৱে আৰু ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু ৩৭.৭৪ লাখ ই-ৱে’ বিল, ৯.৭৮ লাখ পেমেন্ট লেনদেন আৰু ২৪.৮৫ লাখ ৰিটাৰ্ণ ফাইলিং এদিনতে সম্ভৱ হৈ উঠিছে। ইয়াৰোপৰি, এমাহত ১৭.৪৮ কোটি ই-চালান আপল’ড কৰা হৈছে।

                                                                        


তেওঁ উল্লেখ কৰে যে উত্তৰ-পূবৰ ৰাজ্যসমূহত শুল্ক বিভাগৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। এই অঞ্চলৰ চাৰিখন (০৪) চুবুৰীয়া দেশৰ সৈতে ৫০০০ কিলোমিটাৰৰো অধিক ভূমি সীমান্ত আছে। তেওঁ জনোৱা মতে, পূৰ্বোত্তৰত ২৫টা স্থল কাষ্টম ষ্টেচন আছে, ইয়াৰে ১৫টা ষ্টেচন ইতিমধ্যে কাষ্টমছ ইলেক্ট্ৰনিক ডাটা ইন্টাৰচেঞ্জ (EDI) ব্যৱস্থাৰে সজ্জিত। তেওঁ চিবিআইচিক এই বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ ২০২৩ৰ ডিচেম্বৰৰ ভিতৰত বাকী ১০টা স্থল কাষ্টম ষ্টেচনকো ইডিআইৰে সজ্জিত কৰিবলৈ নিৰ্দেশ দিয়ে।
    
তেওঁ চিবিআইচিক সোণ, গাঞ্জা, হিৰ’ইনৰ চোৰাং সৰবৰাহ ব্যৰ্থকৰণৰ কৃতিত্ব প্ৰদান কৰে। ইয়াৰোপৰি, তেওঁ কয় যে কৃত্ৰিম (synthetic) ড্ৰাগছ আৰু চিগাৰেটৰ চোৰাং সৰবৰাহ ৰোধৰ ক্ষেত্ৰত এতিয়াও কৰিবলৈ বহু কাম বাকী আছে। সমগ্ৰ বিশ্বতে মানদণ্ড নিৰ্ধাৰণেৰে ভাৰতীয় কাষ্টমক বিশ্বমানৰ এজেন্সী হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ চিবিআইচিক প্ৰশংসা কৰে।


কম্প্লাইয়েন্স মেনেজমেন্টৰ সদস্য শ্ৰী সঞ্জয় কুমাৰ আগৰৱালাই শলাগৰ শৰাই আগবঢ়ায়। তেওঁ সংসদৰ বৰ্ষাকালীন অধিৱেশন অব্যাহত থকাৰ সময়তে ২০২৩ৰ অভিষেক অনুষ্ঠানৰ বাবে ব্যস্ততাৰ মাজতো সময় দিয়াৰ বাবে মাননীয় কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰীগৰাকীক ধন্যবাদ জনায়। ভাৰতীয় শুল্ক ইডিআই ব্যৱস্থাৰ ক’ভাৰেজৰ ক্ষেত্ৰত মাননীয় বিত্তমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা পালন কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।

বঁটাৰাজি সম্পৰ্কে
১৯৬২ত এই আঁচনিখন প্ৰৱৰ্তনৰে পৰা “জীৱনৰ বিপদাশংকা নেওচি আগবঢ়োৱা ব্যতিক্ৰমী উৎকৃষ্ট সেৱা” আৰু “বিশেষ বিশিষ্ট সেৱা”ৰ স্বীকৃতিস্বৰূপে আজিলৈকে ১২৫০ জন বিষয়াক ৰাষ্ট্ৰপতিৰ প্ৰশংসাপত্ৰ প্ৰদান কৰা হৈছে। ২১-০৭-২০২৩ত এনে ২৯ জন বিষয়াক সম্বৰ্ধনা জনোৱা হয়। এই বিষয়াসকলক ধাৰাবাহিকভাৱে উৎকৃষ্ট প্ৰদৰ্শনৰ লগতে কৰ্তব্যৰ প্ৰতি নিষ্ঠা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বছৰ নিৰ্বাচিত হোৱা বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে সেৱাৰ সকলো কেডাৰৰ বিষয়া। তেওঁলোকে চোৰাং ব্যৱসায় প্ৰতিৰোধ, কৰ ফাঁকি ধৰা পেলোৱা, বাণিজ্য ভিত্তিক ধন সৰবৰাহ আৰু বৈদেশিক মুদ্ৰা উলংঘা কাৰ্য্য ধৰা পেলোৱাকে ধৰি ভিন্ন কামত ধাৰাবাহিকভাৱে অনন্য প্ৰদৰ্শন আগবঢ়াইছে। ইয়াৰোপৰি, কৰ নীতি প্ৰণয়ন, ৰাজহ সংগ্ৰহ আৰু ব্যৱসায়িক প্ৰক্ৰিয়াৰ স্বয়ংক্ৰিয়কৰণ আৰু সামৰ্থ্য বিকাশ তথা প্ৰশিক্ষণৰ ক্ষেত্ৰত এটি বিশেষ ভূমিকা পালন কৰিছে। 
তলত ৰাষ্ট্ৰপতিৰ প্ৰশংসাপত্ৰ লাভ কৰা বিষয়াসকলৰ নাম উল্লেখ কৰা হৈছেঃ
(1) শ্ৰীমতী ৰঞ্জনা ঝা, প্ৰধান মুখ্য আয়ুক্ত, কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ, বেংগালুৰু মণ্ডল;
(2) শ্ৰী বিবেক প্ৰসাদ, আয়ুক্ত, কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ, গৌতম বুদ্ধ নগৰ;
(3) শ্ৰী প্ৰভজিত সিং গুলাটী, অতিৰিক্ত সঞ্চালক প্ৰধান, তদাৰকী সঞ্চালকালয় (সদৰ),
নতুন দিল্লী;
(4) শ্ৰী বিনায়ক চন্দ্ৰ গুপ্তা, অতিৰিক্ত সঞ্চালক প্ৰধান, চিষ্টেম আৰু ডাটা ব্যৱস্থাপনা সঞ্চালকালয়, নতুন দিল্লী;
(5) ডঃ এন. গান্ধী কুমাৰ, সঞ্চালক (ৰাজ্য কৰ), ৰাজহ (সদৰ), ৰাজহ বিভাগ, নতুন দিল্লী;
(6) শ্ৰী কোট্ৰাস্বামী মাৰেগৌদ্ৰা, অতিৰিক্ত সঞ্চালক (HRM-I), মানৱ সম্পদ উন্নয়ন সঞ্চালকালয়, নতুন দিল্লী;
(7) শ্ৰী আনন্দ গোখলে, যুটীয়া আয়ুক্ত, কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ (Audit-I), মুম্বাই;
(8) শ্ৰী অজয় কুমাৰ বানিৱাল, সহকাৰী সঞ্চালক, এনালাইটিক্স আৰু ৰিস্ক মেনেজমেন্ট সঞ্চালকালয়, নতুন দিল্লী;
(9) শ্ৰী বিৰাঞ্চি নাৰায়ণ মিশ্ৰ, সহকাৰী আয়ুক্ত (Postal Appraising Section), Import-II Commissionerate, মুম্বাই মণ্ডল-I;
(10) শ্ৰীমতী এ. গীতা দেৱানন্দ, মুখ্য একাউন্ট বিষয়া, ৰাষ্ট্ৰীয় কাষ্টম, পৰোক্ষ কৰ আৰু নাৰ্ক’টিক্স একাডেমী, বেংগালুৰু;
(11) শ্ৰী জে. ফ্ৰেডিক চৰগুৰু ডুছ, অধীক্ষক, কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ, কম্বাটুৰ, চেন্নাই মণ্ডল;
(12) শ্ৰীমতী এম. শান্থী, অধীক্ষক, তদাৰকী সঞ্চালকালয়, দক্ষিণ মাণ্ডলিক ইউনিট, চেন্নাই;
(13) শ্ৰীমতী নাদিয়া নাইম শ্বেইখ, অধীক্ষক, কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ, বেলাপুৰ, মুম্বাই মণ্ডল;
(14) শ্ৰী গাইকাৱাড নীতিন বিনায়ক ৰাও, অধীক্ষক, মুখ্য আয়ুক্তৰ কাৰ্য্যালয়, কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ, পুনে মণ্ডল;
(15) শ্ৰী প্ৰশান্ত অৰবিন্দ ৰোহানেকাৰ, অধীক্ষক, কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ, পুনে-I, পুনে মণ্ডল;
(16) শ্ৰী প্ৰকাশ মুছালিয়াথ, অধীক্ষক, কাষ্টম প্ৰিভেনটিভ ডিভিজন, কেলিকাট, কাষ্টম (প্ৰিভেনটিভ)
সঞ্চালকালয়, কোচিন, তিৰুৱন্তপুৰম মণ্ডল;
(17) শ্ৰী ৰমিঅ’ লৰেন্স আলবিউকিউৰকিউ, অধীক্ষক, ৰাষ্ট্ৰীয় কাষ্টম টাৰ্গেটিং কেন্দ্ৰ, এনালাইটিক্স আৰু ৰিস্ক মেনেজমেন্ট সঞ্চালকালয়, মুম্বাই;
(18) শ্ৰী এ. মুৰালী, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, চেন্নাই মাণ্ডলিক ইউনিট;
(19) শ্ৰী জ’ফী জ’ছ, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, কোচিন মাণ্ডলিক ইউনিট;
(20) শ্ৰী আৰ. গোবিন্দন, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, দ্ৰব্য আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়,
চেন্নাই মাণ্ডলিক ইউনিট;
(21) শ্ৰী ৰবিন্দৰ যাদৱ, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, দিল্লী মাণ্ডলিক ইউনিট;
(22) শ্ৰী ৰিৱাজ দুৰ্জয়, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, দ্ৰব্য আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়,
গুৱাহাটী মাণ্ডলিক ইউনিট;
(23) শ্ৰী সঞ্জয় কুমাৰ, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, দিল্লী মাণ্ডলিক ইউনিট;
(24) শ্ৰী শৈলেশ বাসবন নায়াৰ, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, মুম্বাই মাণ্ডলিক
ইউনিট;
(25) শ্ৰীৰাম কে. নেলি, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, বেংগালুৰু মাণ্ডলিক ইউনিট;
(26) শ্ৰী সিদ্ধাৰ্থ চক্ৰৱৰ্তী, জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, কলকাতা মাণ্ডলিক
ইউনিট;
(27) শ্ৰী সুৰেশ ডি. পি., জ্যেষ্ঠ চোৰাংচোৱা বিষয়া, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, বেংগালুৰু মাণ্ডলিক ইউনিট;
(28) শ্ৰী ভি. মহেন্দ্ৰন, পৰিদৰ্শক, প্ৰধান আয়ুক্তৰ কাৰ্য্যালয়, চিজিএছটি কম্বাটুৰ, চেন্নাই মণ্ডল;
(29) শ্ৰী নবীন কুমাৰ, নিম্ন বৰ্গৰ ক্লাৰ্ক, ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (সদৰ), নতুন দিল্লী।

                                                                      


PG/SM


(Release ID: 1941530)
Read this release in: English