ভাৰতীয় নিৰ্বাচন আয়োগ
গুৱাহাটীত অসমৰ বাবে সমষ্টি নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱৰ ওপৰত তিনিদিনীয়া ৰাজহুৱা শুনানি সামৰিলে নিৰ্বাচন আয়োগে
৩১খন জিলা আৰু ২০টা ৰাজনৈতিক দলৰ ১২০০ৰো অধিক প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰে আয়োগে
তিনিদিনত ৬০০০ৰো অধিক ব্যক্তিয়ে এই পৰামৰ্শমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে
সাংবিধানিক আৰু বিধিগত বিধানৰ ভিতৰত লাভ কৰা প্ৰতিনিধিৰ সঠিক বিবেচনাৰ আশ্বাস দিয়ে আয়োগে
प्रविष्टि तिथि:
21 JUL 2023 4:21PM by PIB Guwahati
ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৩ চনৰ ১৯-২১ জুলাইত অসমৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত গুৱাহাটীত ৰাজহুৱা শুনানিৰ আজি ৰাজ্যৰ বাকী ৯খন জিলাৰ প্ৰতিনিধিৰ শুনানি গ্ৰহণেৰে সামৰণি মাৰে। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত শ্ৰী অনুপ চন্দ্ৰ পাণ্ডে আৰু শ্ৰী অৰুণ গোৱেলেৰে গঠিত আয়োগে বিগত তিনিদিনৰ ভিতৰত ৰাজনৈতিক দল, নাগৰিক সমাজ, বিভিন্ন সংগঠন আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰস্তাৱৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰে। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত পৰামৰ্শমূলক কাৰ্যসূচীৰ অংশ হিচাপে আয়োগে এই ৰাজহুৱা শুনানি গ্ৰহণ কৰে।

বিগত তিনিদিনত আয়োগে ৩১খন জিলাৰ ১২০০ৰো অধিক প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰে আৰু ২০টাতকৈও অধিক ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হয়। তিনিদিনত ৬০০০ৰো অধিক লোকে ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰিছিল। ২০ জুলাইত মাৰাথনৰ বৈঠকত ২০ ঘণ্টাৰো অধিক সময় ধৰি শুনানি চলিছিল, কিয়নো তিনিওজন আয়ুক্তই ৩টা স্থানত সমান্তৰাল শুনানি অনুষ্ঠিত কৰিছিল। ১৯ জুলাই আৰু ২১ জুলাইৰ ক্ষেত্ৰতো একেধৰণৰ আছিল। বৈঠকৰ পূৰ্বে লাভ কৰা ১০০০গৰাকী প্ৰতিনিধিয়ে ঠিতাতে এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণৰ গুৰুত্বপূৰ্ণ তথ্য আৰু পৰিচয়ৰ ঠাইতে নিশ্চিতকৰণৰ সুবিধা কৰিছিল।
ৰাষ্ট্ৰীয় দলৰ পৰা প্ৰতিনিধিসকল- ক্ৰমে আম আদমী পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), ভাৰতীয় জনতা পাৰ্টি; ৰাজ্যিক দল-অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট, অসম গণ পৰিষদ, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে আয়োগৰ সন্মুখত তেওঁলোকৰ মতামত আৰু পৰামৰ্শ দাঙি ধৰে।

বিৰোধী ঐক্য মঞ্চ অসম (অসম প্ৰদেশ কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চিপিএম, ৰাইজৰ দল, চিপিআই, জাতীয় দল অসম, এনচিপি, আৰজেডি, জনতা দল (ইউ), টিএমচি, চিপিআই(এমএল) আৰু অন্যান্য) আৰু কেইবাটাও পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলেও শুনানিত অংশগ্ৰহণ কৰে।

ৰাজহুৱা শুনানিৰ সময়ত প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাৰ কেতবোৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-
১। বিধানসভাত অনুসূচিত জাতিৰ বাবে আসন ৮ৰ পৰা ৯ আৰু অনুসূচিত জনজাতিৰ আসন ১৬-১৯লৈ বৃদ্ধিৰ ব্যাপক আদৰণি জনায় বিভিন্ন সংগঠনে।
২। কেইবাটাও সংগঠনে ২০০১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি খচৰা প্ৰস্তাৱক আদৰণি জনোৱাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱত বহুলাংশে সন্তুষ্টি প্ৰকাশ কৰে।
৩। চাৰিখন বডোলেণ্ড এলেকাৰ জিলা আৰু তিনিখন স্বায়ত্তশাসিত পাহাৰ পৰিষদীয় জিলাৰ জনসাধাৰণ আৰু সংগঠনসমূহে এই প্ৰস্তাৱক আদৰণি জনায়। কিন্তু ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ বৃহৎ পাহাৰীয়া ভৌগোলিক অঞ্চল আৰু কম জনবসতিৰ বাবে বিধানসভাৰ আসন আৰু অধিক বৃদ্ধিৰ দাবী উত্থাপন হৈছিল। ওদালগুৰি আৰু বাকসা জিলাৰ বাবে আৰু এখন অনুসূচিত জাতি সংসদীয় আসন সৃষ্টিৰ বাবেও বড়োলেণ্ড টেৰিটৰিয়েল এলেকাৰ ৰাইজে দাবী জনায়। যদি নতুন সমষ্টি নিদিয়েও, অন্ততঃ দৰং সমষ্টিৰ নামৰ পৰিৱৰ্তে ওদালগুৰি বুলি সলনি কৰিব লাগে।
৪। কৰিমগঞ্জৰ সংসদীয় সমষ্টিক অসংৰক্ষিত কৰাটোত বৰাক উপত্যকাৰ পৰা কেইবাগৰাকী প্ৰতিনিধিয়ে আদৰণি জনায়। অৱশ্যে বৰাক উপত্যকাৰ একাংশ প্ৰতিনিধিয়ে উপত্যকাটোত বিধানসভাৰ আসন পুনৰ ১৩ৰ পৰা ১৫খনলৈ বৃদ্ধি কৰিবলৈ দাবী জনায়।
৫। খচৰা প্ৰস্তাৱক আদৰণি জনোৱাৰ লগতে বহু সংগঠনে অঞ্চলটোৰ ঐতিহাসিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু জনগোষ্ঠীয় তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি একাংশ সংসদীয় আৰু বিধানসভা সমষ্টিৰ নামকৰণ সলনিৰ বাবে অনুৰোধ জনায়। সেই হিচাপে নাৰ্চিংপুৰ বিধানসভা সমষ্টিক ধলাই, গোবৰ্ধন বিধানসভা সমষ্টিক মানস, দৰং সংসদীয় সমষ্টিক দৰং-ওদালগুৰি, বটদ্ৰৱা বিধানসভা সমষ্টিক ধিং, বদৰপুৰ বিধানসভা সমষ্টিক কৰিমগঞ্জ উত্তৰ, উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিক কৰিমগঞ্জ দক্ষিণ, দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিক পাথাৰকান্দি, ৰাতাবাৰী বিধানসভা সমষ্টিক ৰামকৃষ্ণ নগৰ, মৰাণ বিধানসভা সমষ্টিক খোৱাং, ডিমা হাচাও বিধানসভা সমষ্টিক হাফলং, হাজো বিধানসভা সমষ্টিক হাজো-শুৱালকুচি, ভৱনীপুৰ বিধানসভা সমষ্টিক ভবানীপুৰ-সৰভোগ, চাবুৱা বিধানসভা সমষ্টিক চাবুৱা-লাহোৱাল আৰু আলগাপুৰ বিধানসভা সমষ্টিক আলগাপুৰ-কাটলিচেৰা বুলি নামকৰণৰ দাবী জনায়।
৬। নিম্ন অসম, মধ্য অসম আৰু বৰাক উপত্যকা জিলাৰ একাংশ সংগঠনেও সমষ্টিসমূহৰ সংকোচন, সংলগ্নতা বজাই ৰখা আৰু প্ৰশাসনিক গোটসমূহ যিমান পাৰি অক্ষত অৱস্থাত ৰখাৰ বাবে অনুৰোধ জনায়। ইয়াৰ ভিত্তিত তেওঁলোকে কম সংখ্যক গাঁও/পঞ্চায়তক এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ দিছিল। অধিকাংশ প্ৰতিনিধিয়ে এখন বা দুখন গাঁও/পঞ্চায়তক এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ স্থানান্তৰিত কৰাৰ অনুৰোধ জনোৱা পৰিলক্ষিত হয়।
৭। শিৱসাগৰ জিলাৰ অধিকাংশ প্ৰতিনিধিয়ে ঠাইখনৰ ঐতিহাসিক আৰু ৰাজনৈতিক তাৎপৰ্যৰ কথা উল্লেখ কৰি নিজৰ জিলাত আমগুৰি বিধানসভা সমষ্টি পুনৰুদ্ধাৰৰ বাবে আহ্বান জনায়।
৮। একাংশ প্ৰতিনিধিয়ে কাৰ্যৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল, আনহাতে আন একাংশ গ্ৰহণ কৰা পদ্ধতিটোৰ বিষয়ে ভালদৰে বুজিবলৈ অনুমতি বিচাৰি ইয়াক পিছুৱাই দিবলৈ আহ্বান জনাইছিল।
৯। ভৌগোলিক বৈশিষ্ট্য, দূৰত্ব, ঐতিহাসিক স্থান আদিৰ ওপৰত ভিত্তি কৰি অতি নিৰ্দিষ্ট গাঁও, ব্লক পৰ্যায়ৰ উদ্বেগ/অনুৰোধৰ ওপৰত কেইবাগৰাকী প্ৰতিনিধিয়ে গুৰুত্ব আৰোপ কৰে।
১০। বহু ক্ষেত্ৰত প্ৰতিনিধিসকলে নদী আদিৰ দৰে প্ৰাকৃতিক বাধাৰ সৈতে জড়িত কিছুমান বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰা, আয়োগে নিজ নিজ জিলা দণ্ডাধীশসকলক সঠিক মানচিত্ৰৰ সৈতে বাস্তৱিক বিৱৰণ বিচাৰি স্থানীয়ভাৱে সমাধানৰ নিৰ্দেশনা দিয়ে, যাতে উত্থাপিত বিষয়সমূহৰ ওপৰত সঠিক বিবেচনা কৰিব পৰা যায়।
১১। বহু প্ৰতিনিধিয়ে প্ৰকৃতাৰ্থত আকাংক্ষিত আছিল আৰু তেওঁলোকে এই পদক্ষেপৰ ক্ষমতাৰ বাহিৰৰ বিষয় উত্থাপন কৰিছিল।
১২। যদিও গৰিষ্ঠসংখ্যক প্ৰতিনিধিয়ে লিখিতভাৱে অভিযোগ দিছিল আৰু গোটসমূহে স্ক্ৰিনত মূল কথাটো চাবলৈ সক্ষম হৈছিল, তথাপি আয়োগে নতুন গোটসমূহকো তেওঁলোকৰ কথা ক’বলৈ অনুমতি দিছিল।
১৩। বিৰোধী ঐক্য মঞ্চ অসমে আয়োগক অৱগত কৰে যে তেওঁলোকে মাননীয় উচ্চতম ন্যায়ালয়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছে আৰু বিষয়টো ২০২৩ চনৰ ২৫ জুলাইত শুনানিৰ বাবে মাননীয় উচ্চতম ন্যায়ালয়ত তালিকাভুক্ত কৰা হৈছে।
আয়োগে সাংবিধানিক আৰু আইনী বিধান, ভৌতিক বৈশিষ্ট্য, জনসংখ্যাৰ ঘনত্ব, প্ৰশাসনিক গোটসমূহৰ বৰ্তমানৰ সীমা, যোগাযোগ আৰু জনসাধাৰণৰ সুবিধাৰ সুবিধা আৰু ২০২৩ চনৰ মাৰ্চ মাহত হোৱা পৰামৰ্শদাতা কাম-কাজৰ পিছত প্ৰতিনিধিসমূহৰ পৰা লাভ কৰা পৰামৰ্শসমূহৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা প্ৰস্তাৱৰ বাবে বিশদ নিৰ্দেশনা আৰু পদ্ধতি প্ৰস্তুত কৰিছে।
বিগত তিনিদিনত অনুষ্ঠিত ৰাজহুৱা বৈঠকৰ সময়ত আয়োগে ধৈৰ্য্যৰে নাগৰিক সমাজ আৰু সংগঠনৰ বিভিন্ন শ্ৰেণীৰ সকলো প্ৰতিনিধিৰ কথা শুনিছিল আৰু সাংবিধানিক আৰু বিধিগত বিধানৰ ভিতৰৰ সকলো প্ৰতিনিধিত্বৰ সঠিক বিবেচনাৰ আশ্বাস দিয়ে। শ্ৰী কুমাৰে লগতে কয় যে এয়া গঠনমূলক আলোচনা আৰু সকলোৰে বাবে অনুকূল এক পৰিৱেশ, যাৰ ফলত বিভিন্ন দৃষ্টিভংগী সম্পৰ্কে গভীৰভাৱে বুজি পোৱাৰ সুবিধা হয়।
জিলা ভিত্তিত প্ৰতিনিধিৰ সংখ্যাঃ
|
জিলা
|
প্ৰতিনিধিৰ সংখ্যা
|
জিলা
|
প্ৰতিনিধিৰ সংখ্যা
|
|
গোৱালপাৰা
|
৪৫
|
দৰং
|
১৮
|
|
বঙাইগাঁও
|
৫৮
|
হাইলাকান্দি
|
৬১
|
|
বৰপেটা
|
৭৮
|
কাচাৰ
|
১০৬
|
|
নলবাৰী
|
১৫
|
দক্ষিণ শালমৰা
|
০২
|
|
শোণিতপুৰ
|
৮২
|
নগাঁও
|
৬৫
|
|
কৰিমগঞ্জ
|
৫০
|
মৰিগাঁও
|
১৪
|
|
ধুবুৰী
|
৫১
|
কামৰূপ মহানগৰ
|
১৩
|
|
পশ্চিম কাৰ্বি আংলং
|
০১
|
চিৰাং
|
১৩
|
|
বাকসা
|
৩৭
|
কোকৰাঝাৰ
|
২৯
|
|
ডিমা হাচাও
|
০৫
|
ওদালগুৰি
|
৩২
|
|
কামৰূপ
|
৮৫
|
কাৰ্বি আংলং
|
০৪
|
|
তিনিচুকীয়া
|
১৬
|
ধেমাজি
|
৬১
|
|
লখিমপুৰ
|
৫৫
|
যোৰহাট
|
১৮
|
|
গোলাঘাট
|
১৪
|
শিৱসাগৰ
|
৩৬
|
|
ডিব্ৰুগড়
|
৬৮
|
মাজুলী
|
০৪
|
|
চৰাইদেউ
|
০৩
|
সংসদীয় সমষ্টিসমূহৰ সন্দৰ্ভত বিশেষ পৰামৰ্শৱলী
|
২০
|
|
অন্যান্য
|
৩৩
|
মুঠ
|
১১৯২
|
(रिलीज़ आईडी: 1941484)
आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English