ভাৰতীয় নিৰ্বাচন আয়োগ
অসমৰ সমষ্টিসমূহৰ পুনৰ্নিৰ্দ্ধাৰণ সম্পৰ্কীয় প্ৰস্তাৱ সন্দৰ্ভত নিৰ্বাচন আয়োগে গুৱাহাটীত ৰাজহুৱা শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে
प्रविष्टि तिथि:
19 JUL 2023 9:06PM by PIB Guwahati
ভাৰতৰ নিৰ্বাচন আয়োগে আজি অসমৰ বাবে ইয়াৰ সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণ প্ৰস্তাৱ সন্দৰ্ভত গুৱাহাটীত ইয়াৰ ৰাজহুৱা শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত শ্ৰী অনুপ চন্দ্ৰ পাণ্ডে আৰু শ্ৰী অৰুণ গোৱেলক লৈ গঠিত আয়োগে শুক্ৰবাৰলৈকে তিনিদিন ধৰি ৰাজনৈতিক দল, নাগৰিক সমাজ সংগঠন আৰু সমাজৰ অন্যান্য শ্ৰেণীৰ প্ৰতিনিধিসকলৰ শুনানি গ্ৰহণ কৰিছে।

প্ৰস্তাৱটো ২০২৩ চনৰ জুন মাহত প্ৰকাশ হোৱাৰ পিছত এই মাহৰ ১১ তাৰিখলৈকে দিহা-পৰামৰ্শ আৰু ওজৰ-আপত্তি বিচৰা কৰা হৈছিল। এই ছোৱা সময়ত ৭৮০ তকৈয়ো অধিক প্ৰতিনিধিগোটৰ পৰা পৰামৰ্শ আদি লাভ কৰা হৈছিল। সীমা পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত আয়োগৰ পৰামৰ্শমূলক অনুশীলনৰ অংশ হৈছে ৰাজহুৱা শুনানি।
জিলা অনুসৰি ৰাজহুৱা সভা আৰু ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকৰ সূচী:
|
তাৰিখ
|
বৈঠকৰ সূচী - জিলা অনুসৰি আৰু ৰাজনৈতিক দলসমূহ
|
ৰিপ্ৰেজেন্টেচন লাভ
|
|
১৯.০৭.২০২৩ (দুপৰীয়া ২ বজা)
|
কামৰূপ (এম), পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা, ডিমা হাচাও, কামৰূপ, কোকৰাঝাৰ, ওদালগুৰি, কাৰ্বি আংলং আৰু সংসদীয়
|
২৭০+
|
|
২০.০৭.২০২৩ (পুৱা ৯:৩০ বজাত)
|
গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ, কৰিমগঞ্জ, দৰং, হাইলাকান্দি কাছাৰ, দক্ষিণ শালমাৰা, নগাঁও, মৰিগাঁও আৰু ধুবুৰী
|
৪০০+
|
|
২০.০৭.২০২৩ (আবেলি ৩:৩০ বজাত)
|
ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দল
|
০৬
|
|
২১.০৭.২০২৩ (পুৱা ৯:৩০ বজাত)
|
তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলী
|
৯৫+
|
সীমানিৰ্ধাৰণ প্ৰস্তাৱটোৱে লোকসভা আসনৰ সংখ্যা ১৪ খন আৰু বিধানসভা আসনৰ সংখ্যা ১২৬খনতে সীমাবদ্ধ ৰাখিব বিচাৰিছে। অনুসূচিত জনজাতিসকলক ৰাজ্যিক বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত ১৯ খন আসন আৰু ১৪ খন লোকসভা আসনৰ ভিতৰত ২ খন আসন আৱণ্টন দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। অনুসূচিত জাতিসমূহক বিধানসভাত ০৯ খন আসন আৰু লোকসভাত এখন আসন আৱণ্টন দিয়া প্ৰস্তাৱ দিয়া হৈছে।

সীমানিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে আয়োগে ২০২৩চনৰ মাৰ্চ মাহত গুৱাহাটী ভ্ৰমণ কৰিছিল। সেই সময়ত ১১ টা ৰাজনৈতিক দল আৰু ৭১ টা সংগঠনৰ পৰা প্ৰতিনিধিত্ব লাভ কৰা হৈছিল। অসমত অন্তিমবাৰ সমষ্টি সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল ১৯৭৬ চনত।

(रिलीज़ आईडी: 1940855)
आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English