তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
গুৱাহাটীৰ এখন পুৰণি বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন
যুৱ প্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেন্ট্ৰেল ব্যুৰো অৱ কমিউনিকেচন, গুৱাহাটীয়ে এই প্ৰচেষ্টা হাতত লয়
গুৱাহাটীৰ বাসিন্দা শ্ৰী কৌশিক গুহে পুৱা চাইকেল চলোৱাৰ সময়ত যোৱা ৫২২ দিনত প্ৰতিদিনে এটাকৈ গছপুলি ৰোপণৰ কথা ব্যক্ত কৰে
Posted On:
06 JUN 2023 6:16PM by PIB Guwahati
চেন্ট্ৰেল ব্যুৰো অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত গুৱাহাটীৰ টি.চি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত স্বাধীনতা সংগ্ৰামীৰ লগতে মিছন লাইফৰ ওপৰত মনোমোহা ফটো পেনেল প্ৰদৰ্শন কৰা হয়।

প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল মুখ্য অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ পল্লৱী শৰ্মা। তেওঁ আজিৰ পৃথিৱীত পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। পৃথিৱী গ্ৰহত একক ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰতো তেওঁ আলোচনা কৰে।
আন এগৰাকী প্ৰেৰণাদায়ক বক্তা গুৱাহাটী বাসিন্দা শ্ৰী কৌশিক গুহে বিগত দুবছৰত সমগ্ৰ মহানগৰীত গছপুলি ৰোপণৰ এক অভিনৱ প্ৰয়াসৰ বিষয়ে অৱগত কৰে। তেওঁ দৰ্শকক বিশেষকৈ নৱ প্ৰজন্মক আবেগিকভাৱে সম্বোধন কৰি সৰু সৰু পছন্দক আকোৱালি ল’বলৈ আৰু উন্নত ভৱিষ্যতৰ বাবে বহনক্ষম জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰীমতী জেন নামচুৱে পৰিৱেশ দিৱসৰ উদযাপনৰ বাহিৰেও আমি দৈনিক প্ৰকৃতিৰ সৈতে গভীৰ সংযোগ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

টি.চি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমতী সুভলক্ষ্মী বৰুৱাই পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে দায়িত্ব লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বয়স বা পটভূমি যিয়েই নহওক কিয়, প্ৰতিজন ছাত্ৰই পৰিৱেশ সংৰক্ষণত কেনেদৰে সক্ৰিয়ভাৱে অৰিহণা যোগাব পাৰে তাৰ ওপৰত অন্তৰ্দৃষ্টিসম্পন্ন কৌশল আৰু ব্যৱহাৰিক টিপছ শ্বেয়াৰ কৰে।
উল্লেখ্য যে, টি চি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত বিশেষজ্ঞ, পৰিৱেশবিদ, আৰু উৎসাহী ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰি পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা গঢ়ি তোলা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কলা আৰু মুকলি কুইজৰ দৰে প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। এই উপলক্ষে চিবিচি, গুৱাহাটীৰ সাংস্কৃতিক দলসমূহে নিৰ্দিষ্ট বিষয় ভিত্তিক নাটক প্ৰদৰ্শন কৰে। পিআইবি, গুৱাহাটীৰ মিডিয়া এণ্ড কমিউনিকেচন বিষয়া(এমচিঅ’) শ্ৰীমতী স্মিতা শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱাৰ বিপৰীতে ক্ষেত্ৰ প্ৰদৰ্শনী বিষয়া (ফিল্ড এক্সিবিচন অফিচাৰ) শ্ৰীমতী হিৰামণি দাসে আদৰণি ভাষণত বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়।
PG/SM/MS
…………………..
(Release ID: 1930334)
Visitor Counter : 109