বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
আজি সামৰণি পৰিল পিএম গতিশক্তি সম্পৰ্কীয় চতুৰ্থ আঞ্চলিক কৰ্মশালাৰ
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আয়োজিত কৰ্মশালাত আঠখন ৰাজ্যৰ অংশগ্ৰহণ
Posted On:
25 MAR 2023 3:14PM by PIB Guwahati
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে(ডিপিআইআইটি) আয়োজন কৰা পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ সন্দৰ্ভত আয়োজিত দুদিনীয়া আঞ্চলিক কৰ্মশালাৰ আজি সামৰণি পৰে। অঞ্চলটোৰ আঠখন ৰাজ্যই এই চতুৰ্থ আঞ্চলিক কৰ্মশালাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৪০জনতকৈ অধিক বিষয়া আৰু উদ্যোগীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে।
সহযোগিতামুলক মনোভাৱেৰে আয়োজিত এই কৰ্মশালাসমূহে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন আৰু ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ ব্যাপক গ্ৰহণযোগ্যতাৰ সুবিধা প্ৰদান কৰিছে। এই কৰ্মশালাসমূহে অধিক শক্তিৰ সঞ্চাৰ কৰে আৰু বিভিন্ন অংশীদাৰৰ মাজত সহযোগিতা গঢ়ি তোলে, যাৰ ফলত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ মাজত পাৰস্পৰিক শিক্ষণ হয়।
কৰ্মশালাৰ প্ৰথম দিনৰ বিষয়বস্তু আছিল পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন আৰু দ্বিতীয় দিনৰ বিষয়বস্তু আছিল ৰাষ্ট্ৰীয় লজিষ্টিক নীতি।
কৰ্মশালাৰ দ্বিতীয় দিনা অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাকে ধৰি ৰাজ্যসমূহে নিজ নিজ ৰাজ্যিক লজিষ্টিক নীতিৰ সন্দৰ্ভত আলোকপাত কৰে৷
আসাম লজিষ্টিকছ এণ্ড ৱেৰহাউছিং পলিচি, ২০২২ৰ লক্ষ্য হৈছে অর্থনৈতিক কার্যকলাপত ব্যাপক অন্তর্ভুক্তিৰ উপৰি অঞ্চলটোত বহনক্ষমতা আৰু জলবায়ুৰ সুস্থিৰতাক উৎসাহিত কৰি ব্যক্তিগত বিনিয়োগক উদগনি যোগাই অত্যাধুনিক লজিষ্টিক আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে ৰাজ্যখনক আঞ্চলিক লজিষ্টিক হাব হিচাপে পুনৰ গঢ়ি তোলা৷ এই নীতিৰ জৰিয়তে লজিষ্টিক খণ্ডত প্ৰায় ১৫,০০০ লোকৰ বাবে নিয়োগৰ সুযোগ সম্ভৱ হ’ব।
মণিপুৰ সংহত লজিষ্টিক নীতি, ২০২২ৰ বৈশিষ্ট্য হৈছে লজিষ্টিক পাৰ্কৰ দৰে ঔদ্যোগিক পাম আৰু পৰ্যাপ্ত গুদামৰ সুবিধাৰ সৈতে সক্ৰিয় অংশীদাৰসকলৰ জড়িত কৰা আৰু আন্তঃগাঁথনিৰ জৰিয়তে বাণিজ্যিক সুবিধা প্ৰদানেৰে ব্যৱসায় কৰাৰ সহজ পৰিৱেশৰ উন্নয়ন সাধন কৰা৷
মিজোৰাম ৰাজ্যিক লজিষ্টিক নীতি, ২০২২ত লজিষ্টিক উন্নয়নৰ ৰোড মেপ তিনিটা পৰ্যায়ত নিৰ্ধাৰণ কৰা হৈছে, য’ত ক্ৰমে, বিভিন্ন অৰ্থনৈতিক অঞ্চলৰ স্থানীয় সংযোগ আৰু নিয়ন্ত্ৰণ পৰিকাঠামো গঢ় দিয়া, সংহত লজিষ্টিক তথ্য ব্যৱস্থাৰ উন্নয়ন সাধন ব্যৱস্থা আৰু সীমান্ত অঞ্চলক বিশ্ব লজিষ্টিক নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে।
ত্ৰিপুৰা ৰাজ্যিক লজিষ্টিক নীতিয়ে চাহ, ৰবৰ, কৃষি আৰু সংশ্লিষ্ট সামগ্ৰীৰ উৎপাদন, স্বাস্থ্য আৰু শিক্ষা, কৌশল বিকাশ আৰু ইভি আৰ্কিটেক্সাৰ, বিত্তীয় উদ্গনিৰ দৰে ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু সামগ্ৰী মজুতকৰণৰ বাবে এক কেন্দ্ৰ হিচাপে সংহত কেন্দ্ৰ নিৰ্মাণ, ট্ৰাক টাৰ্মিনেল আৰু চালকৰ জিৰণিৰ সুবিধাৰ উন্নয়ন সাধনৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰে৷
ভাৰত চৰকাৰৰ ডিপিআইআইটিৰ লজিষ্টিক বিভাগৰ বিশেষ সচিব শ্ৰীমতী সুমিতা দাওৰাৰ বক্তব্যৰে কৰ্মশালাৰ সামৰণি পৰে৷
সমগ্ৰ দেশতে এনএমপিৰ ওপৰত অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনিৰ জিআইএছ-ডাটা স্তৰৰ মেপিং কৰাৰ ব্যাপক কাম-কাজ, সঁজুলি আৰু এপৰ বিকাশ সাধন আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দিয়া প্ৰশিক্ষণৰ বাবে বিছাগ-এনে (BISAG-N) কাৰিকৰী সহায়ক বিশেষ প্ৰশংসা প্ৰকাশ কৰে৷
গোৱাত ২০ ফেব্ৰুৱাৰী, ২০২৩ত মধ্য আৰু পশ্চিম মণ্ডলৰ বাবে প্ৰথম আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হয়। দক্ষিণ অঞ্চলৰ নখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশগ্ৰহণেৰে ১০ আৰু ১১ মাৰ্চ, ২০২৩ত কোচিত দ্বিতীয়খন আঞ্চলিক কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়৷ উত্তৰ অঞ্চলৰ আঠখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশগ্ৰহণেৰে শ্ৰীনগৰত ১৭ আৰু ১৮ মাৰ্চত তৃতীয় আঞ্চলিক কৰ্মশালাখন অনুষ্ঠিত হয়। ২৪ আৰু ২৫ মাৰ্চত গুৱাহাটীত চতুৰ্থখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত কৰা য়৷ এতিয়ালৈকে মত বিনিময় কৰ্মশালাত ৩০খনতকৈও অধিক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱা হৈছে। ২০২৩ চনৰ এপ্ৰিল মাহৰ আৰম্ভণিতে পঞ্চমখন আঞ্চলিক কৰ্মশালাৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
********
(Release ID: 1910754)
Visitor Counter : 145